ই-শ্রম কার্ড থাকিলে এতিয়াৰ পৰা লাভ কৰিব এহেজাৰ টকা

0 43

 

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৪ এপ্ৰিলঃ  কেন্দ্রীয় চৰকাৰৰ তৰফৰ পৰা দৰিদ্ৰ আৰু খাটি খোৱা মানুহৰ বাবে বিভিন্ন উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰিছে।তেনে এক প্ৰকল্প হ’ল ই-শ্রম কার্ড প্রকল্প। যিসকলে এই প্ৰকল্পত আবেদন কৰিছিল তেওঁলোকক প্ৰতিমাহে এহেজাৰ টকাকৈ প্ৰদান কৰাৰ কথা কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে।

ই-শ্রম কার্ড প্রকল্প কি?

মূলত দেশৰ অসংগঠিত ক্ষেত্রৰ শ্রমিকসকলৰ বাবে এই প্ৰকল্প আৰম্ভ কৰা হৈছে। অসংগঠিত ক্ষেত্রৰ শ্রমিকসকলে কৰ্মহীনতা আৰু দাৰিদ্ৰতাৰ সতে চলাই অহা যুঁজৰ কথা ভাৱিয়েই তেওঁলোকৰ দৈনন্দিন সমস্যা সমাধানৰ বাবেই চৰকাৰে এই উদ্যোগ গ্ৰহণ কৰিছে। ইয়াৰ জৰিয়তে অসংগঠিত ক্ষেত্ৰৰ কৰ্মীসকলে এই সুবিধা লাভ কৰিব।

• ই-শ্রম কার্ড প্রকল্পৰপৰা কি কি সুবিধা পোৱা যাব?

এই প্রকল্পপৰা অসংগঠিত ক্ষেত্রৰ শ্রমিকসকলে বিভিন্ন ধৰণৰ সুবিধা লাভ কৰিব। অসংগঠিত ক্ষেত্রৰ শ্রমিকসকলৰ প’র্টেলত নিজৰ নাম নথিভুক্ত কৰিলে সর্বোচ্ছ ২ লাখ টকাৰ বীমা লাভ কৰিব।তাৰ বাবে কোনো প্রিমিয়ামো দিব নালাগে। তদুপৰি প্রকল্পৰ জৰিয়তে বিভিন্ন ধৰণৰ সামাজিক নিৰাপত্তাৰ সুবিধাও লাভ কৰিব। ই-শ্ৰম কাৰ্ড থাকিলে শ্রম বিভাগৰ সকলো আঁচনি, যেনে- শিশুসকলৰ বাবে বৃত্তি, বিনামূলীয়া চাইকেল, চিলাই মেচিন, কাৰিকৰী কামৰ সাৰঞ্জাম ইত্যাদি সুবিধা লাভ কৰিব। এই ই-শ্রম কার্ডখন ৰেচন কার্ডৰ লগত লিঙ্ক কৰিলে বিনামূলীয়া ৰেচনৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব। তদুপৰি কেন্দ্ৰীয় চৰকাৰৰ ঘোষণা অনুযায়ী ই-শ্রম প’র্টেলৰ জৰিয়তে সকলো দৰিদ্ৰ খাটি-খোৱা মানুহে মাহে ১০০০ টকাকৈ লাভ কৰিব।

বৰ্তমানলৈকে প্রায় ৩৮ কোটি শ্রমিকৰ নাম প’র্টেলত নাম নথিভুক্ত হৈছে। কেন্দ্রীয় চৰকাৰে বৰ্তমানলৈকে প্রায় ২ কোটি দৰিদ্ৰ লোকৰ বেংক একাউন্টলৈ মাহে ১০০০ টকা পাঠিওৱাৰ তথ্য প্ৰকাশ কৰিছে।বাকী সকলৰ একাউণ্টলৈও পৰ্যায়ক্ৰমে আগবঢ়োৱা হ’ব এই ধনৰাশি।

 

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More