ব্যাস সংগীতৰ শিল্পী ইচ্ছাৰাম বৰুৱালৈ ধৰ্মদেৱ বিপ্ৰ বঁটা

0 36

শতাব্দ প্ৰতিনিধি, মঙ্গলদৈ ২০ এপ্রিল : দৰঙৰ এগৰাকী ৮৯ বৰ্ষীয় ব্যাস সংগীতৰ শিল্পীলৈ আজি ঘোষণা কৰা হৈছে তনুৰাম ৰাজবংশী (শাস্ত্ৰী) সোঁৱৰণী ধৰ্মদেৱ বিপ্ৰ বঁটা। দৰং জিলা লোক-শিল্পী কল্যাণ নিধিয়ে ২২ এপ্ৰিলত দেওমৰনৈ শ্ৰীশ্ৰীশিয়ালা বৈষ্ণৱ সত্ৰৰ দেউল মহোৎসৱত প্ৰদান কৰিব বঁটাটো। লোক-শিল্পী কল্যাণ নিধিৰ হৈ শিল্পী মকট হাজৰিকাই আজি সদৰী কৰা অনুসৰি, চলিত বৰ্ষৰ বাবে এই বঁটা লাভ কৰিছে দৰঙৰ চেঙেলীয়াঝাৰ চৌমখাৰ ইচ্ছাৰাম বৰুৱাই। লক্ষণীয় যে, ১৯৩৩ চনত চেঙেলীয়াঝাৰ চৌমখাত জন্ম গ্ৰহণ কৰা ইচ্ছাৰাম বৰুৱাই প্ৰথম শ্ৰেণীলৈ শিক্ষা গ্ৰহণ কৰি পিছলৈ ওজাপালিৰে জড়িত হয়। দৰঙত সততে ওজাপালি বিশেষকৈ সভাগোৱা অথবা ব্যাসৰ ওজাপালি বছৰটোৰ চ’ত মাহৰ পৰা জেঠ মাহলৈহে আমন্ত্ৰিত হোৱা হেতুকে বছৰৰ বাকী সময় কৃষি বা অন্যান্য কামত জড়িত হৈ পৰে। বৰুৱায়ো কৃষিক জীৱন নিৰ্বাহৰ পথ হিচাপে লৈ আহিছে যদিও ব্যাস সংগীতৰ সাধনাৰ উপৰি ১২ বছৰ বয়সৰ পৰাই নাগাৰা নাম আৰু বেণ্ড পাৰ্টীৰ লগতো জড়িত হৈ পৰে। বিগত ৫০/৬০ বছৰে শিল্পী প্রয়াত গোবিন্দ্ৰ বৰুৱাৰ মূল ডাইনাপালি হিচাপে দৰঙৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত ওজাপালি প্ৰদৰ্শন কৰি আহিছে। শিল্পী জীৱনত বৰুৱাই আকাশবাণীকে ধৰি ভিন্ন মাধ্যমত নিয়মীয়াকৈ ওজাপালি প্ৰদৰ্শন কৰি আহিছে যদিও কোনোদিনে চৰকাৰী সাহায্য অথবা শিল্পী পেন্সন লাভ কৰিবলৈ সমৰ্থ হোৱা নাই। স্বাভাৱিকতে শতায়ু গৰকিবলৈ আগবঢ়া লোকশিল্পী গৰাকীলৈ দৰং জিলা লোক-শিল্পী কল্যাণ নিধিয়ে বঁটা ঘোষণা কৰি শিল্পীসত্তাক স্বীকৃতি প্ৰদান কৰা বুলি চৰ্চিত হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More