উজনি অসমত প্ৰথমবাৰ বিষুৱা উৎসৱ পালন

৮ জন বিশিষ্ট ব্যক্তিক বঁটা প্ৰদান

0 84

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৩ এপ্ৰিলঃ উজনি অসমৰ লখিমপুৰ জিলাৰ ত্যাগক্ষেত্ৰত কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ১৭ তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি দিনযোৰা কাৰ্যসূচীৰে কেন্দ্ৰীয় বিষুৱা উৎসৱটি বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় । পোন প্ৰথমবাৰৰ বাবে উজনি অসমত উদযাপন কৰা বিষুৱা উৎসৱৰ খোলা সভাৰ আজি শুভ উদ্বোধন কৰে কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি গিৰিশ বৰাই । বিষুৱা উৎসৱ উদযাপন সমিতিৰ সভাপতি দিলীপ বৰুৱাই আদৰণী ভাষণ আগবঢ়োৱা আৰু কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক দীপক বৰাই আঁত ধৰা খোলা সভাত আক্ৰাছুৰ মুখ্য উপদেষ্টা ড॰ প্ৰণৱজ্যোতি ৰাজবংশী, আক্ৰাছুৰ গৌতম চহৰীয়াই কয়- কোচ ৰাজবংশীসকল দীৰ্ঘদিন ধৰি সৰ্বদিশতে বঞ্চিত আৰু নিপীড়িত হৈ আহিছে ।AKRSU2 ৰাজনৈতিক ষড়যন্ত্ৰৰে ভৌগোলিক ভাৱে ভাগ ভাগ কৰি জনগোষ্ঠীটোক চৰকাৰী ভাৱে নিশকটীয়া কৰিব বিচৰা হৈছে। এনে সন্ধিক্ষণত সমগ্ৰ ভাৰতবৰ্ষতে ভাগ ভাগ হৈ থকা কোচ ৰাজবংশীয় লোকসকল একত্ৰিত হ’লেহে জাতিটো শক্তিশালী হ’ব । বিশেষকৈ কোচ ৰাজবংশীসকলে সাংস্কৃতিক আন্দোলনৰ জৰিয়তে আগবাঢ়িব লাগিব । উল্লেখ যে আজি এই খোলা সভাত কোচ ৰাজবংশী ছাত্ৰ সন্থাই জাতিটোৰ উন্নয়নৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা ৮ গৰাকী ব্যক্তিক ৬টাকৈ বঁটাৰে সন্মানিত কৰা হয় । অনুষ্ঠানত বিশিষ্ট ব্যৱসায়ী তথা কোচ ৰাজবংশী সন্মিলনীৰ উপদেষ্টা তৰুণ দত্তক বিশ্ব মহাবীৰ চিলাৰায় বঁটা, গিৰিশ বৰাক কমতাৰত্ন অম্বিকাচৰণ চৌধুৰী বঁটা, সূয্য কুমাৰ বৰাক সাহিত্যৰত্ন অৰুণ কুমাৰ ৰায় বঁটা, কমল শইকীয়া, অৰুণ বৰাক মৰণোত্তৰ ভাৱে স্বচ্ছ ৰাজনীতিবিদ খ্যাত জননেতা শৰৎ চন্দ্ৰ সিংহ বঁটা, বিশ্বেশ্বৰ বৰা, বিষ্ণু প্ৰসাদ দত্তক মৰণোত্তৰ ভাৱে জননেতা, জাতীয় নেতা পূৰ্ণ নাৰায়ণ সিংহ বঁটা, সন্মিলনীৰ প্ৰাক্তন সভাপতি তিলেশ্বৰ বৰাক কবি ৰায়প্ৰাধানী বঁটাৰে সন্মানিত কৰা হয় । অনুষ্ঠানত কোচ ৰাজবংশী জনগোষ্ঠীৰ বিষুৱা উৎসৱ উপলক্ষে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কাৰ্যসূচী অনুসৰি আজি পুৱা বিষুৱা পূজাৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে ঘাৰমৰা সত্ৰৰ সত্ৰাধিকাৰ বিষ্ণু গোস্বামীয়ে । ইয়াৰ পিছতে বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমুৰ্তিত বন্তি প্ৰজ্বলন, গছপুলি ৰোপণ, পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয় । বিষুৱা উৎসৱৰ উপলক্ষত জাতীয় সাজপাৰ, সৌন্দৰ্য প্ৰতিযোগিতা, চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হয় । বিষুৱা উৎসৱৰ বিশেষ সাংস্কৃতিক অনুষ্ঠানত শিল্পী প্ৰিতম কোচৰ দলে জতীয় নৃত্য প্ৰদৰ্শন কৰে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More