উত্তৰ মাৰ্ঘেৰিটা লেখিকা সংস্থাৰ তৃতীয় বাৰ্ষিক অধিবেশন সম্পন্ন

0 19

শতাব্দ প্রতিবেদক, মাৰ্ঘেৰিটা , ২৪ এপ্রিলঃ আজি দিনজোৰা কাৰ্যসূচীৰে উত্তৰ মাৰ্ঘেৰিটা লেখিকা সংস্থাৰ তৃতীয় বাৰ্ষিক অধিবেশনখন মাৰ্ঘেৰিটা উন্নয়ন খণ্ড সভাগৃহত অনুষ্ঠিত হয়। সংস্থাৰ সভানেত্রী টুনু গগৈ শইকীয়াৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত উদেশ্য ব্যাখ্যা কৰে সম্পাদিকা পাৰুল শইকীয়া দুৱৰীয়ে। সুৰৰ দেউল সংগীত মহাবিদ্যালয়ৰ শিল্পীসকলে আৰম্ভণিতে সৰস্বতী বন্দনা পৰিবেশন কৰে। অসম লেখিকা সংস্থাৰ সম্পাদিকা অঞ্জলী ৰাজ কুমাৰী, বিশিষ্ট সাহিত্যিক বৰুণ বড়া, বিশিষ্ট অতিথি, অসম লেখিকা সংস্থাৰ প্রাক্তন সভানেত্রী ড° ইনু মহন্ত কলিতা আৰু লেখিকা সংস্থাৰ লিডু জাগুন শাখাৰ সভানেত্রী মীনা নাথে আমন্ত্রিত অতিথি ৰূপে অংশ গ্রহণ কৰে। সভাত নিকুঞ্জ গগৈ, ৰুক্মিনী হালৈ, নৱযানী বৰুৱা, মীনা বৰপাত্র গোহাঁই, অনংগ কাশ্যপ, নয়ন জ্যোতি দিহিঙীয়াই কবিতা পাঠ, নিৰ্মালী মাহাও, সৰিতা ৰাই, বৰুণ বড়া, জোনালী ডেকা, জোনালী বৰা শইকীয়াই গীত পৰিবেশন আৰু শিশু শিল্পী ভূপালী ৰাগিণী বড়াৰ নৃত্য পৰিবেশনে সৌষ্ঠৱ বৃদ্ধি কৰে । মুকলি সভাতে বিশিষ্ট সাহিত্যিক বৰুণ বড়াই দিম্পী বৈশ্য আৰু বৰ্ণালী গগৈৰ সম্পাদিত উত্তৰ মাৰ্ঘেৰিটা লেখিকা সংস্থাৰ বাৰ্ষিক কাব্যালোচনী বৰ্ণ মালঞ্চ উন্মোচন কৰে। কৰ’না মহামাৰীৰ সময়ত অনলাইন যোগে অনুষ্ঠিত কৰা চিত্রাংকন, কবিতা আবৃত্তি প্রতিযোগিতাৰ বিজয়ী সকলক পুৰস্কাৰ বিতৰণ কৰে। বিয়লি অনুষ্ঠিত বিষয় বাচনি সভাত পৌৰোহিত্য কৰে বিদায়ী সভানেত্রী টুনু গগৈয়ে। বিষয় বাচনি সভাত চিত্রা বৰগোহাঁই সভানেত্রী, মীনা বৰপাত্র গোহাঁই উপসভানেত্রী, চয়নিকা হাজৰিকা সম্পাদিকা, দিম্পী বৈশ্য সহকাৰী সম্পাদিকা সাংস্কৃতিক সমপাদিকা মিতালী গগৈ আৰু পাৰুল শইকীয়া দুৱৰীক আলোচনী সম্পাদিকা ৰূপে পৰবৰ্তী কাৰ্যকালৰ বাবে উত্তৰ মাৰ্ঘেৰিটা লেখিকা সংস্থাৰ নতুন সমিতিখন কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More