ইলোৰা বিজ্ঞান মঞ্চৰ স্মৃতি দিৱসত ‘স্বপ্নদ্ৰষ্টা জীতেন চুণ্ডী সোঁৱৰণী ন্যাস’ গঠনৰ ঘোষণা

চলিত বৰ্ষত মেধাৱী শিক্ষাৰ্থী বৰষা হাচদালৈ বঁটা

0 45

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ ২২ মাৰ্চঃ অসমৰ এটা পশ্চাদপদ জনগোষ্ঠীৰ সন্তান হৈ মানৱতাবাদৰ বিশালতাক স্পৰ্শ কৰিব পৰা বহল চেতনাৰ ব্যক্তি আছিল জীতেন চুণ্ডী৷ নিজৰ চিন্তা চেতনাৰে প্ৰতিষ্ঠিত হৈয়ো সমাজৰ আৰ্তজনৰ কল্যাণৰ হকে নিজকে প্ৰতিটো মুহূৰ্তত নিয়োজিত কৰা জীতেন চুণ্ডী প্ৰকৃততে মানুহক ভাল পোৱা লোক আছিল বুলি আজি তৃতীয় স্মৃতি দিৱসৰ দিনটোত তেজপুৰৰ অসমীয়া ক্লাবত মন্তব্য কৰে দৰং মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক ডঃ কংকন ডেকাই৷ উল্লেখ্য যে, ২০২০ বৰ্ষৰ আজিৰ দিনটোতে অৰ্থাৎ ২২ মাৰ্চত পৰলোকপ্ৰাপ্তি ঘটা বিশিষ্ট বামপন্থী নেতা, তেজপুৰৰ জ্যেষ্ঠ আইনজ্ঞ তথা সমাজকৰ্মী জীতেন চুণ্ডীৰ স্মৃতিত আজি ইলোৰা বিজ্ঞান মঞ্চই তেজপুৰৰ অসমীয়া ক্লাবত আয়োজন কৰে এক বিশেষ স্মৃতিচাৰণ আৰু বক্তৃতা প্ৰদান অনুষ্ঠান৷ এই অনুষ্ঠানত ‘ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত শোণিতপুৰৰ অৱদান’ শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰাৰ পূৰ্বেই দৰং মহাবিদ্যালয়ৰ অধ্যাপক ডঃ কংকন ডেকাই জীতেন চুণ্ডীৰ প্ৰসংগত উল্লিখিত মন্তব্য কৰাৰ পিছত নিৰ্দিষ্ট বিষয়ৰ ওপৰত কয়- স্বাধীনতা আন্দোলনৰ বহুমাত্ৰিক চৰিত্ৰ অনুধাৱনৰ জৰিয়তেহে শোণিতপুৰৰ স্বাধীনতা আন্দোলনৰ ইতিহাসৰ ইতিহাস ৰচনা কৰা প্ৰয়োজন৷ অসম এচোচিয়েচনৰ পৰা আৰম্ভ হোৱা বৃত্ৰিছৰ ছত্ৰছায়াতে থাকি কৃপাধণ্য হৈ কৰা আন্দোলনৰ পৰা ফালৰি কাটি আহি বৃটিছৰ প্ৰতি সংঘৰ্ষমূলক আন্দোলনৰ পাতনি মেলা প্ৰথমগৰাকী ব্যক্তি আছিল শোণিতপুৰ তথা তেজপুৰৰ কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা৷ একেদৰে শোণিতপুৰৰে অমিয় কুমাৰ দাস, পুস্পলতা দাস, লক্ষ্মীধৰ শৰ্মা, বিজয় চন্দ্ৰ ভাগৱতী আদি স্বাধীনতা আন্দোলন নেতৃবৃন্দই কেৱল শোণিতপুৰকে নহয় সমগ্ৰ অসমৰ আন্দোলনকে নেতৃত্ব প্ৰদান কৰিছিল৷ চন্দ্ৰনাথ শৰ্মা প্ৰমূখ্যে এই যুৱ নেতৃত্বই প্ৰতিষ্ঠিত চিন্তাধাৰাৰ বিৰোধিতা কৰাৰ লগতে