১) ইকাৰিয়া (Icaria), গ্রীচ২) অকিনাৱা (Okinawa) জাপান৩) চার্ডিনিয়া (Sardinia), ইটালি৪) লোমা লিণ্ডা (Loma Linda), আমেৰিকা৫) নিকয়া (Nicoya Peninsula) কস্তুৰিকা।
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
দাদুল দেৱকৃষ্ণ বৰুৱা
পৃথিৱীত এনে পাঁচটা অঞ্চল বা এলেকা আছে য’ত গড় আয়ুসতকৈ বেছিদিন বাচি থকা মানুহৰ সংখ্যা তুলনামূলকভাৱে আন ঠাইতকৈ বহু বেছি। Gianni Pes আৰু Michel Poulain-এ এনেধৰণৰ পাঁচটা নীল মণ্ডল বা Blue zones বিচাৰি উলিয়াইছে। উক্ত পাঁচখন ঠাই বা পাঁচটা মণ্ডল এনেধৰণৰ—
আনহাতে এটা দশকতকৈ অধিক কাল গৱেষণা আৰু পৰ্যবেক্ষণ চলাইছিল Dan Buettner-এ পৃথিৱীৰ এই পাঁচ আশ্চৰ্যকৰ ঠাইত, য’ত ১০০ বছৰতকৈ অধিক আয়ুস লাভ কৰা মানুহৰ সংখ্যা সৰ্বাধিক। National Geographic Societyৰ সহযোগত চলোৱা এই অধ্যয়ন আৰু নিৰীক্ষণৰ অন্তত তেওঁ লিখি উলিয়াইছে The Blue Zones Solution শীৰ্ষক বিখ্যাত কিতাপখন। ‘শতাব্দ’ৰ পাঠকৰ বাবে সংক্ষিপ্ত ৰূপত আগবঢ়াম নীল মণ্ডলৰ অন্তৰ্গত উল্লিখিত পাঁচখন ঠাইৰ কিছু কথা। আজি তাৰেই প্ৰথম ভাগ ‘ইকাৰিয়া’।
ইকাৰিয়া হৈছে গ্ৰীচৰ এটা সৰু দ্বীপ। Icaria অথবা Ikaría (গ্রীক বানান Ικαρία )। ঐতিহ্য অনুযায়ী গ্রীক পৌৰাণিক কাহিনীত দাদল (Daedalus)ৰ পুত্র ইকাৰাচ (Icarus)ৰ নাম অনুসৰি দ্বীপটোৰ নাম ইকাৰিয়া হয়। বিশ্বাস কৰা হয় যে, ইকাৰাচ এতিয়াও ইকাৰিয়া দ্বীপৰ কাষৰীয়া সমুদ্রৰ মাজত পৰি আছে ! সেয়া সুকীয়া কাহিনী। কিছু দীঘলীয়া। সেয়ে এই লেখাত সামৰিব বিচৰা নাই।
প্রাচীন আৰু মধ্যযুগীয় ধ্বংসাৱশেষ এতিয়াও দ্বীপটোত বিদ্যমান। ২৫৪ বর্গ কিলোমিটাৰজুৰি বিস্তৃত ইকাৰিয়াৰ মানুহে যেন মৃত্যুকো পাহৰি পেলাব পাৰিছে ! ক’ব পাৰি ‘অমৰত্ব’ৰ ৰহস্য যেন ভেদ কৰি নিজৰ কামত খটুৱাইছে ইকাৰিয়াৰ আবাসীয়ে!
