উদ্ধাৰ হ’ল মাৰ্ঘেৰিটাৰ অবৈধ কয়লা খনিত নিহত ৩ শ্ৰমিকৰ মৃতদেহ

0 31

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২০ ছেপ্টেম্বৰ : অৱশেষত উদ্ধাৰ হ’ল তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অবৈধ কয়লা খনিত দেওবাৰে পুনৰ মৃত্যুমুখত পৰা ৩জন নিৰীহ শ্ৰমিকৰ মৃতদেহ ৷ উল্লেখ্য যে মাৰ্ঘেৰিটা মহকুমাৰ মোলাং পাহাৰৰ দুৰ্গম অঞ্চলত থকা ডেভিদ নাগা নামৰ চোৰাং কয়লা বেপাৰীৰ অবৈধ খনিত খনন চলাই থকাৰ সময়ত বিষাক্ত গেছ নিৰ্গত হোৱাৰ ফলত দেওবাৰে ঘটনাস্থলীতে মৃত্যু ঘটিছিল বঙাইগাঁও জিলাৰ যোগীঘোপাৰ ছহিদুল ইছলাম, হুছেইন আলী আৰু গোৱালপাৰা জিলাৰ বগুৱানৰ আছমত আলী নামৰ ৩জন শ্ৰমিকৰ ৷ অবৈধ কয়লা খনি বা ’খাদান’ত (ৰেট হ’ল মাইনিং) কাম কৰাৰ বাবে শ্ৰমিক যোগান ধৰা ঠিকাদাৰৰ প্ৰৰোচনাত পৰি প্ৰায় এমাহ পূৰ্বে লিডুৰ কয়লা খনিত কাম কৰিবলৈ অহা শ্ৰমিক ৩জনৰ অকাল মৃত্যুৰ পাছত কয়লা মাফিয়াই নিশাৰ ভাগতে জে চি বি ব্যৱহাৰ কৰি গাত খান্দি তিনিটা মৃতদেহ পুতি পেলাই প্ৰমাণ নষ্ট কৰাৰ অপচেষ্টা চলাই যদিও সতীৰ্থ শ্ৰমিকে পুৱতি নিশা নিহত শ্ৰমিকৰ পৰিয়ালক এই শোকাবহ ঘটনাৰ বিষয়ে অৱগত কৰাৰ পাছতে সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷ ভয়াৱহ এই ঘটনাই ব্যাপক চৰ্চা লাভ কৰাৰ পাছত পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হয় সাধাৰণতে এনে ঘটনাত মুকবধিৰৰ ভূমিকা গ্ৰহণ কৰি অহা মাৰ্ঘেৰিটা আৰক্ষী ৷ আৰক্ষীয়ে কেইবাজনো ব্যক্তিক আটক কৰি সোধপোছৰ অন্তত গোপনে পুতি ৰখা মৃতদেহকেইটা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ সোমবাৰে নিশাৰ ভাগত ৩ শ্ৰমিকৰ মৃতদেহ তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়লৈ অনা হয় ৷ আনহাতে আজি আনুষ্ঠানিকতা সম্পন্ন কৰাৰ অন্তত বিয়লি কেওটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় ৷ ইতিমধ্যে মৃতদেহকেইটা নষ্ট হবলৈ ধৰা বুলি চিকিৎসালয়ৰ সূত্ৰই সদৰি কৰিছে ৷ মৰণোত্তৰ পৰীক্ষাৰ পাছত মৃতদেহ কেইটা পৰিয়ালৰ লোকক চমজাই দিয়া হ’ব বুলি প্ৰকাশ ৷ অৱশ্যে আৰক্ষীয়ে এই পৰ্য্যন্ত দুৰ্ঘটনা সংঘটিত হোৱা অবৈধ কয়লা খনিটোৰ মালিক ডেভিদ নাগা নামৰ চোৰাং কয়লা মাফিয়াটোক ধৰিবলৈ সক্ষম হোৱা নাই ৷ মাৰ্ঘেৰিটাৰ মহকুমা আৰক্ষী বিষয়া হেমন্ত বড়োয়ে জানিবলৈ দিয়া মতে ডেভিড নাগা পলাতক হৈ আছে ৷ কয়লাৰ চোৰাং বেহাৰ লগত জড়িত জনৈক বিজন ৰয়, ৰানা দাস আৰু আনোৱাৰ হুছেইন ওৰফে চুফি বাবাকে ধৰি ৮জনক সোধপোছৰ বাবে আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে মাৰ্ঘেৰিটাৰ অবৈধ খনিত শ্ৰমিক মৃত্যু এক সাধাৰণ ঘটনাত পৰিণত হৈছে ৷ কিন্তু প্ৰভাৱশালী চোৰাং কয়লা মাফিয়া চক্ৰই ধনৰ বলেৰে সকলো পক্ষকে মেনেজ কৰি সমস্ত ঘটনা গাপ দি আহিবলৈ সক্ষম হৈছে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More