আভিযান্ত্ৰিক আশ্চৰ্য ‘আঞ্জি খাদ দলং’

ভাৰতৰ প্ৰথমখন কেবল ৰে'ল ব্ৰীজ

0 23

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ জুলাই: দলংখনক আভিযান্ত্ৰিক আশ্চৰ্য বুলি কোৱা হৈছে। এইখন জম্মু-কাশ্মীৰত নিৰ্মাণ সম্পূৰ্ণপ্ৰায় ভাৰতীয় ৰে’লৱেৰ প্ৰথমখন কেবল ষ্টেড ৰে’ল দলং। উত্তৰ ৰে’লৱেৰ উধামপুৰ-শ্ৰীনগৰ-বৰমুল্লা ৰে’ল লিংক (ইউএছবিআৰএল) অংশৰ অঞ্জি খাদৰ এটা দুৰ্গম অঞ্চলত নিৰ্মাণ কৰা হৈছে দলংখন। চৰকাৰী কংকন ৰে’লৱে কৰ্পৰেচন লিমিটেডে নিৰ্মাণ কৰি আছে দলংখন। ৩৩১ মিটাৰ উচ্চতাৰ এই দলংখনে জম্মু-কাশ্মীৰৰ কটৰা আৰু ৰিয়াছি উপত্যকাক সংযোগ কৰিব। নিৰ্মাণ প্ৰক্ৰিয়া আৰু ইয়াৰ নিৰ্মাণ প্ৰযুক্তিৰ লগত জড়িত বিভিন্ন বাধাৰ বাবে এই দলংখনক ইঞ্জিনিয়াৰিঙৰ আশ্চৰ্য বুলি কোৱা হয়।1657336583274 শেহতীয়াকৈ কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে শ্বেয়াৰ কৰিছে এই দলঙৰ শিহৰণকাৰী ফটো। লগে লগে ভাইৰেল হৈ পৰিছে দেশৰ প্ৰথমখন কেবল ৰে’ল দলং। একক পাইল বা স্তম্ভৰ ওপৰত নিৰ্মাণ হৈছে অঞ্জি খাদ দলং। এই পাইলৰ উচ্চতা নদীৰ জলপৃষ্ঠৰ পৰা ৩৩১ মিটাৰ। দলংখনৰ দৈৰ্ঘ্য ৪৬৩.২৫ মিটাৰ। পাইলনটো বহল ৯৪.২৫ মিটাৰ। এলেকাটোৰ ভূতাত্ত্বিক জটিলতাৰ বাবে ইয়াত এখন তোৰণ দলং নিৰ্মাণ কৰাটো সম্ভৱ নহ’ল। পাইলনৰ কাৰ্যক্ষমতা বৃদ্ধিৰ বাবে ‘জাম্প শ্বাটাৰিং’ আৰু ‘পাম্প কংক্ৰিটিং’ৰ দৰে ব্যৱস্থা ব্যৱহাৰ কৰা হৈছে। ৰে’ল মন্ত্ৰালয়ৰ মতে, এই প্ৰযুক্তিসমূহে এফালে শ্ৰমিকসকলক অধিক সুৰক্ষা প্ৰদান কৰাৰ লগতে নিৰ্মাণৰ সময় প্ৰায় ৩০ শতাংশ হ্ৰাস কৰিছে। এই দলংখনৰ বিভিন্ন স্থানত অসংখ্য চেন্সৰ স্থাপন কৰা হৈছে। এইবোৰৰ থাকিব সংহত নিৰীক্ষণ ব্যৱস্থা। আঞ্জি খাদ দলংখন এনেদৰে ডিজাইন কৰা হৈছে যে প্ৰচণ্ড বতাহ বলিলেও দলংখনৰ কোনো ক্ষতি নহয়। মন কৰিবলগীয়া যে উধামপুৰ-শ্ৰীনগৰ-বৰমুল্লা ৰে’ল লিংক বা ইউএছবিআৰএল প্ৰকল্পটো জম্মু-কাশ্মীৰৰ এটা অংশত নিৰ্মাণ কৰা হৈছে য’ত প্ৰায় সমতল ভূমি নাই। ফলত ভাৰতীয় ৰে’লৱেই এখনৰ পাছত আনখন দলং আৰু ৰে’ল লাইনৰ বাবে সুৰংগ নিৰ্মাণ কৰিব লগা হৈছে। লগতে নিৰ্মাণস্থলীলৈ বিভিন্ন নিৰ্মাণ সামগ্ৰী আৰু গধুৰ যন্ত্ৰপাতি পৰিবহণৰ সুবিধাৰ বাবে যোগাযোগ পথৰ নেটৱৰ্ক গঢ়ি তুলিছে। এইদৰে ৰে’ল মন্ত্ৰালয়ে জম্মু-কাশ্মীৰত এটা সুৰংগ আৰু এখন দলংসহ প্ৰায় ২০০০ কোটি টকা ব্যয় সাপেক্ষে ২০৫ কিলোমিটাৰতকৈ অধিক পথ নিৰ্মাণ কৰিছে। ইউএছবিআৰএল প্ৰকল্পত ৰেছি জিলাৰ চেনাব নদীৰ ওপৰত এখন দলং নিৰ্মাণৰ কামো আছে। চেনাব দলংখন বিশ্বৰ আটাইতকৈ ওখ ৰে’ল দলং। আইফেল টাৱাৰতকৈ ৩৫ মিটাৰ দীঘল, ১.৩ কিলোমিটাৰ দীঘল। ইউএছবিআৰএল প্ৰকল্পৰ বাবে মুঠ ২৬৯৯৯ কোটি টকা অনুমোদন কৰা হৈছে। এই প্ৰকল্পৰ জৰিয়তে কাশ্মীৰ উপত্যকাক জম্মুৰ লগতে ভাৰতৰ অন্যান্য প্ৰান্তৰ সৈতে ৰে’ল সংযোগৰ সৈতে সংযোগ কৰা হ’ব। এই প্ৰকল্পত নিৰ্মাণ কৰা ৰেলপথৰ দৈৰ্ঘ্য ২৬২ কিলোমিটাৰ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More