উত্তৰ লখিমপুৰত মেট্ৰিক্স জিম মুকলি মিষ্টাৰ ইউনিভাৰ্ছৰ দ্বাৰা 

মগজুক নিয়ন্ত্ৰণ কৰে মনে- মিষ্টাৰ ইউনিভাৰ্ছ দীপক গগৈ

0 23

WhatsApp Image 2023 01 04 at 7.00.20 PMশতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৪ জানুৱাৰীঃ আধুনিক জীৱন যাত্ৰাত ব্যায়াম তথা শৰীৰ চৰ্চাই বিশেষ প্ৰাধান্য পাই থকাৰ সময়তে আজি উত্তৰ লখিমপুৰ নগৰত এটা নতুন জিম মুকলি কৰা হয়। নগৰখনৰ প্ৰধান চাৰিআলিৰ সমীপৰ কমলাবাৰী পথৰ (কে বি ৰোড) মছজিদৰ কাষতে মেট্ৰিক্স জিমটো মুকলি কৰে মিষ্টাৰ ইউনিভাৰ্ছ দীপক গগৈয়ে।WhatsApp Image 2023 01 04 at 7.45.40 PM 1 মেট্ৰিক্সৰ স্বত্বাধিকাৰী দুলুমণি মহন্তই জনোৱা মতে পুৰুষৰ বাবে মুকলি কৰা মেট্ৰিক্স জিমটো পুৱা ৫ বজাৰ পৰা নিশা ১১ বজালৈকে শৰীৰ চৰ্চাৰ বাবে মুকলি থাকিব। আজিৰ বৰ্ণাঢ্য উদ্বোধনী অনুষ্ঠানত উদ্বোধক তথা মিষ্টাৰ ইউনিভাৰ্ছ দীপক গগৈয়ে ভাষণত কয় যে শৰীৰ চৰ্চা কৰা লোকসকলক ৰাইজে কঠোৰ হৃদয়ৰ বুলি ভাবে যদিও সেয়া সত্য নহয়। শৰীৰ চৰ্চা দেখাত এটা অহংকাৰী কাৰবাৰ যেন লাগিলেও প্ৰকৃততে শৰীৰ চৰ্চা এক অনুশীলন আৰু দেহ সুস্থ  ৰখাৰ এক নিয়মিত অভ্যাস। একোজন মানুহে নিজ পাৰদৰ্শিতাৰে জীৱনটো আগুৱাই লৈ যাব বিচাৰে, যত মগজুৰ কছৰতৰে তেঁও নিজৰ প্ৰতিভা বিকাশ কৰে। ঠিক একেদৰে শৰীৰ চৰ্চা কৰা এজনেও নিজ দেহটোক লৈ কছৰতৰ দ্বাৰা প্ৰতিভা বিকাশ কৰে। ইয়াত মগজুক পৰিচালনা কৰে মনে। মনেই এজন মানুহক সফল ব্যক্তিৰূপে গঢ়ি তোলাত প্ৰধান ভূমিকা লয়। সাফল্য সহজে নাহে বুলি উল্লেখ কৰি দীপক গগৈয়ে কয়- কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতা থাকিলে সাফল্য় নিজে নিজে আহি নিৰ্দিষ্টজনৰ কাষ পাইহি বুলি মন্তব্য কৰে।WhatsApp Image 2023 01 04 at 7.45.39 PM আজিৰ অনুষ্ঠানত লখিমপুৰৰ গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকে। অনুষ্ঠানত দীপক গগৈয়ে সুঠাম শৰীৰেৰে শৰীৰ চৰ্চাৰ বিভিন্ন দিশ প্ৰদৰ্শন কৰে। মেট্ৰিক্সৰ স্বত্বাধিকাৰী দুলুমণি মহন্তই জনোৱা মতে অচিৰেই মহিলাৰ বাবেও মেট্ৰিক্সে একে ঠাইতে এটা জিম মুকলি কৰিব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More