দ্বীপেন কুমাৰ শৰ্মা
আমি থকা ভাড়াঘৰটোৰ যিটো চিৰিৰে ওপৰলৈ অহা-যোৱা কৰোঁ, তাৰ চুকবোৰত আৰু চিলিঙত মকৰাজালে চাটি ধৰিছে। ঘৰুৱা কাম কৰা সহায়িকা গৰাকীয়ে হেনো ঢুকি নাপায়। শ্ৰীমতীয়ে কেবা দিনৰ পৰা কৈ আছে, ’আলহী আহিলে লাজ পাব লাগিব, তুমি কিবা এটা কৰা’। গতিকে ৰাতিপুৱা চাহ কাপ খায়েই দীঘল লাঠী এডালৰ আগত শোটাটো বান্ধি লৈ চাফাই অভিযানত নামি পৰিলো।
আধাঘন্টামান খৰচ কৰি চকী, টেবুল জোৰা দি বেঙা মেলি মোটা-মুটি ভাবে কামটো সমাধা কৰিলো। এতিয়া অন্ততঃ শ্ৰীমতীয়ে আলহীৰ আগত লাজ নাপায়। অৱশ্যে ইমান ওপৰলৈ চোৱা আলহী আমাৰ ঘৰলৈ এনেয়ো নাহে। শোটাটো লাঠীডালৰ পৰা খুলি তলত সৰি পৰা ঘুগুলাখিনি চাফা কৰিবলৈ গৈ দেখিলো সিহঁতবোৰ গোটেইসোপা দীঘল দীঘল খোজেৰে ইতিমধ্যে নিজৰ নিজৰ অৱস্থানৰ ফলে অগ্ৰসৰ হৈছে। ’মকৰা জাল’ বুলি ক’লেও আচলতে ইহঁত মকৰা নহয়। ইহঁতক ’টকৌ’ বুলিহে কোৱা শুনো। সৰুতে কাৰোবাৰ মূৰত চকলা-চকলকৈ চুলি সৰা বেমাৰ হ’লে মানুহে ’টকৌ’ৱে খোৱা বুলি কৈছিল। তেতিয়া কোনোবাই টকৌ দেখিলেই মাৰিবলৈ উদ্যত হৈছিল। কথাটো সম্ভব সত্য নাছিল। কোনো কোনোৱে আকৌ ইহঁতক অত্যন্ত বিষাক্ত বুলিও কোৱা মনত পৰে। সেইবোৰ যিয়েই নহওক, ঘৰৰ চুক কোণবোৰত জাল বান্ধি অশোভনীয় অৱস্থাৰ সৃষ্টি কৰিলেই মোৰ কাম বাঢ়ে। উচ্ছেদ অভিযান চলাব লাগে। উচ্ছেদ চলাই থাকোতে দুই এটা শোটাৰ হেঁচাত পৰি মৰিছিল যদিও বেচিভাগেই দীঘল দীঘল ঠেঙেৰে পলাই গৈছিল। সিহঁতৰ চাল চলন দেখি সিহঁতৰ বিষয়ে জাানিবলৈ মন গ’ল। পুথি-পাজি চাই যিখিনি গম পালো তাৰ কিয়দংশ তলত উল্লেখ কৰিলো।
সাধাৰণতে আমাৰ ঘৰবোৰৰ পোহৰ নপৰা আৰু সেমেকা ঠাইবোৰত যেনে ঘৰৰ চুকবোৰত, চিলিঙত আৰু ইয়াৰ ফাঁকবোৰত, মেজৰ তলত বা বিচনাৰ তলত, গেৰেজত, খিৰিকীৰ চাজা, বেলকনী বা চিৰিৰ তলত, গছৰ মূঢ়া অথবা পাথৰ আদিৰ তলত সচৰাচৰ মানুহৰ চলাচল য’ত কম হয় তেনে ঠাইবোৰত ইহঁতক বেচিকৈ দেখিবলৈ পোৱা যায়। পৃথিবীৰ অতি প্ৰাচীনতম প্ৰাণীবিলাকৰ ভিতৰত ইহঁত অন্যতম। ইহঁতৰ প্ৰায় ৬০০০ মান প্ৰজাতি আছে। ইংৰাজীত ইহঁতক ’Daddy Longleg’ বুলি কোৱা হয়। ইয়াৰ আৰু এটা প্ৰচলিত নাম আছে, ‘Harvestmen’। খেতি চপোৱাৰ সময়ত পথাৰবোৰত প্ৰচুৰ পৰিমানে ইহঁতক পোৱা যায় বাবে অথবা ইহঁতৰ দীঘল ঠেং কেইটা শইচ চপোৱা কাঁচিখনৰ নিচিনা বুলিয়ে ইহঁতক সম্ভব সেই নামেৰে কোৱা হয়।
