উত্তৰ লখিমপুৰ, ২৭ ফেব্ৰুৱাৰী : সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰ জিলাতো ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ যোগ্য হিতাধিকাৰী সকলৰ আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত চলি আছে ই- কে ৱাই চি অভিযান। উল্লেখ্য যে জিলাখনত মুঠ ৭,০০,২৩৭ জন হিতাধিকাৰী আছে আৰু বৰ্তমানলৈকে ১,৪৯,৪১৬ গৰাকী হিতাধিকাৰীয়েহে “আয়ুস্মান ভাৰত” কাৰ্ড লাভ কৰিছে। বাকী থকা হিতাধিকাৰীয়ে যাতে অহা ২৫ মাৰ্চৰ ভিতৰত এই কাৰ্ড লাভ কৰে তাৰে বাবে জিলা প্ৰশাসনে প্ৰচেষ্টা অব্যাহত ৰাখিছে। লখিমপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) গীতালী দুৱৰাই জানিবলৈ দিয়া অনুসৰি অসম গ্ৰামীন জীৱিকা অভিযানৰ অধীনৰ বেংক সখী, বীমা সখী, স্বাস্থ্য বিভাগৰ আশা কৰ্মী, আশা চুপাৰভাইজাৰ, এম পি ডব্লিও আদিয়ে ঘৰে ঘৰে গৈ এই কাৰ্ড প্ৰস্তুতকৰণৰ কাম কৰি আছে। সেয়েহে অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে হিতাধিকাৰীসকলক এই কাৰ্ডৰ বাবে নিজ নিজ অঞ্চলৰ বেংক সখী, বীমা সখী, স্বাস্থ্য বিভাগৰ আশা কৰ্মী, আশা চুপাৰভাইজাৰ, এম পি ডব্লিও সকলৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। ইয়াৰোপৰি জিলাখনৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ সমূহৰ লগতে সুলভ মূল্যৰ দোকান সমূহত এই কাৰ্ড প্ৰস্তুত কৰণৰ কাম হৈ আছে। উল্লেখ্য যে ৰেচন কাৰ্ড প্ৰাপ্ত প্ৰতিগৰাকী হিতাধিকাৰিয়েই এই কাৰ্ডৰ বাবে যোগ্য। এই কাৰ্ড প্ৰাপ্ত প্ৰতিগৰাকী হিতাধিকাৰীৰ বাবদ চৰকাৰে বছৰি ৫ লাখ পৰ্যন্ত চিকিৎসা ব্যয় বহন কৰিব।লখিমপুৰ জিলাৰ এই আঁচনিৰ অধীনৰ তালিকাবদ্ধ চিকিৎসালয় সমূহ হল ক্ৰমে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়, বিহপুৰীয়া সামূহিক স্বাস্থ্য কেন্দ্ৰ, ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়, বঙালমৰা সামূহিক স্বাস্থ্য কেন্দ্ৰ, লখিমপুৰ কেন্সাৰ চেণ্টাৰ, নাওবৈছা সামূহিক স্বাস্থ্য কেন্দ্ৰ, লালুক মডেল হস্পিটেলৰ লগতে ব্যক্তিগত চিকিৎসা প্ৰতিষ্ঠান ক্ৰমে অৱনীশ হস্পিতাল, ডাঃ দাস হস্পিতাল এণ্ড ৰিচাৰ্চ চেণ্টাৰ, লখিমপুৰ আই হস্পিতাল, মিড টাউন হস্পিটেল এণ্ড ৰিচাৰ্চ ইনষ্টিটিউট, নৰ্থ ইষ্ট নাৰ্চিং হোম আৰু সৌমাৰপীঠ নাৰ্চিং প্ৰা.লি ।
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.