উপবাসৰ বিপদ! মহিলাসকলৰ বাবে সতৰ্কবাণী

0 18

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ অক্টোবৰ : বহু পুষ্টি বিশেষজ্ঞই ওজন কমাবলৈ মাজে মাজে উপবাস বা Intermittent Fasting কৰাটো অন্যতম ফলপ্ৰসূ উপায় হিচাপে পৰামৰ্শ দিয়ে। এই ধৰণৰ খাদ্যত এজন ব্যক্তিয়ে এটা নিৰ্দিষ্ট সময়ত আহাৰ গ্ৰহণ কৰে আৰু তাৰ পিছত প্ৰায় ১২-১৬ ঘন্টা উপবাস ৰাখে। যদিও বহুলোক এই পদ্ধতিৰ দ্বাৰা উপকৃত হৈছে, তথাপি এক নতুন গৱেষণাৰ পৰা দেখা গৈছে যে এনেদৰে মাজে মাজে উপবাসে থকাৰ ফলত মহিলাৰ প্ৰজনন হৰম’নত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। চিকাগোৰ ইলিনয় বিশ্ববিদ্যালয়ৰ এটা দলে মেদবহুলতাৰ ওপৰত গৱেষণা কৰি থাকোঁতে মহিলাৰ ক্ষেত্ৰত এই নতুন ধাৰাটোৰ প্ৰমাণ পাইছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More