আন্দোলনটি অভিজাত শ্ৰেণীৰ আন্দোলনৰ পৰা গ্ৰাম্যভিত্তিক আন্দোলনলৈ পৰ্যবসিত কৰাত গুৰুত্বপূৰ্ণ ভুমিকাপালন কৰিছিল৷ কেৱল বৃটিছৰ যুৱলিৰ পৰা স্বাধীনতা বিচৰাৰ সংগ্ৰামেই নহয় শোণিতপুৰৰ এইসকল যুৱ নেতাই স্বাধীনতা সংগ্ৰামখন জাত-পাত, অন্ধবিশ্বাস আদিৰ পৰা মুক্তি লভাৰ সংগ্ৰামতো পৰিণত কৰি তুলিছিল আৰু সেই কথা ’৪২ ৰ আন্দোললত প্ৰাণাহুতি দিয়া ঢেকিয়াজুলিৰ শ্বহীদসকলৰ তালিকাখনতেই প্ৰতিপন্ন হয় বুলি ডঃ ডেকাই মন্তব্য কৰে৷ আনহাতে এই সংগ্ৰামখনৰ শোণিতপুৰৰ আন এটা উল্লেখযোগ্য দিশ নাৰীমুক্তি তথা নাৰীসৱলীকৰণ৷ ১৯২১ চনৰ সেই সময়ছোৱাৰ মহাত্মা গান্ধীৰ নেতৃত্বৰ আন্দোলনেৰে উদ্বুদ্ধ হৈ তাহানিৰ দিনতেই কেনেদৰে নাৰী সমাজ এই আন্দোলনত চামিল হৈ নাৰী মুক্তি তথা নাৰী সৱলীকৰণৰ বাবে অগ্ৰসৰ হৈছিল সেই কথা তেজপুৰ মহিলা সমিতিয়েই প্ৰতিপন্ন কৰে৷ তেজপুৰত কম সময় থকাৰ পিছতো তেজপুৰ মহিলা সমিতিৰ জৰিয়তে চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে তেওঁৰ যুগজয়ী কৰ্মৰে সফলতা লাভ কৰিছিল ইতিমধ্যে তেজপুৰ তথা শোণিতপুৰত সৃষ্টি হোৱা স্বাধীনতা সংগ্ৰামৰ সেই সদৰ্থক পৰিবেশৰ বাবেই বুলি ডঃ ডেকাই মন্তব্য কৰি ভাৰতৰ স্বাধীনতা আন্দোলনত শোণিতপুৰৰ অৱদান ইমানেই ব্যাপক আৰু বিস্তৃত যে, তাক ভাষণত শেষ কৰা সম্ভৱ নহয়৷ এই শোণিতপুৰৰ অৱদান সন্দৰ্ভত যথেষ্ট তথ্য উপলব্ধ যদিও সামগ্ৰিকভাৱে এই বিশেষ দিশটোৰ ওপৰত থোৰতে পাব পৰাকৈ এখন গ্ৰন্থৰ আৱশ্যকতাৰ কথাও ডঃ ডেকাই ভাষণত উল্লেখ কৰি তেনে এখন গ্ৰন্থ প্ৰকাশ কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট সকলো পক্ষকে আহ্বান জনায়৷ উল্লেখ্য যে, ইলোৰা বিজ্ঞান মঞ্চৰ তেজপুৰ শাখাৰ সভাপতি, বিশিষ্ট গল্পকাৰ ডাঃ ৰাণামুকুট কেওঁটৰ পৌৰোহিত্যত সহকাৰী সম্পাদক মলয় নাথে উদ্দেশ্য ব্যাখ্যা কৰা আৰু আঁত ধৰা আজিৰ এই বিশেষ স্মৃতিচাৰণ আৰু বক্তৃতা প্ৰদান অনুষ্ঠানত জীতেন চুণ্ডীৰ ঘনিষ্ঠ সান্নিধ্য লাভ কৰা তেজপুৰৰ প্ৰবীন আইনজ্ঞ তথা ক্ৰীড়া সংগঠক ইস্কে আলমে সান্নিধ্যৰ স্মৃতি ৰোমন্থন কৰি ঢেকীয়াজুলিৰ কেহেৰুখন্দাৰ শিক্ষিত পৰিয়ালটিৰ মাজৰ পৰা আইনৰ ডিগ্ৰী গ্ৰহণ কৰি কেনেদৰে তেজপুৰ আদালতৰ মজিয়াত পৰিচিত হৈ পৰিছিল আৰু চাহ জনগোষ্ঠীয় এইগৰাকী সংগ্ৰামী তথা শিক্ষিত ব্যক্তি পৰৱৰ্তী সময়ত এগৰাকী বামপন্থী নেতা হিচাপে সমাজৰ সকলো শ্ৰেণীৰ মাজত আপোন হৈ পৰিছিল সেই প্ৰসংগ আলোকপাত কৰে৷ তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি তথা ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা প্ৰাপক বেনুধৰ কাকতি, বিশিষ্ট ক্ৰীড়া সংগঠক ডাঃ বিশ্বৰঞ্জন কলিতা,দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আনন্দ বৰুৱাই অতিথি হিচাপে অংশগ্ৰহণ কৰা অনুষ্ঠানটিত চি পি আই [এম এল]ৰ জ্যেষ্ঠ নেতা ৰুবুল শৰ্মাইও স্মৃতিচাৰণ কৰি ব্যক্তিগত সংগ্ৰামপূৰ্ণ জীৱনৰ পৰা ৰাজহুৱা সংগ্ৰামী জীৱনলৈকে সংগ্ৰামৰে ভৰা জীতেন চুণ্ডীৰ জীৱন পৰিক্ৰমা সদৰি কৰি চাহ বাগিছা অঞ্চলত ট্ৰেড ইউনিয়ন গঢ়ি তুলি চাহ জনগোষ্ঠীলোকসকলক শোষণ-নিষ্পেষণৰ পৰা উদ্ধাৰ কৰাৰ ক্ষেত্ৰত নিজৰ ব্যক্তিগত জীৱনৰ মাজতো কেনেদৰে অহোপুৰুষাৰ্থ কৰিছিল তাৰ প্ৰসংগ উত্থাপন কৰে৷ আনহাতে এগৰাকী চি পি এমৰ নেতা আছিল যদিও তেজপুৰৰ বা জিলাখনৰে সকলো দল-মত লোকৰ মাজত যথেষ্ট জনপ্ৰিয় জীতেন চুণ্ডীয়ে এক যুক্তিবাদী আৰু সংগ্ৰামপূৰ্ণ জীৱনেৰে সমাজৰ সাৰ্বিক বিকাশৰ বাবে ওৰেটো জীৱন কাম কৰি গ’ল বুলি মন্তব্য কৰে৷ আনহাতে সান্নিধ্য লাভ কৰা আন এগৰাকী জ্যেষ্ঠ অধিবক্তা অনন্ত গোস্বামীয়ে জীতেন চুণ্ডি এক সংস্কাৰী আৰু যুক্তিপূৰ্ণ লগতে প্ৰতি মুহূৰ্ততে মানুহৰ মংগলৰ কথা চিন্তা কৰা ব্যক্তি আছিল বুলি মন্তব্য কৰি এনে সংস্কাৰী মনৰ ব্যক্তি হোৱাৰ বাবেই সমাজেও সেই ব্যক্তিগৰাকীৰ সোঁৱৰণত এনেধৰণৰ অনুষ্ঠানৰ আয়োজন কৰি স্বীকৃতি প্ৰদান কৰিছে বুলি মন্তব্য কৰে৷ দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আনন্দ বৰুৱাইও স্মৃতিচাৰণ কৰা আজিৰ এই অনুষ্ঠানত ‘স্বপ্নদ্ৰষ্টা জীতেন চুণ্ডী সোঁৱৰণী ন্যাস’ৰ দাতা, সহধৰ্মিনী তথা অধিবক্তা বেনী তাঁতী চুণ্ডীয়ে এগৰাকী বিজ্ঞান মনস্ক আৰু যুক্তিবাদী মনৰ গৰাকী নিজৰ স্বামীয়ে অন্ধবিশ্বাস, কুসংস্কাৰৰ বিৰুদ্ধে পৰিয়ালয়ক সময় দিও সমাজখনৰ পৰা সেই দিশবোৰ নোহোৱা কৰিবৰ কাৰণে অহোৰাত্ৰি প্ৰচেষ্টা অব্যাহত ৰাখিছিল বুলি মন্তব্য কৰি আনুষ্ঠানিকভাৱে ইলোৰা