উধাও দেশৰ ‘বলশালী বিদেশনীতি’

মালিয়া, ডেভিৰ প্ৰত্যাৰ্পনক লৈ ‘নীৰৱ’ মোদী

0 17

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ মে’ : ইউপিএ জমানাৰ শেষৰ ফালে মনমোহন সিঙক ‘দুর্বল প্রধানমন্ত্রী’ আখ্যা দিছিল বিজেপিয়ে। কোৱা হৈছিল, নৰেন্দ্র মোদী ক্ষমতালৈ আহিলে ‘বলশালী’ নীতিৰে চলিব কেন্দ্র। ৰাজনৈতিক সূত্রৰ মতে, ঘৰুৱা প্রচাৰত ‘ছাপন্ন ইঞ্চি’ৰ কথা কোৱা সহজ। কিন্তু চৰকাৰত বহি অর্থনীতি আৰু কৌশলগত প্ৰত্যাহ্বানৰ মুখামুখি হোৱাটো অন্য বিষয়। যোৱা দুসপ্তাহত ব্রিটেইন, ডেনমার্ক আৰু ইটালিৰ ৰাষ্ট্রনেতা আৰু মন্ত্রীসকলৰ লগত ভাৰতীয় নেতাসকলৰ দ্বিপাক্ষিক বৈঠকত সেই সত্যই উঠি আহিছে বুলি ধাৰণা কৰা হৈছে। ভাৰতত অপৰাধ কৰি পলায়ন কৰা বিজয় মালিয়া, নীৰৱ মোদী, পুৰুলিয়া অস্ত্র বর্ষণৰ লগত জড়িত কিম ডেভিদ, ভাৰতীয় জলপথত কেৰালাৰ দুই মাছমৰীয়াক গুলিয়াই হত্যা কৰা মেৰিনক ঘূৰাই অনাক লৈ কার্যকৰী কোনো সিদ্ধান্ত বা ঘোষণা কিন্তু এইসমূহ বৈঠকৰ পিছতো দেখা পোৱা নাই। ৰাজনৈতিক শিবিৰৰ বক্তব্য— ব্যৱসায় আৰু কৌশলগত কাৰণে এই দেশবোৰ ওপৰত মোদী চৰকাৰৰ নির্ভৰতা এতিয়া ইমানেই প্রকট যে, ‘বলশালী বিদেশনীতি’ৰ দেখা সাক্ষাৎ পাবলৈ নাই। তেওঁলোকক চাপ দি কাম হাচিল কৰাৰ সাহসেই নাই কেন্দ্রৰ।

