আশ্চৰ্যজনক ‘মহাজাগতিক দৃশ্য’

বিজ্ঞানেও দিব পৰা নাই ব্যাখ্যা

0 29
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ জুনঃ নিখুঁত এক মহাজাগতিক ঘটনাৰ সাক্ষী হৈ ৰ’ল আন্তর্জাতিক স্পেচ ষ্টেচনৰ সদস্যসকল। আন্তর্জাতিক মহকাশ ষ্টেশনৰ পৰা এক অস্বাভাৱিক বা মহাজাগতিক ঘটনাৰ ফটো তুলি ধৰিছে এজন ৰাছিয়ান মহাকাশচাৰীয়ে। যদিও সেই ফটোখনৰ ব্যাখ্যা এতিয়ালৈকে কোনেও দিব পৰা নাই। ফটোখনৰ অস্তিত্বক লৈ প্রশ্ন উঠিবলৈ আৰম্ভ কৰিছে। প্রথমবাৰলৈ আন্তর্জাতিক মহাকাশ ষ্টেচনৰ এখন জালনাত সৃষ্টি হৈছে বৰফৰ স্ফটিক। এনেকৈয়ে দাবী কৰি ৰাছিয়ান মহাকাশচাৰী ছের্গেই কৰচাকভ ফটোখন শ্ৱেয়াৰ কৰিছে। আৰু সেই ফটোখন দ্রুততৰে ভাইৰেল হৈছে। মহাকাশ ষ্টেচনৰ যি জালনাৰে এই দৃশ্য দেখা গৈছে সেয়া ৰাছিয়ানসকলৰ অধীনত। চ’ছিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলৰ প্রশ্ন— কিদৰে এইজাতীয় বৰফৰ স্ফটিক সৃষ্টি হ’ব পাৰে মহাকাশত? বৰফৰ স্ফটিকৰ ফটোখন টুইট কৰাৰ সময়ত ছের্গেই কেপচনত লিখিছে— স্পেচ ষ্টেচনৰ জালনাত স্পেচ ফ্রেষ্টৱর্ক। অর্থাৎ বৰফৰ কাজ। মহাকাশচাৰীয়ে ছেয়াৰ কৰা ফটোখনক লৈ ব্যৱহাৰকাৰী আৰু বিজ্ঞানীসকলৰ মাজত আলোচনা আৰম্ভ হৈছে। বিশেষজ্ঞসকলে একাধিক ব্যাখাও দিছে। IFLScience-ৰ লগত হোৱা এক সাক্ষাৎকাৰত লিভাৰপুল বিশ্ববিদ্যালয়ৰ গ্লেচিঅ’লজিষ্ট ডক্টৰ জেমচ লিয়াই কৈছে যে, সম্পূৰ্ণ বৃত্ত কেনেকৈ সৃষ্টি হৈছে তাৰ স্পষ্ট কোনো ব্যাখ্যা নাই। জলনাৰ কাঁচৰ তাপমাত্রা গ্রিডিয়েন্টৰ ফলাফলৰ কাৰণে এইজাতীয় ‘বস্তু’ সৃষ্টি হৈছে। এনে হ’ব পাৰে বুলি তেওঁ মত ব্যক্ত কৰিছে। IFLScienceৰ প্ৰতিবেদনত কোৱা হৈছে যে, নাছা আৰু ইউৰোপীয় স্পেচ এজেন্সি আৰু জাপানী স্পেচ এজেন্সিৰ লগত যুক্ত আন্তর্জাতিক মহাকাশ ষ্টেচনৰ সদস্যসকলে এই বিষয়ে কোনো মন্তব্য কৰা নাই। কাৰণ এইটো ৰাশিয়াৰ ৰচকোচমচৰ অধীনত আছে। ৰাছিয়াৰ ইউক্রেইন যুদ্ধৰ কাৰণে ৰাছিয়াৰ লগত অধিকাংশ দেশৰ দূৰত্ব বাঢ়িছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More