ইহঁতৰ দেহটো দীঘলে আৰু বহলে মাত্ৰ কেই মিলিমিটাৰ মানহে। দেহত চাৰিযোৰকৈ দীঘল দীঘল ঠেং সংযুক্ত হৈ থাকে। ঠেংবোৰৰ দৈৰ্ঘ্য ৩-৪ চেন্টিমিটাৰৰ পৰা কিছুমান প্ৰজাতিৰ ক্ষেত্ৰত ১৫ চেন্টিমিটাৰমানলৈকে দীঘল হয়। ঠেঙবোৰ ভাঁজ কৰিব পৰা বিধৰ। চাৰিযোৰ ঠেঙৰ ভিতৰত দ্বিতীয় যোৰ ঠেঙৰ সংজ্ঞা অনুভতি আছে। ঠেঙৰ যোগেদিয়ে ইহঁতে কম্পন, ঘ্ৰাণ বা স্বাদ লাভ কৰে। ইহঁতৰ ঠেং এবাৰ নষ্ট হ’লে আকৌ নোলায়। বহু সময়ত শত্ৰুৰ হাতোৰাৰ পৰা ৰক্ষা পাবলৈ ইহঁতে ঠেংটো উচ্ছৰ্গা কৰে। কেতিয়াবা প্ৰজননৰ সময়ত হোৱা যুজঁতো ঠেং হেৰুৱাব লগা পৰিস্থিতিৰ সৃষ্টি হয়। এটা খুব মজাৰ কথা এয়ে যে কেবাটাও ঠেং হেৰুৱাৰ পাছতো ইহঁতে খুব কম সময়ৰ ভিতৰতে বেলেগ ধৰণে আৰু খৰকৈ খোজ কঢ়াৰ কৌশল এটা আয়ত্ব কৰি লয়। ইহঁতৰ এই কৌশলটো যদি বুজিব পাৰি মানুহৰ কৃত্ৰিম হাত-ভৰিৰ আৰ্হি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত বহুত কামত আহিলেহেঁতেন। যদিও ইহঁতৰ দীঘল দীঘল ঠেং আছে, সেইবুলি ইহঁতে য’তে ত’তে পিঙপিঙাই নুফুৰে। দিনটোৰ ভিতৰত এবাৰমানহে ইহঁত এঠাইৰ পৰা আন এঠাইলৈ যায়। চিকাৰী প্ৰাণীৰ পৰা বাচি থাকিবলৈ ইহঁতৰ দেহৰ পৰা এবিধ দুৰ্গন্ধময় ৰাসায়নিক পদাৰ্থ নিষ্কাষণ কৰে। তদুপৰি বিপদৰ সময়ত ইহঁতে কুঁচি-মুঁচি লৰ-চৰ নকৰাকৈ মৰাৰ ভাও যোৰে। ইহঁতৰ দুটাকৈ চকু থাকে আৰু দুডাল ক্ষুদ্ৰকায় হাঁতোৰা আছে। আগতে ভবাৰ দৰে এই হাঁতোৰা দুখন কোনো বিষ প্ৰক্ষেপ কৰিবৰ কাৰণে নহয়, বৰঞ্চ কিবা ধৰি খাবৰ কাৰণেহে ব্যৱহাৰ কৰে। ইহঁতৰ আয়ুসকাল কেবামাহৰ পৰা কেবাবছৰ পৰ্যন্ত হয়। ডাঙৰ প্ৰজাতিৰবোৰৰ আয়ুস সাধাৰণতে কম, কিন্তু সৰু প্ৰজাতিৰ ভিতৰত কিছুমানৰ সাত বছৰলৈকে আয়ুস থাকে বুলি গৱেষণাত প্ৰকাশ পাইছে।
এই ’দীঘলঠেঙীয়া’ বোৰে অজানিতেই মানুহৰ তথা পাৰিপৰ্শ্বিকতাৰ বৰ উপকাৰ কৰি আহিছে। ইহঁতৰ খাদ্যৰ ভিতৰত মকৰা আৰু অন্যান্য পোক-পতঙ্গই প্ৰধান। শস্য অনিষ্টকাৰী এফিড্চ (Aphids) আৰু তেনেধৰণৰ পোক-পতঙ্গ ভক্ষণ কৰি ইহঁতে খেতিয়কৰ পৰম উপকাৰে সাধে। তাৰ উপৰি মৰা পচা পোক-পৰুৱা আৰু চৰাইৰ মল-মূত্ৰ সেৱন কৰিও আমাৰ পাৰিপৰ্শ্বিকতা চাফ-চিকুণ কৰি ৰখাত ইহঁতে সহায় কৰে।
ইতিমধ্যে উচ্ছেদ অভিযানত মোৰ অনিচ্ছাকৃত ভাবে মৃত্যু হোৱা দুই এটাক বাদ দি আটাইবোৰ আকৌ আগৰ স্থানত বহি ললেগৈ। অলপ দিনৰ পাচত শ্ৰীমতীয়ে আকৌ আওৰাব, ’হে’ৰা, দেখিছানে ওপৰখন কেনেকৈ মকৰাজালে………..’
ইমানখিনি জনাৰ পাচতো শ্ৰীমতীক বুজাব নোৱাৰো, ’থাকক দিয়া, ইহঁতো আমাৰ বন্ধু। ইহঁতে আমাৰ বহুত উপকাৰ কৰে।’
গতিকে আকৌ চলাব লাগিব উচ্ছেদ অভিযান । সময়ৰ আহ্বান ।
অসমৰ ঠায়ে ঠায়ে উচ্ছেদ অভিযানৰ লগতে আপুনিও উচ্ছেদ অভিযানৰ সেনানী নে
আমাৰ চকুত Industrial TPM workers