  •  ঘূৰাই অনা নহ’ল দুই ইটালিয়ান মেৰিন
    ৬ মে’ত বৈদেশিক মন্ত্রী এছ জয়শঙ্কৰৰ লগত বৈঠকত বহিছিল ইটালিৰ বৈদেশিক মন্ত্রী লুইগ’ ডি মায়’। কথা হ’ল ইউক্রেইনলৈ শান্তি ঘূৰাই অনাৰ বিষয়ে। কিন্তু কোনো পক্ষৰেই উচ্চবাচ্য শুনিবলৈ পোৱা নগ’ল সেই দুই মেৰিনৰ বিচাৰৰ বিষয়ে, ইউপিএৰ আমোলত যিটোক লৈ সংসদ তোলপাৰ কৰিছিল বিজেপিয়ে। ২০১২ চনত কেৰালাৰ উপকূলৰ সমীপত ইটালিয়ান জাহাজৰ ৰক্ষী মেৰিন মেচিমিলানো লাতোৰে আৰু চালভাতোৰে গিৰ’নৰ গুলিত নিহত হৈছিল দুই ভাৰতীয় মাছমৰীয়া। উল্লিখিত দুই মেৰিনক গ্রেপ্তাৰ কৰিছিল কেৰালা পুলিচে। ইয়াৰ পিছতে বিষয়টোক লৈ কূটনৈতিক টনা আজোঁৰা হৈছে বিস্তৰ। ভাৰতীয় জলসীমাৰ ভিতৰতেই মাছমৰীয়া নিহত হোৱা বাবে ভাৰতৰ আদালততেই দুই মেৰিনৰ বিচাৰ হোৱা উচিত বুলি দাবী কৰিছিল দিল্লীয়ে। ৰোমৰ ওলোটা দাবী— ঘটনা ঘটিছে ভাৰতীয় জলসীমাৰ বাহিৰত। সেয়ে ৰাষ্ট্ৰসংঘৰ সমুদ্র সংক্রান্তীয় আইনমতে ইয়াৰ বিচাৰ হোৱা উচিত। এসময়ত দুই মেৰিনক চর্তসাপেক্ষে ইটালিলৈ যোৱাৰ অনুমতি দিয়ে ছুপ্রিম ক’র্টে। পিছত ইটালি চৰকাৰে জনাই দিয়ে যে, তেওঁলোক আৰু ভাৰতলৈ ঘূৰি নাযাব। বিষয়টো লৈ সেই সময়ৰ তদানীন্তন ইউপিএ চৰকাৰক সংসদৰ বাহিৰত আৰু ভিতৰত প্রভূতঃ সমালোচনা কৰিছিল বিজেপিয়ে। কিন্তু ঘটনা হ’ল ২০১৪ চনত ক্ষমতালৈ অহাৰ পিছতো আজিপর্যন্ত তেওঁলোকে এই দুই মেৰিনক প্ৰত্যাৰ্পন কৰাব পৰা নাই। ৰাজনৈতিক সূত্রৰ বক্তব্য— মোদী ইয়াৰ পূৰ্বে ইটালি ভ্ৰমণ গৈছিল। এইবাৰ সেই দেশৰ বিদেশিক মন্ত্রী আহিল। কিন্তু এই প্রশ্নটো গাপ দিয়েই ৰখা হৈছে।1651983368789
  •  বিজয় মালিয়া আৰু নীৰৱ মোদীক লৈ নিৰৱতা
    যোৱা মাহত ব্রিটেইনৰ প্রধানমন্ত্রী বৰিচ জনচনৰ দিল্লী ভ্ৰমণত ব্রিটেইনলৈ পলাই যোৱা নীৰৱ মোদী আৰু বিজয় মালিয়াৰ প্রসঙ্গ অৱশ্যে উঠিছে। কিন্তু এই দুই পলৰীয়াক ঘূৰাই দিয়াক লৈ কেৱল আশ্বাসক বাদ দি (যিটো ইয়াৰ আগেয়েও 1651983368809বহুবাৰ দিয়া হৈছে) কাগজে-কলমে একো পোৱা নগ’ল। এই দুই ব্যক্তিয়ে ব্রিটেইনত আশ্রয় বিচাৰিছে আৰু সেয়া নির্ভৰ কৰিছে ব্রিটেইন চৰকাৰৰ সিদ্ধান্তৰ ওপৰত। কিন্তু তেওঁলোকক প্ৰত্যাৰ্পনৰ বাবে কোনো উদ্যোগ এতিয়াও জনচন চৰকাৰৰ পক্ষৰ পৰা লোৱা দেখা নাই। যদিও সেই দেশত বসবাসকাৰী ধনী ৰাছিয়ানসকলৰ সম্পত্তি দ্রুত বাজেয়াপ্ত কৰিবলৈ উদ্যোগী হৈছে জনচন চৰকাৰ।
  •  কিম ডেভিৰ ক্ষেত্ৰতো মৌনতা
    মে’ মাহত প্রধান মন্ত্রী নৰেন্দ্র মোদী ত্রিদেশীয় ইউৰোপ ভ্ৰমণত ডেনমার্কলৈ গ’ল। ভ্ৰমণটো গুৰুত্বপূর্ণ, কাৰণ ২০ বছৰ পিছত কোনো ভাৰতীয় প্রধান মন্ত্রী ডেনমার্কলৈ গল। কিন্তু পুৰুলিয়া অস্ত্র বর্ষণ গোচৰৰ মূল অভিযুক্ত ডেনমার্কৰ কিম ডেভিক ভাৰতলৈ প্ৰত্যাৰ্পনৰ বিষয়টো লৈ কোনো কথাই নহ’ল। এই লৈ দীর্ঘ টনা আজোঁৰাৰ ফলত দুই দেশৰ সম্পর্কলৈ শীতলতা আহিছিল। সূত্রৰ মতে, এই অৱস্থা চেৰাই ডেভিক প্ৰত্যাৰ্পনৰ1651983368765 বিষয়টোক এৰাই থাকিয়েই বিগত দুবছৰ ধৰি ডেনমার্কৰ লগত সম্পর্কৰ উন্নতিৰ চেষ্টা কৰিছে মোদী চৰকাৰে। দুমাহ আগতে সেই দেশৰ পৰা এটা প্রতিনিধি দল কলকাতালৈ আহি তাত সংশোধনাগাৰ আৰু বিচাৰকক্ষ নিৰীক্ষণ কৰি যায়হি। দীর্ঘদিন আগতেই ডেভিক ভাৰতলৈ পঠোৱাৰ ক্ষেত্ৰত ৰাজি হৈছিল ডেনমার্ক চৰকাৰ। কিন্তু এতিয়া বেহাল সংশোধনাগাৰৰ অভিযোগ তুলি বিষয়টোক লৈ দীর্ঘম্যাদী আইনী প্রক্রিয়া আৰম্ভ হয়। সূত্রৰ খবৰ— মোদীৰ লগত ডেনমার্কৰ প্রধানমন্ত্রী মেটে ফ্রেডৰিকচনৰ বৈঠকতো সেই জঁট খোলাৰ চেষ্টা কৰা নহ’ল।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More