আৰ্জিত ধনৰ ৯৯ শতাংশই মানৱ কল্যাণৰ হকে দান দিব বিশ্বৰ অন্যতম ধনী ৱাৰেন বাফেটে

বাফেটৰ সৈতে দুপৰীয়াৰ এসাঁজ নিলামৰ প্ৰাৰম্ভিক মূল্য ২৫,০০০ ডলাৰ

0 21
ৰাণু বৰুৱা
যোৱা শুকুৰবাৰে এক সংবাদ শিৰোনামলৈ আহিছিল বিশ্বৰ এগৰাকী অন্যতম ধনাঢ্য ব্যক্তি ৱাৰেন বাফেটৰ নাম। বিশ্বৰ ধনী ব্যক্তিৰ তালিকাৰ পঞ্চম স্থানত থকা ৱাৰেন বাফেটক সেইদিনা ভাৰতৰ গৌতম আদানিয়ে স্থানচ্যুত কৰি তেওঁক ষষ্ঠ স্থানলৈ অৱনমিত কৰিছিল। কিন্তু তেওঁৰ নাম কালি আকৌ এবাৰ সীমিত সংখ্যক সংবাদ মাধ্যমত উচ্চাৰণ হৈছে অৱশ্যে আন এটা সুকীয়া উপলক্ষত। বিখ্যাত বিনিয়োগকাৰী প্ৰতিষ্ঠান Berkshire & Hathaway ৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া ৱাৰেন বাফেটে মানৱ সেৱাৰ বাবে ধন সংগ্ৰহ অভিযানৰ অংশ হিচাপে ২০০০ চনৰ পৰাই প্ৰতিবছৰে তেওঁৰ সৈতে ব্যক্তিগত ভাৱে এসাঁজ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ বিনিময়ত ধন সংগ্ৰহৰ এক নিলাম কাৰ্যসূচীৰ আয়োজন কৰি আহিছে। দানবীৰ হিচাপে সুখ্যাতি লভা ৯১ বছৰীয়া ৱাৰেন বাফেটে জীৱনত বোধকৰোঁ অন্তিম বাৰৰ বাবে এই বছৰ এনে এটা নিলাম কাৰ্যসূচীৰ কথা কালি ৰাজহুৱা কৰিছে। উল্লেখযোগ্য যে, এই কাৰ্যসূচীৰ জড়িয়তে বাফেটে ২০০০ চনৰ পৰা ২০১৯ চনলৈকে প্ৰায় ৩৪.৫ নিযুত ডলাৰ ধন সংগ্ৰহ কৰিছে। অৱশ্যে ২০২০ আৰু ২০২১ চনত ক’ভিড মহামাৰীৰ বাবে এই অনুষ্ঠানৰ আয়োজন কৰা হোৱা নাছিল। ইয়াৰ পৰা সংগৃহীত ধন তেওঁ প্ৰতিবছৰে ছানফ্ৰান্সিছকোৰ গ্লাইড ফাউণ্ডেছন নামৰ এটা স্বেচ্ছাসেৱী সংগঠনক দান দি আহিছে। গ্লাইড ফাউণ্ডেছন নামৰ এই সংগঠনটোৱে কেলিফ’ৰ্ণিয়াৰ ঘৰ-বাৰী নথকা নিৰাশ্ৰয় লোকসকলৰ মঙ্গলৰ হকে আশ্ৰয় গৃহ, খাদ্য, শিক্ষা, স্বাস্থ্য ইত্যাদি বিভিন্ন ক্ষেত্ৰত কাম কৰি আহিছে।
      ২০১৯ চনত শেষবাৰৰ বাবে আয়োজন কৰা এনে এক অনুষ্ঠানত ৱাৰেন বাফেটৰ সৈতে দুপৰীয়া এসাঁজ আহাৰ গ্ৰহণ কৰাৰ সৌভাগ্য ঘটিছিল ক্ৰিপ্ত’কাৰেন্সিৰ এজন বাটকটীয়া জাষ্টিন ছানৰ। সেইবাৰ তেওঁ আহাৰ সাঁজৰ বাবে পৰিশোধ কৰিবলগীয়া হৈছিল ৪,৫৬৭,৮৮৮ এমেৰিকান ডলাৰ ! সম্ভৱতঃ অন্তিম বাৰৰ বাবে এইবছৰ ৱাৰেন বাফেটৰ লগত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ কাৰ্যসূচীৰ ebay নিলাম প্ৰক্ৰিয়া আৰম্ভ হ’ব ১২ জুনৰ পৰা আৰু সমাপ্ত হ’ব জুনৰ ১৭ তাৰিখে। নিলামৰ প্ৰাৰম্ভিক মূল্য হৈছে ২৫,০০০ ডলাৰ। নিলামত সৰ্বোচ্চ ধন পৰিশোধ কৰা বিজয়ী গৰাকীয়ে নিউয়ৰ্ক চিটিৰ Smith & Wollensky steak house ত ৱাৰেন বাফেটৰ লগত একেলগে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব। বিজয়ী গৰাকীয়ে অৱশ্যে লগত সাতজন আত্মীয় বা বন্ধু-বান্ধৱক আহাৰ গ্ৰহণৰ বাবে নিব পাৰিব।
    ধন যেনেদৰে আৰ্জন কৰিছে তেনেদৰে দুয়োহাত উজাৰি আৰ্জিত ধনৰ অধিকাংশই ৱাৰেন বাফেটে মানৱ কল্যাণৰ বাবেই দান দি আহিছে। ২০২১ চনত Berkshire & Hathaway ত থকা তেওঁৰ কিছু অংশীদাৰিত্ব বিক্ৰী কৰি ৪.১ বিলিয়ন ডলাৰ ধন পাঁচোটা স্বেচ্ছাসেৱী সংগঠনক দান দিয়ে। আৰ্জিত ধনৰ ৯৯ শতাংশই মানৱ কল্যাণৰ হকে দান দি যোৱাৰ সংকল্প তেওঁ ইতিমধ্যে ঘোষণা কৰিছে। তেওঁ আনকি নিজৰ পুত্ৰ-কন্যাৰ বাবেও এই বৃহৎ পৰিমাণৰ ধন সঞ্চিত কৰি যোৱাৰ পক্ষপাতী নহয়। এই প্ৰসঙ্গতে বাফেটে এবাৰ তেওঁৰ প্ৰতিষ্ঠানৰ অংশীদাৰসকলক উদ্দেশ্যি কোৱা কথাষাৰ প্ৰণিধানযোগ্য। তেওঁ কৈছিল, “After much observation of super wealthy families, here’s my recommendations: Leave the children enough so that they can do anything, but not enough that they can do nothing.” যোৱা শুকুৰবাৰৰ তথ্য অনুযায়ী ৱাৰেন বাফেটৰ মুঠ সম্পত্তিৰ পৰিমাণ আছিল ১২১.৭ বিলিয়ন ডলাৰ।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More