আৰ্জেণ্টিনাই কিনিব ভাৰতৰ যুদ্ধ বিমান ‘তেজচ’

0 23

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ আগষ্ট : দিনবোৰ পাৰ হৈ যোৱাৰ লগে লগে সমগ্ৰ বিশ্বতে ভাৰতৰ শেহতীয়া যুঁজাৰু বিমান তেজচ যুঁজাৰু বিমানৰ চাহিদা বৃদ্ধি পাইছে, যি বিমান সম্পূৰ্ণ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত। ইতিমধ্যে ফিলিপাইনছ, মালয়েছিয়া, আমেৰিকাৰ দৰে দেশসমূহে এই যুঁজাৰু বিমানবিধ ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। আনকি কেন্দ্ৰীয় চৰকাৰে মালয়েছিয়াক তেজচ যুদ্ধ বিমান বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছে। অৱশ্যে এতিয়া সেই তালিকাখন বাঢ়িবলৈ ধৰিছে। জনা গৈছে যে আৰ্জেণ্টিনাই তেজচ যুদ্ধ বিমান ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। এই প্ৰসংগত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰই জনাইছে যে আৰ্জেণ্টিনাই নিজৰ বায়ুসেনাক আধুনিকীকৰণৰ উদ্দেশ্যে তুলনামূলকভাৱে লঘু ওজনৰ তেজচ যুঁজাৰু বিমানখন বাছি লৈছে। উল্লেখযোগ্য যে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে যোৱা ২৫ আগষ্টত আৰ্জেণ্টিনাৰ বৈদেশিক মন্ত্ৰী ছান্টিয়াগো কেফিয়েৰোৰ আমন্ত্ৰণত দুদিনীয়া ভ্ৰমণলৈ ৰাওনা হৈছিল। যোৱা ২৬ আগষ্টত দুয়োখন দেশৰ বৈদেশিক মন্ত্ৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰিছিল। ইয়াৰ পিছতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে আৰ্জেণ্টিনাই থলুৱা প্ৰযুক্তিৰে নিৰ্মিত শেহতীয়া তেজচ যুঁজাৰু বিমান ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। তেজচ যুদ্ধ বিমানৰ উপৰি জি-২০ মিত্ৰজোঁটৰ ৰাষ্ট্ৰপতি পদৰ বাবে ভাৰতৰ দাবীক আৰ্জেণ্টিনাই সমৰ্থন কৰিব বুলিও খবৰ ওলাইছে। উল্লেখ্য যে তেজচ যুদ্ধ বিমান HAL (হিন্দুস্তান এৰোনটিক্স লিমিটেড)ৰ দ্বাৰা নিৰ্মিত। বায়ুসেনাত বৰ্তমানৰ মিগ-২১ বিমানসমূহৰ ঠাই তেজচমূহে ল’ব। ২০২০ চনত প্ৰায় ২০ হাজাৰ ফুট উচ্চতাত ৰাছিয়াত নিৰ্মিত এখন ‘আই এল-৭৮’ ইন্ধন ভৰোৱা বিমানত বায়ুৰ মাজত ইন্ধন ভৰোৱা হৈছিল। কেৱল সেয়াই নহয়, তেজচে ইতিমধ্যে একাধিক কঠিন পৰীক্ষা সফলতাৰে ক্লিয়াৰ কৰিছে। সৰ্বোপৰি লঘু তেজচ যুঁজাৰু বিমানখন অতিশয় শক্তিশালী মিছাইল কঢ়িয়াব পৰাকৈ সক্ষম। ইয়াৰ বাহিৰেও এই উন্নত যুঁজাৰু বিমানবোৰে শত্ৰুৰ দৃষ্টিৰ পৰা আঁতৰত থাকিলেও নিৰ্দিষ্ট লক্ষ্যত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিব পাৰে। মন কৰিবলগীয়া যে, ইয়াৰ পূৰ্বে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কৈছিল যে অষ্ট্ৰেলিয়া, ইজিপ্ত, আমেৰিকা, ইণ্ডোনেছিয়া আৰু ফিলিপাইনছে মালয়েছিয়াৰ উপৰি থলুৱা প্ৰযুক্তিৰে নিৰ্মিত এই যুঁজাৰু বিমানবিধ ক্ৰয় কৰিব বিচাৰে। এতিয়া সেই তালিকাত আনুষ্ঠানিকভাৱে লেটিন আমেৰিকাৰ দেশ আৰ্জেণ্টিনাৰ নাম সংযোজন কৰা হৈছে।IMG 20220824 WA0001

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More