বিস্ময়েৰে ভৰা এই দ্বীপৰ মানুহৰ গড় আয়ুস ১০০ বছৰ। এশ বছৰ বয়স মানেই চকুৰ আগত কুঞ্চিত চাল, ক্ষীণ দৃষ্টি, লাঠি ধৰি চকীত বহি থকাৰ যি ছবি ফুটি উঠে, তাৰ লগত কিন্তু ইকাৰিয়াৰ বাসিন্দাসকলৰ কোনো মিল পোৱা নাযায়। ১০০ বছৰতো লাখুটি-নির্ভৰ নহয় এই ঠাইৰ বাসিন্দা। পাহাৰীয়া খটখটি অকলেই বগাই, উঠি যায় চিৰি বগাই গির্জালৈ। শয্যাশায়ী, মৰণোন্মুখ কৰ্কট ৰোগীও এই ঠাইলৈ আহি সুস্থ হৈ উঠিব পাৰে বিনা চিকিৎসাত ! তাৰ পিছতো নিৰোগী হৈ কটাব পাৰে অনেক বছৰ ! ইমানেই যাদু আছে এই দ্বীপত। যেনেদৰে ঘটিছিল ইকাৰিয়াৰ বাসিন্দা ষ্টেমাটিচ মোৰাইটিচৰ লগত। দীর্ঘদিনৰ বাবে ষ্টেমাটিচে ইকাৰিয়া এৰি গৈছিল। পত্নী আৰু সন্তানৰ সতে আমেৰিকাৰ ফ্লৰিদাত থাকিবলৈ লৈছিল। ১৯৭৬ চনৰ কথা। এদিন হঠাৎ ভীষণ অসুস্থ হৈ পৰিল তেওঁ। উশাহ লোৱাত কষ্ট পোৱা বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চিকিৎসকসকলে পৰীক্ষা-নিৰীক্ষা কৰি জনাই দিলে— হাওঁফাওঁৰ কৰ্কট ৰোগত ভুগিছে তেওঁ। আৰু মাত্র ন মাহ আয়ুস আছে বুলিও জনাই দিয়া হ’ল ষ্টেমাটিচক। তেতিয়া তেওঁৰ বয়স ৬০ বছৰ। জীৱনৰ শেষ সময়খিনি তেওঁ ইকাৰিয়াত শৈশৱৰ বন্ধুবৰ্গৰ লগত কটাব বিচাৰিলে। পত্নীৰ লগত ইকাৰিয়ালৈ উভতি আহিল তেওঁ। তালৈ অহা কেইমাহমানৰ ভিতৰতে যেন তেওঁৰ জীৱন ঘড়ীৰ কাঁটা উল্টা দিশত চলিবলৈ আৰম্ভ কৰিছিল। ক্রমে সুস্থ বোধ কৰিবলৈ আৰম্ভ কৰিলে তেওঁ। শয্যাশায়ী মানুহজন অকলেই চলা-ফিৰা কৰিব পৰা হ’ল। আনকি নিজৰ মাটিত খেতি কৰিবও পৰা হ’ল ! ৯০ বছৰপর্যন্ত বাচি আছিল তেওঁ।
এনে ধৰণৰ ভুৰি ভুৰি উদাহৰণ আছে। ১০০ পাৰ কৰা ইকাৰিয়াৰ বাসিন্দা গ্রেগৰী চাহাচে ৭০ বছৰ ধৰি দিনে অন্ততঃ ২০টা চিগাৰেট সেৱন কৰে। তৎসত্ত্বেও এবাৰ এপেনডিচাইটিছ সংক্রমণক বাদ দি আৰু কোনো অসুখে গোটেই জীৱনত চুব পৰা নাই তেওঁক।
National geographicৰ সহযোগত ইকাৰিয়াৰ চিৰ তৰুণ লোকসকলৰ ৰহস্য ভেদৰ বাবে যোৱা Dan Buettnerএ The Newyork Times Megazineৰ ২০১২ চনৰ ৮ অক্টোবৰৰ সংখ্যাত প্ৰকাশ পোৱা The Island Where People Forget to Die শীৰ্ষক এক দীঘলীয়া লেখা লিখিছিল। য’ত উল্লেখ কৰিছে ইকাৰিয়ানসকলৰ দৈনন্দিন জীৱনৰ সকলো দিশ।
