আলফাত সদস্যভৰ্তিৰ প্ৰচেষ্টা : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আলফাৰে যোগাযোগ ৰখাৰ অভিযোগত তিনিচুকীয়াত বোৱাৰীসহ ধৃত ২

0 15

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৪ আগষ্ট : সুদীৰ্ঘ ৭ বছৰৰ ব্যৱধানত দেশৰ স্বাধীনতা দিৱসৰ দিনটো এইবাৰ সৰ্বাত্মক বন্ধ ঘোষণা কৰা আলফাই ১৫ আগষ্টৰ সময়ছোৱাত কূটাঘাতমূলক কাৰ্য্য সংঘটিত কৰাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে তিনিচুকীয়া জিলাত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰি তোলাৰ সময়তে গোপন সূত্ৰে প্ৰাপ্ত তথ্যৰ ভিত্তিত নিষিদ্ধ ঘোষিত সংগঠনটোৰ সৈতে সম্পৰ্ক ৰখাৰ অভিযোগত তিনিচুকীয়া আৰক্ষীয়ে জিলাখনৰ পানীতোলা অঞ্চলৰ পৰা আটক কৰিছে এগৰাকী মহিলাসহ ২ ব্যক্তিক ৷ ধৃত ২ ব্যক্তি ক্ৰমে পানীতোলা নগাঁৱৰ বোৱাৰী মৃনালী গগৈ আৰু সৌৰভ চেতিয়া বুলি প্ৰকাশ ৷ প্ৰথম পৰ্য্যায়ত সোধাপোছাৰ কাৰণে আৰক্ষীয়ে চাৰিজনক আটক কৰিছিল যদিও আন দুজনক পাছত মুকলি কৰি দিয়া হয় ৷ তিনিচুকীয়াৰ উপ-আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ বৰাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি আলফা সদস্য অভিজিৎ গগৈ ওৰফে আইছেং অসমৰ সৈতে মৃনালী গগৈৰ দুবছৰ ধৰি যোগাযোগ আছিল ৷ ফেচবুক, টেলিগ্ৰাম আৰু স্কাইপ এপৰ জৰিয়তে আলফা সদস্যজনৰে মৃনালীয়ে যোগাযোগ ৰক্ষা কৰিছিল ৷ মৃনালী গগৈৰ জৰিয়তে অভিজিৎ গগৈ ওৰফে আইছেং অসমে আলফাত নতুন সদস্য ভৰ্তি কৰিবলৈ বিচাৰিছিল বুলি প্ৰকাশ ৷ আৰক্ষীৰ সূত্ৰমতে ১৬ আগষ্টৰ দিনা মৃনালী গগৈৰ জৰিয়তে সৌৰভ চেতিয়াৰ লগতে আন কেইবাজনকো আলফাৰ শিবিৰলৈ নিয়াৰ বাবে প্ৰস্তুতি চলোৱা হৈছিল ৷ এইকথা সৌৰভ চেতিয়াই স্বীকাৰ কৰা বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷ বাকীসকলে যিহেতু নিজাববীয়াকৈ যোগাযোগ কৰা নাই আৰু তেনে কোনো প্ৰতিক্ৰিয়াও পোৱা নাই সেইবাবে আন দুজনক মুকলি কৰি দিয়া হৈছে ৷ অৱশ্যে তেওঁলোকক আৰক্ষীৰ নজৰত ৰখা হৈছে ৷ আনহাতে মৃনালী গগৈ আৰু সৌৰভ চেতিয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ৷ ইফালে তেওঁলোকৰ জৰিয়তে কিবা কূটাঘাতমূলক কাৰ্য্য সংঘটিত কৰাৰ আলফাই পৰিকল্পনা কৰিছিল নেকি বুলি সাংবাদিকে কৰা প্ৰশ্নত আৰক্ষী বিষয়াজনে কয় যে বিগত সময়ছোৱাত আলফাই লিংকমেনৰ জৰিয়তে কূটাঘাত সংঘটিত কৰাৰ নজিৰ আছে ৷ গতিকে এতিয়াও তেনে সন্দেহ একেবাৰে নুই কৰিব পৰা নেযায় ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More