আৰক্ষীৰ অভিযানত দুধৰ্ষ এটিএম লুটকাৰী গ্ৰেপ্তাৰ

0 6

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২মেঃ তেজপুৰৰ ডেকাৰগাঁৱত যোৱা জানুৱাৰী মাহত এটা এটিএম লুটৰ ঘটনাৰে জড়িত মূল খলনায়কক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ আজি তেজপুৰত শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে প্ৰকাশ কৰা অনুসৰি,চিৰাং জিলাৰ টেকাই মাৰী চুলিকটাৰ চফিয়াল হকৰ পুত্ৰ নবীৰ ইছলামক চিৰাঙৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে৷উল্লেখযোগ্য যে,এই দুধৰ্ষ এটিএম চোৰে ব্যৱহাৰ কৰা এইচ আৰ ২৬বিই ৮৪৯৩ নম্বৰৰ এখন স্কৰপিঅ’ কমলপুৰৰ পৰা উদ্ধাৰ কৰা হৈছে৷ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি,ডেকাৰগাঁৰ এটিএম লুটৰ সময়ৰ পৰা পলাতক অৱস্থাত থকা এই দুধৰ্ষ এটিএম লুটকাৰীৰ বিষয়ে গোপন সুত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত তেজপুৰৰ পৰা যোৱা আৰক্ষীৰ অভিযানকাৰী দলে চিৰাঙৰ পানবাৰী আৰক্ষীৰ সহযোগত যোৱা নিশা নবীৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ আজি বিয়লি তেজপুৰৰ শালনীবাৰী আৰক্ষী চকী আহি পোৱা নবীৰৰ স’তে হাৰিয়ানাৰ আন এক সহযোগী থকাৰ বিষয়ে আৰক্ষীৰ আগত স্বীকাৰ কৰিছে এই দুধৰ্ষ এটিএম লুটকাৰীয়ে৷এটিএম লুটৰ মাষ্টাৰমাইণ্ড নবীৰৰ নেতৃত্বতে ইয়াৰ পূৰ্বে গোৱালপৰাত এটা এটিএমৰ পৰা ১০লাখ টকা লুটি নিয়াৰ উপৰি ডিব্ৰুগড়তো এটিএম লুট কৰিছিল৷ সম্প্ৰতি নবীৰক অধিক সোধাপোছা অব্যাহত আছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More