উইম্বলডনৰ গ্ৰাছ ক’ৰ্টতো যুদ্ধৰ ছাঁ

নিষিদ্ধ ৰাছিয়া আৰু বেলাৰুছৰ টেনিছ তাৰকা

0 15

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২১ এপ্ৰিল : উইম্বলডন মানেই টেনিছপ্ৰেমীৰ বাবে এক সুকীয়া শিহৰণ। নিজৰ নিজৰ অনুপম ক্ৰীড়া নৈপুণ্যৰে এই মেগা ইভেণ্টত জিলিকি উঠে টেনিছ তাৰকা। কোনো খেলুৱৈৰ ঘৰ্মাক্ত মুখাবয়ৱত সফলতাৰ সুবিমল হাঁহি বিৰিঙে আৰু কোনো খেলুৱৈৰ দুকচুত সপোন ভঙাৰ চকুলো নিগৰে। উইম্বলডন মানেই যেন এক অনামী উন্মাদনা। কিন্তু এইবাৰ উইম্বলডনৰ সেউজীয়া ঘাঁহৰ কৰ্টতো পৰিলহি ইউক্ৰেইন যুদ্ধৰ ছাঁ। ইউক্রেইনৰ বিৰুদ্ধে আগ্রাসনৰ বাবে এইবাৰৰ উইম্বলডনত (Wimbledon) খেলিব নোৱাৰিব ৰাছিয়া আৰু বেলাৰুছৰ খেলুৱৈয়ে। এই যুদ্ধত ৰাছিয়াৰ পক্ষত আছে বেলাৰুছ। ইউক্রেইনৰ ওপৰত সামৰিক আগ্রাসন চলোৱা বাবে উইম্বলডনত ৰাছিয়াক নিষিদ্ধ কৰাৰ দৰেই ৰাছিয়াৰ সমৰ্থক বেলাৰুছৰ টেনিছ তাৰকাকো অনুমতি দিয়া হোৱা নাই এই ঐতিহ্যশালী টুর্নামেন্টত অংশগ্ৰহণৰ। অল ইংলেণ্ড লন টেনিছ ক্লাবে এই সিদ্ধান্তৰ কথা জনাইছে। আৰু এই সিদ্ধান্তৰ ফলত ঘাঁহৰ ক’র্টত দেখা নাযাব পুৰুষ শাখাত দ্বিতীয় বাছনিৰ দানিল মেদভেদেভ আৰু বেলাৰুছৰ মহিলা তাৰকা সাবালেংকা, ভিক্টোৰিয়া আজাৰেংকা, ৰুছ মহিলা তাৰকা খেলুৱৈ পাভলিউচেংক’ভাৰ লগতে আৰু কেইবাজনো প্রতিভাবান ৰুছ আৰু বেলাৰুছৰ টেনিছ খেলুৱৈক। যোৱা ২৪ ফেব্রুৱাৰীত ইউক্রেইনত আক্ৰমণ আৰম্ভ কৰিছিল ৰাছিয়াই। ভয়াৱহ সেই যুদ্ধ চলিয়েই আছে। এনে পৰিস্থিতিত ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুতিনক জব্দ কৰিবলৈ ৰাছিয়াৰ ওপৰত এলানি আর্থিক নিষেধাজ্ঞা আৰোপ কৰিছে আমেৰিকা, ব্রিটেইন, ইউৰোপীয়ান ইউনিয়ন, অষ্ট্ৰেলিয়া, জাপানসহ একাধিক দেশে। ৰাছিয়াৰ পৰা তেল আমদানি কৰাও বন্ধ কৰি দিছে ৱাছিংটনে। কেৱল সেয়াই নহয়, ৰাছিয়াৰ কেইবাটাও বেংকক আন্তর্জাতিক আর্থিক লেন-দেনৰ ‘ছুইফট’ ব্যৱস্থাৰ পৰা বাদ দিয়া হয়। ইয়াৰ ফলত এই বেংকবোৰে গোটেই বিশ্বতে কাম কৰিব পৰা নাই। ধাক্কা খাইছে ৰাছিয়াৰ আমদানি-ৰপ্তানিয়ে। ফলত ক্ষতিগ্ৰস্ত হৈছে ৰুছ অর্থনীতি। অৱশ্যে এনে পৰিস্থিতিত নিষেধাজ্ঞাৰ প্রভাৱ খর্ব কৰিছে মস্কোৱে। এই পৰিস্থিতিত খেলাৰ ময়দানতো নির্বাসনৰ মুখামুখি হৈছে ৰাছিয়া। অল ইংলেণ্ড লন টেনিছ ক্লাবে নিষিদ্ধ কৰিলে ৰাছিয়ান আৰু বেলাৰুছৰ খেলুৱৈসকলক। অহা ২৭ জুনৰ পৰা ১০ জুলাইপর্যন্ত হ’ব উইম্বলডন। অল ইংলেণ্ড লন টেনিছ ক্লাবে এক বিবৃতিত জনাইছে— ”এই ধৰণৰ অযৌক্তিক আৰু নজিৰবিহীন সামৰিক আগ্রাসনৰ বাবে ৰাছিয়া আৰু বেলাৰুছৰ খেলুৱৈক খেললৈ প্ৰেৰণ কৰিবৰ বাবে ৰাছিয়াক কোনো সুবিধা দিয়া নহ’ব। এই কাৰণে অত্যন্ত দুখেৰে জনাইছোঁ যে, আমাৰ উদ্দেশ্য হ’ল ৰাছিয়া আৰু বেলাৰুছৰ খেলুৱৈসকলক উইম্বলডনত নামিবলৈ দিয়া নহ’ব।” ৰুছ আৰু বেলাৰুছৰ খেলুৱৈসকলৰ ওপৰত উইম্বলডনত নিষেধাজ্ঞা আৰোপ কৰিলেও ফ্ৰেন্স অপেনত অংশগ্ৰহণৰ ক্ষেত্ৰত কোনো বাধা আৰোপ কৰা হোৱা নাই। ফ্ৰেন্স অপেন আৰম্ভ হ’ব মে’ত। ইউক্রেইনৰ বিধ্বস্ত মানুহৰ কাষত থিয় দিছে অল ইংলেণ্ড লন টেনিছ ক্লাব। ইয়াৰ আগেয়ে উৱেফা আৰু ফিফাই নির্বাসিত কৰিছিল ৰাছিয়াক। এইবাৰ জনাই দিয়া হ’ল উইম্বলডনতো, ৰুছ আৰু বেলাৰুছৰ খেলুৱৈসকল নামিব নোৱাৰিব এই ঐতিহ্যশালী টুর্নামেন্টত।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More