বিজ্ঞান মঞ্চক ‘স্ৰপ্নদদ্ৰষ্টা জীতেন চুণ্ডী সোঁৱৰণী ন্যাস’ পৰিচালনা কৰিবৰ বাবে পাঁচ লাখ টকাৰ চেক প্ৰদান কৰে৷ আনহাতে এই চেক প্ৰদান কৰি আগন্তুক সময়ত প্ৰতি বছৰেই স্মৃতি দিৱসৰ দিনটোত সমাজ সংস্কাৰৰ যিকোনো বিষয়ৰ বক্তৃতাৰ লগতে আৰ্থিক আৰু সামাজিক ভাৱে পিছপৰা মেধাবী শিক্ষাৰ্থীক ন্যাসৰ বঁটা প্ৰদান কৰাৰ সিদ্ধান্তৰ কথা সদৰি কৰে৷ ইয়াৰ পূৰ্বেই ইলোৰা বিজ্ঞান মঞ্চৰ তেজপুৰ শাখাৰ সম্পাদক ৰণজিৎ ভূঞাই আনুষ্ঠানিকভাৱে ন্যাসৰ উদ্দেশ্যৰ কথা সদৰি কৰি এইবাৰ প্ৰথম বাৰ ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে আৰ্থিকভা্‌ৱে পিছপৰা মেধাবী ছাত্ৰীী বৰষা হাচদাক ‘স্বপ্নদ্ৰষ্টা জীতেন চুণ্ডী সোঁৱৰণী বঁটা’ প্ৰদানৰ কথা ঘোষণা কৰি অহা সাত এপ্ৰিলৰ পৰা তিদিনিদীয়া কাৰ্যসূচীৰে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হ’ব লগা ইলে্‌াৰা বিজ্ঞান মঞ্চৰ চতুৰ্থ দ্বি-বাৰ্ষিক ৰাজ্যিক সন্মিলনৰ আঠ এপ্ৰিলত অনুষ্ঠিত হ’ব লগা বিশেষ সভাত এই বঁটা প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে৷ উল্লেখ্য যে, হজৰাপাৰৰ শংকৰ নগৰ নিবাসী নৃপেন হাজদা আৰু ঊষা হাচদাৰ কন্যা বৰষৰাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯১ শতাংশ আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত ৭২ শতাংশ নম্বৰ লাভ কৰাৰ পিছত বৰ্তমান দৰং মহাবিদ্যালয়ত পৰিসংখ্যা বিজ্ঞানত সন্মান সহ স্নাতক মহলাৰ দ্বিতীয় ষান্মাষিকত অধ্যয়ন কৰি আছে৷ আনহাতে ইয়াৰ পূৰ্বে ইলোৰা বিজ্ঞান মঞ্চৰ তেজপুৰ শাখাৰ সভাপতি ডাঃ ৰাণামুকুট কেওঁটে পুস্পাঞ্জলি অৰ্পনেৰে জীতেন চুণ্ডীৰ প্ৰতিছবিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰাৰ পিছত উপস্থিত আমন্ত্ৰিত ব্যক্তিসকলৰ লগতে দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডঃ জ্যেৎস্না শৰ্মা বেজবৰুৱা, বিশিষ্ট লেখিকা ৰাজু বৰুৱা, অধ্যাপক পল্লৱ ভট্টাচাৰ্য, তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বৰুৱা, অসমীয়া ক্লাবৰ সভাপতি অৰুণা দেৱী, জ্যেষ্ঠ অধিবক্তা যামিনী কুমাৰ বৈশ্য, বিৰাজ নাথ আদিয়ে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More