ইচ্ছাকৃতভাৱে ভোটদান নকৰা বিষয়া-কৰ্মচাৰীক চিনাক্ত কৰিব নিৰ্বাচন আয়োগে

0 17

শতাব্দ বিশেষ প্ৰতিনিধি, ১১ জুন : লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন সমূহত ভোটদানৰ হাৰ বৃদ্ধিৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগে এইবাৰ এটা সুকীয়া পন্থা অৱলম্বনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই অনুযায়ী নিৰ্বাচন আয়োগে এতিয়া দেশখনৰ জিলা সমূহৰ নিৰ্বাচনী বিষয়াসকলৰ যোগেদি সকলো চৰকাৰী, অৰ্ধচৰকাৰী, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আৰু ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান সমূহলৈ এখন পত্ৰ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ৫০০ বা ততোধিক কৰ্মচাৰী থকা বিভাগ বা প্ৰতিষ্ঠান সমূহলৈ প্ৰেৰণ কৰিবলগীয়া এই পত্ৰখনৰ যোগেদি যিসকল বিষয়া-কৰ্মচাৰীয়ে ভোটদান সাব্যস্ত নকৰে তেওঁলোকৰ ওপৰত দৃষ্টি ৰাখিবলৈ একোজনকৈ ন’ডেল বিষয়া নিয়োগ কৰিবলৈ নিৰ্বাচন আয়োগে আহ্বান জনাব। নিৰ্বাচন আয়োগৰ মতে, বহুতো বিষয়া-কৰ্মচাৰীয়ে নিৰ্বাচনৰ দিনা ভোটদানৰ বাবে নৈমিত্তিক ছুটী লয় যদিও ভোটদান সাব্যস্ত নকৰে, বিশেষকৈ নগৰীয়া অঞ্চলত ইয়াৰ প্ৰৱণতা অধিক। ইচ্ছাকৃতভাৱে ভোটদান নকৰা এইসকল কৰ্মচাৰীক পাছত নিৰ্বাচন আয়োগে অনুষ্ঠিত কৰা বিশেষ ভোটদানৰ সজাগতা সভা বা কৰ্মশালা সমূহলৈ প্ৰেৰণ কৰিবলৈ বিভাগ বা প্ৰতিষ্ঠান সমূহক আহ্বান জনোৱা হ’ব। উল্লেখযোগ্য যে, ১৯৫১ চনৰ জন প্ৰতিনিধিত্ব আইনৰ ১৩৫ (খ) ধাৰা অনুযায়ী যিকোনো প্ৰতিষ্ঠানত কৰ্মৰত ভোটাধিকাৰ থকা লোকক দৰমহা সহ ছুটীৰ ব্যৱস্থা দিয়া হৈছে। তদুপৰি ভোটগ্ৰহণৰ দিনটো ১৮৮১ চনৰ Negotiable Instruments Act ৰ ২৫ নং ধাৰা অনুযায়ী কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে দৰমহা সহ বন্ধৰ দিন ঘোষণা কৰে। তথাপি কৰ্মচাৰীসকলে ভোটাধিকাৰ সাব্যস্ত নকৰাত ভাৰতৰ নিৰ্বাচন আয়োগ উদ্বিগ্ন হৈ পৰিছে। ভোটাধিকাৰ সাব্যস্ত কৰাৰ সন্দৰ্ভত ধাৰাবাহিক ভাৱে সজাগতা কাৰ্যসূচী হাতত লোৱা স্বত্বেও নগৰীয়া অঞ্চল সমূহত ভোটদানৰ হাৰ হ্ৰাস পোৱাটো চিন্তনীয় বিষয় হৈ পৰিছে। উদাহৰণ স্বৰূপে ২০১৯ চনৰ লোকসভাৰ নিৰ্বাচনত মুঠ ভোটদানৰ হাৰ আছিল মাথোন ৬৭.৪০ শতাংশ। অসমৰ ধুবুৰীত সৰ্বাধিক ৯০.৬৬, পশ্চিমবঙ্গৰ বিষ্ণুপুৰত ৮৭.৩৪ আৰু অৰুণাচল পূব সমষ্টিত ৮৭.০৩ শতাংশ ভোটদানৰ বিপৰীতে শ্ৰীনগৰত ১৪.৪৩, অনন্তনাগত ৮.৯৮, হায়দৰাবাদত ৪৪.৮৪ আৰু পাটনা চাহিবত ৪৫.৮০ শতাংশহে ভোটদান হৈছিল। ইতিমধ্যে নিৰ্বাচন আয়োগে জিলা নিৰ্বাচনী বিষয়াসমূহক প্ৰতিটো বিধানসভা সমষ্টিৰ ভোটদানৰ হাৰ নিম্ন হোৱা পাঁচটা বুথ চিনাক্ত কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আয়োগৰ তৰফৰ পৰা এই বুথ সমূহত ভোটদানৰ হাৰ নিম্ন হোৱা সম্পৰ্কে বিশ্লেষণ চলাই কাৰণসমূহ প্ৰতিকাৰৰ ব্যৱস্থা কৰা হ’ব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More