আহি আছে পৰৱর্তী মহামাৰী ! উৎস— হিমবাহ

0 60

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ অক্টোবৰ : কৰ’না ভাইৰাছে মানুহক উপলব্ধি কৰাইছে যে যিকোনো দিনতেই এই পৃথিৱীত যিকোনো ঘটনাই ঘটিব পাৰে। এটা ভাইৰাছে সমগ্ৰ মানৱ জাতিক প্ৰায় দুবছৰ গৃহবন্দী কৰি ৰাখিছিল। Covid-19ৰ আগমনৰ পূৰ্বে এই পৰিস্থিতি মানুহৰ বাবে কল্পনাতীত আছিল। অৱশ্যে এতিয়া সম্পূৰ্ণ নহ’লেও পৰিস্থিতি অতি স্বাভাৱিক। কিন্তু ইয়াৰ মাজতে বিজ্ঞানীসকলে পৰৱৰ্তী মহামাৰীৰ কথা চিন্তা কৰিবলৈ আৰম্ভ কৰিছে। তেওঁলোকে আশংকা কৰিছে যে পৰৱৰ্তী মহামাৰী বাদুলি বা নিগনি একোৰে পৰা নহ’ব। বৰঞ্চ হিমবাহ গলনৰ পৰাই হ’ব পাৰে। বিজ্ঞানীসকলে গোলকীয় উষ্ণতা বৃদ্ধিৰ এটা ভয়াৱহ দিশ আৱিষ্কাৰ কৰিছে। সমগ্ৰ বিশ্বতে জলবায়ু পৰিৱৰ্তনৰ বাবে হিমবাহবোৰ দ্ৰুতগতিত গলিবলৈ ধৰিছে। তাত থকা মাটিৰ জিনীয় বিশ্লেষণত দেখা গৈছে যে হিমবাহবোৰ দ্ৰুতগতিত গলি যোৱাৰ ফলত ভাইৰাছ বিয়পি পৰাৰ সম্ভাৱনা আছে। ‘ভাইৰাছ স্পিল অভাৰ’ হৈছে এনে এক প্ৰক্ৰিয়া যাৰ দ্বাৰা ভাইৰাছে সংক্ৰমণ বিয়পোৱাৰ বাবে প্ৰয়োজন অনুসৰি নিজৰ চৰিত্ৰ সলনি কৰিব পাৰে। ৰয়েল ছ’চাইটিত প্ৰকাশিত এখন আলোচনীৰ মতে, পৃথিৱীত জলবায়ুৰ এই দ্ৰুত পৰিৱৰ্তনৰ ফলত ভাইৰাছে নিজৰ চৰিত্ৰ অতি ক্ষিপ্ৰতাৰে সলনি কৰিব পাৰিব, যাৰ ফলত ভাইৰাছবোৰ মানুহলৈ বিয়পাত সহজ হ’ব আৰু বেছিভাগ ক্ষেত্ৰতেই সেই ভাইৰাছবোৰৰ চৰিত্ৰ বিষাক্ত হ’ব। বিজ্ঞানীসকলে পৰীক্ষাৰ বাবে বিশ্বৰ সৰ্ববৃহৎ মিঠা পানীৰ জলাশয় ‘লেক হেজেন’ৰ পৰা মাটি আৰু পলসৰ নমুনা সংগ্ৰহ কৰিছিল। সেই মাটিত থকা অজ্ঞাত ভাইৰাছৰ বিভিন্ন চৰিত্ৰ পৰীক্ষা কৰি তেওঁলোক এই সিদ্ধান্তত উপনীত হৈছে। ইয়াৰ পূৰ্বে ২০২১ চনত হিমবাহৰ পানী আৰু মাটি পৰীক্ষা কৰি থাকোঁতে বিজ্ঞানীসকলে ৩৩ প্ৰকাৰৰ জমা হোৱা ভাইৰাছৰ লেখ-জোখ পাইছিল। এই ভাইৰাছবোৰ প্ৰায় ১৫ হাজাৰ বছৰ পুৰণি বুলি অনুমান কৰা হৈছে। তাতোকৈ আশ্চৰ্যজনক কথাটো হ’ল যে ৩৩টা ভাইৰাছৰ ভিতৰত ২৮টা ভাইৰাছেই নতুন। অৰ্থাৎ এইবোৰৰ সংক্ৰমণৰ প্ৰকৃতি বা নিৰাময়ৰ বিষয়ে বিজ্ঞান এতিয়াও অজ্ঞাত। তিব্বতৰ হিমবাহত পোৱা গৈছিল এই নতুন ভাইৰাছ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More