ইয়াংখু অসম ওৰফে অচিন্ত মৰাণক শ্বহীদ ঘোষণা আলফা স্বাধীনৰ

0 56

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৫ আগষ্টঃ যোৱা ৯ আগষ্টত সেনা- আৰক্ষীৰ অভিযানত আহত হোৱা আলফা স্বাধীনৰ অনায়োগ বিষয়া চাৰ্জেণ্ট ইয়াংখু অসম ওৰফে অচিন্ত মৰাণৰ আজি পুৱা ৫-২৫ বজাত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়। এক ই মেইল বাৰ্তাৰে এই কথা সদৰী কৰে আলফা স্বাধীনৰ নিম্ন পৰিষদৰ সাধাৰণ সম্পাদক ব্ৰিগেদিয়াৰ অৰুণোদয় অসমে। আনহাতে আলফা স্বাধীনৰ উচ্চতম পৰিষদৰ সভাপতি জেনেৰেল পৰেশ অসমে মৃত ইয়াংখু অসমৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেঁওক মৰণোত্তৰ ভাবে চাৰ্জেণ্ট মেজৰ পদবী প্ৰদান কৰাৰ লগতে অমৰ মৃতক (শ্বহীদ) ঘোষণা কৰে। উল্লেখ্য যে অচিন্ত মৰাণ তিনিচুকীয়া জিলাৰ ধলা থানাৰ অন্তৰ্গত মালভোগ গাঁৱৰ নন্দেশ্বৰ মৰাণ আৰু সোণেশ্বৰী মৰাণৰ পুত্ৰ আছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More