আলফাৰে সম্পৰ্ক তিনিচুকীয়া আৰক্ষীয়ে বাংগালুৰুৰ পৰা আটক কৰিলে শদিয়াৰ যুৱকক

0 21
শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ১৫ জুলাইঃ  তিনিচুকীয়া জিলাৰ কাকপথাৰৰ দ-পথাৰ মাজগাঁৱত বিগত ১ জুলাইত সেনা, আৰক্ষীৰ সৈতে সংঘটিত সংঘৰ্ষত নিহত দুধৰ্ষ আলফা(স্বা) কেডাৰ জ্ঞান অসম ওৰফে সন্তোষ গগৈৰ লগত ঘনিষ্ঠ সম্পৰ্ক ৰখাৰ অভিযোগত তিনিচুকীয়া আৰক্ষীয়ে বাংগালুৰুৰ পৰা আটক কৰিছে শদিয়াৰ ৰঞ্জিত গগৈ নামৰ যুৱকজনক । বাংগালুৰুত কৰ্মৰত ৰঞ্জিত গগৈয়ে নিহত আলফা নেতা জ্ঞান অসমৰ সৈতে ধনৰ লেনদেনত জড়িত থকা বুলি অভিযোগত প্ৰকাশ। আটকাধীন ৰঞ্জিত গগৈক লৈ তিনিচুকীয়া আৰক্ষীৰ দলটো বৃহস্পতিবাৰে নিশা সদৰ থানাত উপস্থিত হোৱাৰ পাছত তিনিচুকীয়া আৰক্ষীৰ শীৰ্ষ বিষয়াই অধিক তথ্যৰ বাবে দীৰ্ঘ সময় তেওঁক জেৰা কৰে। উল্লেখ্য যে কাকপথাৰৰ সংঘৰ্ষত নিহত হোৱা জ্ঞান অসমৰ সৈতে ধনৰ লেনদেনৰ অভিযোগত আৰক্ষীয়ে জিলাখনৰ বৰডুমছাৰ অৰুণ গোঁহাই নামৰ এজন লোকক কৰায়ত্ব কৰিছিল । ইয়াৰ পাছত অৰুণৰ বেংক একাউণ্টলৈ ধন প্ৰেৰণ কৰা শদিয়াৰ ৰঞ্জিত গগৈ নামৰ বাংগালুৰুত ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত যুৱকজনক তিনিচুকীয়া আৰক্ষীয়ে কৰায়ত্ব কৰে ।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More