ইকাৰিয়াৰ বাসিন্দাসকল আজিও ঘড়ীৰ ওপৰত নির্ভৰশীল নহয়। ব্যৱসায়ীসকলে নিজৰ ইচ্ছানুসৰি দোকান-পোহাৰ খোলে। লাঞ্চৰ বাবে নিমন্ত্রিত অতিথি দুপৰীয়া ১২টাতো আহিব পাৰে অথবা সন্ধিয়া ৬টাতো আহিব পাৰে। ইয়াত সকলো নিজৰ মর্জিৰ মালিক। কাৰো কোনো সমস্যা নাই বুলিবই পাৰি। ক্ষুদ্ৰ এই দ্বীপত সকলো এটা পৰিয়ালৰ দৰেই বাস কৰে। টাকা-পইচাক লৈ কোনেও মূৰ নঘমায়। আৰু সেয়ে ইয়াত জীৱন ভীষণভাৱে ষ্ট্ৰেচমুক্ত।
অধিক শাক-পাচলি আৰু ফল খায় তেওঁলোকে। ফাষ্ট ফুড একেবাৰেই নচলে ইয়াত। মাছ-মাংসও খুব কম পৰিমাণে খায় ইয়াৰ বাসিন্দাসকলে। মাছ ধৰা, খেতি কৰা, পশুপালন আদিয়েই ইয়াৰ মানুহৰ মূল জীৱিকা। আৰু পাহাৰীয়া এলেকা হোৱা বাবে সুকীয়াকৈ শৰীৰ চর্চাৰো প্রয়োজন নহয়। দৈনন্দিন কামৰ মাজেৰেই কচৰৎ সম্পূর্ণ হয়।
ইকাৰিয়ানসকলে স্থানীয় মদ খায়। কিন্তু পৰিমাণে কেতিয়াও দুগিলাছ অতিক্রম নকৰে। ৰাতি বিছনাত পৰাৰ আগেয়ে তেওঁলোকে এক বিশেষ ধৰণৰ এন্টি-অক্সিডেন্ট বনৌষধি চাহ খায়। কোনো ষ্ট্ৰেচ নথকাৰ কাৰণে তেওঁলোকৰ নিদ্ৰাও পর্যাপ্ত হয়, যি শৰীৰ সুস্থ ৰখাৰ অন্যতম উপায়।
ভাবি অবাক লাগিলেও সত্য যে, বয়সে তেওঁলোকৰ যৌৱনত চাপ পেলাব নোৱাৰে। সেয়ে ৮০ শতাংশ ইকাৰিয়ানে ৬৫ৰ পৰা ১০০ বছৰতো সম্পূর্ণ সুস্থ আৰু স্বাভাৱিক যৌন জীৱনপর্যন্ত উপভোগ কৰে। University of Athensৰ এক গৱেষণাত পোহৰলৈ আহিছে এই তথ্য।
বিশ্বৰ সৰ্বাধিক শতায়ুৰ সংখ্যা বৰ্তি থকাটো এই দ্বীপত কেনেদৰে সম্ভৱ হৈছে? কিয় ইয়াৰ মানুহ কম অসুখত ভোগে? বিশ্বত ভয়ানক হাৰত বাঢ়ি থকা কৰ্কট আৰু হৃদৰোগ ইয়াৰ বাসিন্দাসকলৰ মাজত দেখা নাযায়, সেইটো কিদৰে সম্ভৱ? এনেবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি প্রচুৰ গৱেষণাও হৈছে। গৱেষণাত বাৰম্বাৰ তেওঁলোকৰ জীৱন শৈলীৰ বিষয়টো উঠি আহিছে। তেওঁলোকৰ চিন্তামুক্ত জীৱনযাত্রা, খাদ্যাভাস আৰু সর্বোপৰি এই দ্বীপৰ জলবায়ু— এই তিনিটা কাৰকৰ বাবেই ‘মৃত্যুক পাহৰি পেলাইছে’ এওঁলোকে; এনেদৰেই অনুমান কৰিছে বিজ্ঞানীসকলে।
পৰৱৰ্তী লেখা