উত্তৰ – পূৰ্বাঞ্চলত ক্ৰমশঃ বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা

তেজপুৰৰ বিশিষ্ট চিকিৎসক ডাঃ লক্ষ্মী গোস্বামীৰ পৃষ্ঠপোষকতাত ভাৰতীয় শিশু কল্যাণ পৰিষদৰ উদ্যোগত কৰ্কট ৰোগৰ চিকিৎসা শিবিৰ

0 13

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৭ মাৰ্চ : অসম আৰু উত্তৰ পূৰ্বাঞ্চলত ক্ৰমশঃ বৃদ্ধি পাই অহা কৰ্কট ৰোগীৰ সংখ্যাই সৰ্বসাধাৰণ ৰাইজৰ লগতে চিকিৎসা বিজ্ঞানী সকলক চিন্তিত কৰি তুলিছে। এই গুৰুতৰ ৰোগত আক্ৰান্তসকলে বা সেইসকলৰ পৰিয়ালে এই ৰোগৰ ভয়াৱহতা অতি ভালদৰেই অনুভৱ কৰি আহিছে। এই ভয়াৱহ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী, চিকিৎসক তথা ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ শাখাৰ সভানেত্ৰী ডাঃ লক্ষ্মী গোস্বামীৰ পৰিচালনাত ইতিমধ্যে কৰ্কট ৰোগৰ সজাগতা আৰু সতৰ্কতা বিষয়ত কেইবাটাও শিবিৰ জিলাখনৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হয়। এইগৰাকী বিশিষ্ট চিকিৎসক তথা সমাজকৰ্মীৰ বিশেষ পৃষ্ঠপোষকতাতে কালি তেজপুৰৰ নিকটৱৰ্তী বাটাবাৰী গাঁৱত কৰ্কট ৰোগৰ এক সজাগতা শিবিৰ অনুষ্ঠিত হৈ যায়। এই ভয়াৱহ ৰোগৰ সচেতনতাৰ সন্দৰ্ভত বিশেষ সজাগ নোহোৱা মহিলা সকলক সামৰি স্হানীয় নিম্ন বুনিয়াদী বিদ্যালয়ত অনুষ্ঠিত কৰা সজাগতা শিবিৰত শতাধিক মহিলাক এই সন্দৰ্ভত গ্ৰহণ কৰিব লগা সাৱধানতাৰ সন্দৰ্ভত বিশেষ পদ্ধতিৰে আলোকপাত কৰা হয়। ভাৰতীয় শিশু কল্যাণ পৰিষদৰ বিষয়ববীয়া আৰু সদস্যকলে চিকিৎসক ডাঃ তুলতুল মুখাৰ্জীৰ জৰিয়তে মহিলাসকলৰ মাজত স্তনৰ কৰ্কটৰোগৰ সজাগতা আৰু সতৰ্কতামূলক বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে। ডাঃ মুখাৰ্জীয়ে উপস্থিত মহিলাসকলক স্তনৰ কৰ্কটৰোগৰ বিষয়ে বিতংভাৱে সকলোৱে সহজে বুজিব পৰাকৈ প্ৰদান কৰা ভাষণত কেতবোৰ গুৰুত্বপূৰ্ণ দিশ উল্লেখ কৰে । কৰ্কটৰোগ চিকিৎসালয়ৰ তথ্য অনুসৰি গোটেই উত্তৰ পূৱতে কৰ্কটৰোগৰ সংখ্যা আন ৰাজ্যতকৈ বেছি কিন্তু তাতোকৈ ভয়াবহ কথাটো হ’ল মহিলাৰ স্তনৰ কৰ্কটৰোগৰ শতকৰা প্ৰায় ৬০ ভাগেই শোণিতপুৰ জিলাৰ । এই শতকৰা ৬০ ভাগৰো আকৌ বেছিভাগেই চতুৰ্থ স্তৰ পোৱাৰ পিছতহে চিকিৎসালয়লৈ আহে বুলি ডাঃ তুলতুল মুখাৰ্জীয়ে উল্লেখ কৰি কেনেধৰণে নিজেই এই ৰোগৰ উমান পাব পাৰি সেই বিষয়ে মহিলাসকলক কিছুমান কৌশলৰ বিষয়ে অৱগত কৰে ।চিকিৎসক গৰাকীয়ে সহজে বুজি পাব পৰাকৈ ছবিসহ প্ৰজেক্টৰৰ সহায়ত তন্ন তন্নকে বুজাই দি স্ত্ৰীৰোগৰ আন কিছুমান দিশৰ ওপৰতো ডাঃ মুখাৰ্জীয়ে আলোকপাত কৰি মহিলাসকলক সজাগ হবলৈকো আহ্বান জনায় । শিবিৰত উপস্থিত থকা ভালে সংখ্যক মহিলাৰ মাজত ভাৰতীয় শিশু কল্যাণ পৰিষদ, তেজপুৰ শাখাৰ সদস্যসকলে নানাধৰণৰ খাদ্যপ্ৰাণ, কেলচিয়াম আদি বিতৰণ কৰি শিবিৰৰ সামৰণি পেলায় ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More