এইবাৰ কংগ্ৰেছ এৰিলে প্ৰাক্তন মন্ত্রী খৰছিং ইংতিয়ে

0 7
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৫ জুনঃ কংগ্ৰেছত পুনৰ আন এক মোক্ষম আঘাত। এইবাৰ কংগ্ৰেছ এৰিলে প্ৰাক্তন মন্ত্ৰী খৰছিং ইংতিয়ে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পাছত পাহাৰীয়া জিলাখনৰ জ্যেষ্ঠ কংগ্ৰেছী নেতাজনে দল ত্যাগ কৰিলে। দলৰ সকলো বিষয়বাব এৰিলে খৰছিং ইংতিয়ে। আনকি দলৰ প্ৰাথমিক সদস্য পদো ত্যাগ কৰিলে খৰছিং ইংতিয়ে। এই সন্দৰ্ভত তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ পদত্যাগ পত্র প্ৰেৰণ কৰিছে। লক্ষণীয় বিষয় যে পাহাৰীয়া জিলা কাৰ্বি আংলং এসময়ত কংগ্ৰেছৰ দখলত আছিল। শেহতীয়া কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছে এখনো আসন লাভ কৰিবলৈ সক্ষম নহ’ল। যাৰ পৰিপ্ৰেক্ষিতত আজি জিলাখনৰ কংগ্ৰেছ দলৰ তত্বাৱধায়কৰ দায়িত্বত থকা জ্যেষ্ঠ নেতা খৰছিং ইংতিয়ে পদত্যাগ কৰে। উল্লেখ যে তৰুণ গগৈ চৰকাৰৰ দিনত পাহাৰীয়া জিলাখনৰ শক্তিশালী নেতা খৰছিং ইংতি খনি আৰু খনিজাত সামগ্ৰী, পশুপালন আৰু পশু চিকিৎসা আৰু পাহাৰ এলেকা দপ্তৰৰ মন্ত্রী আছিল। এইগৰাকী জ্যেষ্ঠ নেতাই দলত্যাগ কৰাটো কংগ্ৰেছৰ বাবে বৃহৎ ক্ষতি হিচাপে বিবেচিত হৈছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More