ইউক্ৰেইনৰ শেষৰটো ‘দুৰ্গ’ত ৰাছিয়াৰ অভিযান! পতনৰ পথত আন এখন ডাঙৰ চহৰ

0 32

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৪ জুলাই : চাৰিমাহতকৈ অধিক সময় ধৰি ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ চলি আছে। ৰাছিয়াৰ আগ্ৰাসনৰ ফলত ইউক্ৰেইনৰ বিভিন্ন চহৰ কাৰ্যতঃ ধ্বংস হৈছে। কিন্তু ৰাছিয়াৰ সেনাই এতিয়াও ইউক্ৰেইন সম্পূৰ্ণৰূপে দখল কৰিব পৰা নাই। এই প্ৰেক্ষাপটত ভ্লাদিমিৰ পুটিনৰ দেশখনে ইউক্ৰেইনৰ আন এখন গুৰুত্বপূৰ্ণ চহৰ দখল কৰাৰ দিশে আগবাঢ়িছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ এজন উপদেষ্টাই চহৰখন ধ্বংস হোৱাৰ আশংকা কৰিছে। যোৱা মাহত ৰাছিয়াৰ বাহিনীয়ে চেভাৰস্কি ডনেস্ক নদীৰ সিপাৰৰ চেভেৰ’ডনেস্ক দখল কৰিছিল। ৰাছিয়াৰ কেইবাটাও সংবাদ মাধ্যমে দাবী কৰিছে যে, পুটিনৰ সেনাই লিছিচানস্ক চহৰৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰিছে। কিন্তু দখল কৰিব পৰা নাছিল। ৰাছিয়াৰ সংবাদ মাধ্যমৰ ভিডিঅ’ ফুটেজত দেখা গৈছে যে, লুহানস্কৰ সৈন্যই লিচিচানস্কৰ ৰাজপথত টহল দি আছে। যদিও ইউক্ৰেইনৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষাৰ মুখপাত্ৰ ৰুছলান মুজিচুকে দেশখনৰ সংবাদ মাধ্যমত দাবী কৰিছিল যে, চহৰখন এতিয়াও তেওঁলোকৰ নিয়ন্ত্ৰণত আছে। আনহাতে জেলেনস্কিৰ উপদেষ্টা অলেক্সি আৰেষ্ট’ভিচে কয় যে, ৰাছিয়াৰ বাহিনীয়ে ইতিমধ্যে চেভাৰস্কি ডনেস্ক নদী পাৰ হৈছে। উত্তৰ দিশৰ পৰা চহৰৰ ফালে আগবাঢ়িছে। তেওঁৰ মতে, এদিন বা দুদিন পিছত ছবিখন স্পষ্ট হৈ পৰিব। ৰাছিয়াৰ সৈতে যুঁজিবলৈ কিয়েভে পশ্চিমীয়া দেশসমূহৰ পৰা অস্ত্ৰ-শস্ত্ৰ বিচাৰিছে। জেলেনস্কিৰ উপদেষ্টাসকলৰ মতে, পশ্চিমৰ পৰা অধিক অস্ত্ৰ-শস্ত্ৰ আহি পোৱাৰ লগে লগে যুদ্ধক্ষেত্ৰৰ ছবি সলনি হ’ব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More