উত্তৰ-পূৰ্বাঞ্চলত স্থায়ী শান্তি আৰু অৰ্থনৈতিক পুনৰুত্থান সম্ভৱ হৈছেঃ সর্বানন্দ সোণোৱাল

অৰুণাচলৰ ইটানগৰস্থিত আঞ্চলিক আয়ুর্বেদ গৱেষণা প্রতিষ্ঠান পৰিদৰ্শনৰ পিছত সংবাদমেল সম্বোধন কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ

0 16
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৮ জুনঃ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱালে অৰুণাচল প্ৰদেশ তথা উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলক এখন শক্তিশালী আৰু সমৃদ্ধিশালী ভাৰতবৰ্ষ গঢ়ি তোলাৰ যাত্ৰাত যোগদান কৰিবলৈ আহ্বান জনায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ-পূব ভাৰতৰ উন্নতিৰ বাবে নৰেন্দ্ৰ মোদী চৰকাৰে দেখুওৱা সদিচ্ছা, দূৰদৰ্শী নেতৃত্ব আৰু অটল প্ৰতিশ্ৰুতিৰ ফলতে অঞ্চলটোত স্থায়ী শান্তি আৰু ইয়াৰ অৰ্থনৈতিক পুনৰুত্থান ঘটিছে। ভাৰতৰ বিকাশৰ নতুন ইঞ্জিন হিচাপে সমগ্ৰ উত্তৰ-পূবৰ লগতে অৰুণাচল প্রদেশেও অগ্রণী ভূমিকা লোৱাত গুৰুত্ব আৰোপ কৰে সোণোৱালে। কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে আজি অৰুণাচলৰ ইটানগৰস্থিত আঞ্চলিক আয়ুর্বেদ গৱেষণা প্রতিষ্ঠান (আৰএআৰআই) পৰিদৰ্শন কৰাৰ পিছত এখন সংবাদমেল সম্বোধন কৰি এই কথা সদৰি কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উচ্চপদস্থ বিষয়াবৰ্গ আৰু স্থানীয় নাগৰিকসকলৰ সৈতে প্ৰতিষ্ঠানখনৰ প্ৰাঙ্গণত এক স্বচ্ছতা অনুষ্ঠানতো অংশগ্ৰহণ কৰে। ২০১৪ চনত শাসনলৈ অহাৰ পিছত মোদী চৰকাৰে গ্ৰহণ কৰা কল্যাণকামী নীতিৰ বিষয়ে উল্লেখ কৰি সোণোৱালে কয় যে দেশবাসীৰ অতিকৈ প্রিয় প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্রয়াস’ নীতিৰ দ্বাৰা প্ৰতিগৰাকী নাগৰিকৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ দিশত অহৰহ কাম কৰি আছে। অৰুণাচল প্ৰদেশত জল জীৱন মিছনৰ অধীনত ২.২০ লাখৰো অধিক গ্ৰাম্য পৰিয়ালে নলৰ পানীৰ সংযোগ লাভ কৰিছে। একেদৰে অৰুণাচল প্ৰদেশত প্রধানমন্ত্রী আৱাস যোজনাৰ অধীনত ৩৪,৫০০ তকৈও অধিক ঘৰ সম্পূৰ্ণ হৈছে। ভাৰতৰ বিকাশৰ নতুন ইঞ্জিন হিচাপে উত্তৰ-পূবৰ ভূমিকাৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্রী সোণোৱালে কয় যে বিগত আঠটা বছৰত মোদীৰ বলিষ্ঠ নেতৃত্বত উত্তৰ-পূবত যাতায়াত-যোগাযোগ ব্যৱস্থা যথেষ্ট সুচল আৰু উন্নত হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত আন্তঃৰাজ্যিক আৰু আন্তঃ-আঞ্চলিক সংযোগ গঢ়ি তোলাত দিয়া গুৰুত্বই ল’জিষ্টিক আৰু পৰিবহণৰ ক্ষেত্ৰত সংযোগ বৃদ্ধি কৰিছে। অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত প্ৰথম বাণিজ্যিক বিমান চলাচল সমগ্ৰ অঞ্চলটোৰ বাবে এক বৃহৎ পদক্ষেপ বুলি তেওঁ উল্লেখ কৰে। দিল্লীলৈ পোনপটীয়া ৰে’ল চলাচলৰ দ্বাৰা নাহৰলগুন ৰে’ল ষ্টেচন দেশৰ ৰে’ল মানচিত্ৰত অন্তৰ্ভুক্ত হৈছে। ব্ৰহ্মপুত্ৰৰ ওপৰত দীর্ঘদিন ধৰি স্থৱিৰ হৈ থকা বগীবিল দলং আৰু ধলা-শদিয়া দলঙৰ দৰে বৃহৎ আন্তঃগাঁথনিমূলক প্রকল্প বাস্তৱায়িত হৈছে, ইম্ফল-জিৰিবাম লাইনত বিশ্বৰ আটাইতকৈ ওখ গিৰ্ডাৰ ৰে’ল দলং নিৰ্মাণৰ কাম চলি আছে, অৰুণাচল প্ৰদেশ তথা উত্তৰ-পূবত বিভিন্ন পথৰ নিৰ্মাণ হৈছে, অঞ্চলটোৰ অৰ্থনৈতিক আৰু ব্যৱসায়িক সম্ভাৱনা বৃদ্ধিৰ বাবে জলপথ পৰিবহণ পুনৰ বৃদ্ধি কৰা হৈছে বুলি তেওঁ কয়। তদুপৰি তেওঁ কয় যে অৰুণাচল প্ৰদেশ তথা উত্তৰ-পূব ভাৰতত পৰ্যটনৰ বিশাল সম্ভাৱনা নিহিত হৈ আছে। এইক্ষেত্ৰতো চৰকাৰে গুৰুত্ব সহকাৰে কাম কৰি আছে। অঞ্চলটোত ঔষধি উদ্ভিদৰ সমৃদ্ধ বৈচিত্র্যই আয়ুষ খণ্ডত বিশাল সম্ভাৱনা কঢ়িয়াই অনাত সহায় কৰিব বুলিও তেওঁ উল্লেখ কৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More