‘উৰাণ’ আঁচনিৰ অধীনত ছয়খন আছিয়ান দেশৰ সৈতে সংযোগ সাধন কৰা হ’ব : মুখ্যমন্ত্রী

0 26
শতাব্দ প্রতিনিধি, গুৱাহাটী,২৭ মে’ : ‘প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত ভাৰত চৰকাৰে ৰূপায়ণ কৰা এক্ট ইষ্ট পলিচিয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ দিশত এক নতুন দিগন্তৰ সূচনা কৰিছে আৰু বৰ্তমান এই অঞ্চলটোৰ উন্নয়নৰ ক্ষেত্ৰত এক দৃষ্টান্তমূলক পৰিৱৰ্তন সাধন হৈছে।’- আজি মহানগৰীত আছিয়ান দেশসমূহৰ ৰাষ্ট্ৰদূত আৰু উচ্চায়ুক্তসকলৰ উপস্থিতিত অনুষ্ঠিত ‘উত্তৰ-পূবৰ জৰিয়তে এক্ট ইষ্ট’ৰ ওপৰত আয়োজিত সন্মিলনত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়। মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে এক্ট ইষ্ট পলিচিৰ জৰিয়তে উন্নয়নে যি মাত্ৰা লাভ কৰিছে তাৰ দ্বাৰা উত্তৰ-পূবৰ জনসাধাৰণে নিজকে ভাৰত চৰকাৰৰ বিভিন্ন উন্নয়নমূলক কাৰ্যসূচীসমূহৰ সৈতে সংপৃক্ত কৰিব পাৰিছে। তেওঁ লগতে কয় যে এই এক্ট ইষ্ট পলিচিৰ পটভূমিত বৰ্তমানৰ ৰাজ্য চৰকাৰে অসমক আছিয়ান ব্লকৰ ‘এক্সপ্ৰেছৱে’ আৰু ‘গেটৱে’ হিচাপে গঢ়ি তুলিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। মুখ্যমন্ত্রীয়ে লগতে কয় যে এক্ট ইষ্ট পলিচিৰ সাৰ্থক ৰূপায়ণৰ দিশত অধিক দ্রুততাৰে আগুৱাই যাব পৰাকৈ এই পদক্ষেপৰ অংশ হিচাপে অসম চৰকাৰৰ এক্ট ইষ্ট পলিচি বিভাগে আজিৰ এই সন্মিলনৰ আয়োজন কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন উন্নয়নমূলক প্রকল্পই আজি উত্তৰ-পূৰ্বাঞ্চলক আছিয়ান দেশসমূহৰ দুৱাৰমুখ হিচাপে পৰিগণিত কৰাৰ পথ প্রশস্ত কৰিছে। মুখ্যমন্ত্রীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূব তথা ইয়াৰ জনসাধাৰণৰ প্ৰতি অব্যাহত ৰখা উন্নয়নমুখী ধাৰাটোৱে প্ৰমাণ কৰিছে যে এই অঞ্চলটো ভাৰতৰ পৰিধিতেই নহয়, প্রকৃততে ই দক্ষিণ-পূব এছিয়াৰ দ্ৰুততম উদীয়মান দেশসমূহৰ ব্যৱসায় আৰু বাণিজ্যিক কেন্দ্ৰ হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা প্রকট কৰিছে। সেইবাবে অসম চৰকাৰে আছিয়ান আৰু দক্ষিণ-পূব এছিয়াৰ ‘দুৱাৰমুখ’ আৰু ‘এক্সপ্ৰেছ পথ’ হিচাপে অসমক পৰিগণিত কৰাৰ বাবে নিৰন্তৰ কাম কৰি আহিছে। চৰকাৰে অসমক এক ঔদ্যোগিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে দৃঢ়তাৰে প্ৰয়াস চলাইছে। ইয়াৰ ফলত কেৱল এই অঞ্চলটোতে নহয়, বি বি এন আৰু আছিয়ান দেশসমূহৰ জনসাধাৰণৰ বাবেও সেৱা আগবঢ়াবলৈ সক্ষম হ’ব বুলি তেওঁ কয়। এছিয়ান দেশসমূহৰ সৈতে উত্তৰ-পূৰ্বাঞ্চলৰ ভৌগোলিক নিকটতাৰ ওপৰত বক্তব্য ৰাখি মুখ্যমন্ত্ৰীয়ে কয় যে ম্যানমাৰ, চীন, ভূটান, নেপাল আৰু বাংলাদেশৰ দৰে দেশসমূহৰ সৈতে আমাৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰ দূৰত্ব ৫৩০০ কিঃমিঃতকৈও কম। মুখ্যমন্ত্ৰীয়ে কয় যে বিগত ৭-৮ বছৰত আছিয়ান দেশসমূহৰ সৈতে ভাৰতৰ যোগাযোগ দ্রুত গতিত বৃদ্ধি পাইছে। বাণিজ্যিক সম্পর্ক অধিক সুদৃঢ় হৈছে, বিনিয়োগ ব্যৱস্থা যথেষ্ট বৃদ্ধি পাইছে আৰু দক্ষিণ-পূব এছিয়াৰ সৈতে উত্তৰ-পূবৰ যোগাযোগ ব্যৱস্থা বাস্তৱত পৰিণত হোৱাৰ দিশে দ্রুত গতিত অগ্ৰসৰ হৈছে। তেওঁ কয় যে অসমত আইন-শৃংখলা যথেষ্ট উন্নত হৈছে। সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইন প্রত্যাহাৰ কৰা হৈছে। উত্তৰ আৰু দক্ষিণপাৰৰ জনসাধাৰণৰ যাতায়াত ব্যৱস্থা সুগম কৰাৰ বাবে ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণকে ধৰি উন্নয়ন সাধন কৰা হৈছে বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে কয় যে অসমে ৰাজ্যখনৰ জৈৱ বৈচিত্ৰ সংৰক্ষণ আৰু সেউজ শক্তি উৎপন্ন কৰি প্ৰকৃতিৰ সৈতে সহাৱস্থানেৰে ৰাজ্যখনৰ উন্নয়নৰ বাবে এক ৰোড মেপ প্ৰস্তুত কৰাৰ দিশত অগ্ৰসৰ হৈছে। উৰাণ আন্তঃৰাষ্ট্ৰীয় আঁচনিৰ অধীনত কমেও ৬ খন আছিয়ান দেশৰ সৈতে সংযোগ সাধন কৰা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ জৰিয়তে অসম চৰকাৰে আছিয়ান দেশসমূহৰ সৈতে এক নতুন অর্থনৈতিক সহযোগিতা গঢ়ি তোলাৰ বাবে অগ্ৰসৰ হৈছে। তেওঁ লগতে কয় যে আছিয়ান ৰাষ্ট্ৰসমূহৰ সৈতে এক সুদৃঢ় আৰু বহনক্ষম সহযোগিতা গঢ়ি তোলাৰ বাবে অসম চৰকাৰে আন্তৰিকতাৰে কাম কৰি আছে। অনুষ্ঠানত ছিংগাপুৰৰ উচ্চায়ুক্ত চাইমন উয়ে কুয়েনে উত্থাপন কৰা বিষয় সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে উত্তৰ-পূৰ্বাঞ্চল আৰু ইয়াৰ বহিৰাজ্যৰ জনসাধাৰণৰ সা-সুবিধাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীৰ সম্প্ৰসাৰণৰ বাবে ছিংগাপুৰৰ সহযোগিতা বিচাৰে। অনুষ্ঠানত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অসমত পর্যাপ্ত বিনিয়োগৰ সম্ভাৱনাৰ বিষয়ে আলোকপাত কৰে। পথ, ৰে’লপথ, বিমান পৰিবহন আৰু ইণ্টাৰনেট সংযোগৰ ক্ষেত্ৰত আন্তঃগাঁথনি উন্নয়নৰ বিভিন্ন দিশ সামৰি তেওঁ কয় যে এক্ট ইষ্ট পলিচি ঘোষণা কৰাৰ পূর্বে অসমক ভাৰতৰ শেষ প্রান্ত হিচাপে গণ্য কৰা হৈছিল। কিন্তু এই এক্ট ইষ্ট পলিচিয়ে সেই ধাৰণাটো সলনি কৰি অসমক আছিয়ান দেশসমূহৰ সৈতে ভাৰতৰ কেন্দ্ৰ বিন্দু হিচাপে গণ্য কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে আছিয়ান দেশসমূহৰ ৰাষ্ট্ৰদূত আৰু উচ্চায়ুক্তসকলক জি টু বি আৰু বি টু বি বৈঠকৰ বাবে তেওঁলোকৰ ব্যৱসায়িক প্রতিনিধিসকলক অসমলৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনায়।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More