আসন্ন নতুন বছৰত চন্দ্ৰলৈ যাব এটা দল, দলৰ কোনোৱেই কিন্তু বিজ্ঞানী নহয়

এই অভিযান এসপ্তাহৰ বাবে। অৱশ্যে তাৰিখ এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই। এই গ্ৰুপৰ সকলোৱে নতুন বছৰটোলৈ আগ্ৰহেৰে বাট চাই আছে। আৰু ভাবি আছে— কেতিয়া মহাকাশযানখনত উঠিব!

0 16

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ ডিচেম্বৰ : জাপানৰ কোটিপতি ইউছাকু মেজাৱাই প্ৰকাশ কৰিছে ৮ জন লোকৰ নাম। যিসকলক লৈ ন্দ্ৰলৈ যাবলৈ এটা দল গঠন কৰা হ’ব। যিসকল চন্দ্ৰ অভিযানত হ’ব তেওঁৰ সংগী। অহা বছৰ স্পেচএক্স মহাকাশযানে এই অভিযান আৰম্ভ কৰিব। তেওঁৰ লগত আছে পপষ্টাৰ টি.অ’.পি, আমেৰিকান ডিজে ষ্টিভ আওকি আদি। এই অভিযান এসপ্তাহৰ বাবে। অৱশ্যে তাৰিখ এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই। মেজাৱাই প্ৰকল্পটোক এটা নামো দিছে— #dearMoon । হেচটেগ ডিয়েৰমুন। কিন্তু তেওঁলোকৰ কোনোৱেই চন্দ্ৰত ভৰি নিদিব। চন্দ্ৰক প্ৰদক্ষিণ কৰিয়েই পৃথিৱীলৈ উভতি আহিব। আমেৰিকাৰ ডিজে ষ্টিভ আওকিয়ে কয় যে তেওঁ আৰু ৰ’ব পৰা নাই; তেওঁ মাথোঁ সেই দিনবোৰলৈ আগ্ৰহেৰে বাট চাই আছে।

63139316 605

ইউছাকু মেজাৱা, পপষ্টাৰ টি.অ’.পি., আমেৰিকান ডিজে ষ্টিভ আওকিৰ উপৰি দলটোত আছে সৃষ্টিশীল কৰিঅ’গ্ৰাফাৰ য়েমি এডি, ফটোগ্ৰাফাৰ ৰিয়ানা এডাম, ইউটিউবাৰ টিম ডড, ফটোগ্ৰাফাৰ কৰিম ইলিয়া, চলচ্চিত্ৰ নিৰ্মাতা ব্ৰেণ্ডন হল, অভিনেতা দেৱ ডি যোশী। বেকআপ ক্ৰু হিচাপে আমেৰিকাৰ অলিম্পিয়ান স্নোবৰ্ডাৰ কেটলিন ফেৰিংটন আৰু জাপানী নৃত্যশিল্পী মিউ। এওঁলোক কিন্তু সকলো সকলো কোটিপতি নহয়। বিশাল ধনী নহয়। তালিকাখনলৈ চালে দেখা যায় যে তেওঁলোক বিভিন্ন স্তৰৰ পৰা আহিছে। আনুষংগিক সূত্ৰ অনুসৰি অহা ৫০ বছৰত কেৱল বিজ্ঞানীয়েই নহয়, যিকোনো ব্যক্তিয়ে মহাকাশলৈ যাব পাৰিব। টকাৰ বিনিময়ত এয়া সম্ভৱ হ’ব।

117363062 gettyimages 1047841562.jpg

ইউছাকু মেজাৱাই এই দলটো কিয় বাছনি কৰিছে?

মেজাৱাই কয় যে এই কামটো সহজ নাছিল। লাখ লাখ আবেদনৰ পৰা তেওঁ এই কামটো কৰিবলগীয়া হৈছে। প্ৰথম অৱস্থাত তেওঁ আৰু আওকিৰ মাজত বন্ধুত্ব গঢ় লৈ উঠিছিল। বয়সৰ ফালৰ পৰা তেওঁৰ ওচৰ-চুবুৰীয়া। মনৰ চিন্তাবোৰো একেই। এতিয়া সকলোৱে আগ্ৰহেৰে বাট চাই আছে নতুন বছৰটোলৈ। এতিয়া তেওঁলোকৰ একমাত্ৰ চিন্তা হৈছে— সপোনটোৱে কেতিয়া এই পাৰ্থিৱ জগতৰ বান্ধোনৰ পৰা আঁতৰি অন্ততঃ কিছুদিন হ’লেও মহাকাশৰ অসীম শূন্যতাত ভ্ৰমিব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More