এইবাৰ ঢকুৱাখনা আদালতৰ ল’ক আপৰ পৰা পলাল গেৰজাই

অসম আৰক্ষীৰ মূৰৰ কামোৰণি সৃষ্টি কৰা দুৰ্ধৰ্ষ ডকাইত

0 16

শতাব্দ প্ৰতিবেদক ঢকুৱাখনা, ১৬ আগষ্ট: আৰক্ষীৰ তথাকথিত কটকটীয়া পহৰাৰ ফোপোলা আৰু সোপাঢিলা অৱস্থাৰ স্বৰূপ উদঙাই আজি অৰ্থাৎ সোমবাৰে দিন-দুপৰতে ঢকুৱাখনা মহকুমা ন‍্যায়িক দণ্ডাধীশৰ আদালত ভৱনৰ পৰা পলায়ন কৰে অসম আৰক্ষীৰ মূৰৰ কামোৰণি সৃষ্টি কৰা কেইবাটাও গোচৰত অভিযুক্ত আচামী তথা দুৰ্ধৰ্ষ ডকাইত হিচাপে জনাজাত গেৰজাই ওৰফে ৰাজু বৰুৱাই। ঘটনাৰ বিৱৰণী অনুসৰি ঢকুৱাখনা আৰু ঘিলামৰা থানাত পঞ্জীভূত কেইবাটাও গোচৰত অভিযুক্ত আৰু সুদীৰ্ঘ দিন লখিমপুৰ জিলা কাৰাগাৰত কাৰাবন্দী হৈ থকা গেৰজাইক আজি আন কেইবাজনো কাৰাবন্দীৰ সৈতে লখিমপুৰ জিলা কাৰাগাৰৰ পৰা আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব‍্যৱস্থাৰে ঢকুৱাখনা মহকুমা ন‍্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায়।ন‍্যায়িক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰোৱাৰ পিছত বিভাগীয় নিয়ম অনুসৰি আন কেইবাটাও আচামীৰ সৈতে ঢকুৱাখনাৰ ভাটি জালভাৰী নিবাসী গেৰজাই ওৰফে ৰাজু বৰুৱাক আদালত সংলগ্ন পুৰুষৰ ল’ক আপত ভৰাই থোৱা হয়। কিন্তু দিনৰ প্ৰায় ১১-৫০ মান বজাত এজন লোকে আদালত চৌহদৰ পিছফালৰ মুকলি অঞ্চলৰ মাজেদি তিনিটা মানুহ দৌৰি যোৱা দেখি আদালতৰ নিৰাপত্তাৰক্ষীক খবৰ দিয়ে।তেতিয়া নিৰাপত্তাৰক্ষীয়ে প্ৰত‍্যক্ষ কৰে যে ল’ক আপৰ প্ৰস্ৰাৱগাৰৰ দুৱাৰখন ভিতৰফালৰ পৰা বন্ধ আৰু খিৰিকীৰ দেৱাল সংলগ্ন লোৰ গ্ৰীল এৰাই আছে। সেইফালেদি গেৰজাই পলায়ন কৰে।গেৰজাইৰ লগত আন দুটা কাৰাবন্দী আচামী ক্ৰমে ঢকুৱাখনা হুজ গাঁৱৰ সোণটি দাস আৰু ঘিলামৰাৰ বৰদৈৰ যতীন তামুলীয়েও পলায়ন কৰে । এই খবৰ পোৱাৰ পিছত আৰক্ষীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়‌। ঢকুৱাখনা মহকুমাৰ ন‍্যায়িক দণ্ডাধীশৰ আদালতৰ পিছফালে বিশাল ধাননি পথাৰ আৰু তাৰ নাতি দূৰেদি কঢ়া নদী বৈ গৈছে ।বাৰিষাৰ বোকাময় পথাৰ আৰু পানী থকা এলেকাত পলাতক আচামীৰ সন্ধান উলিওৱাটো আৰক্ষীৰ বাবে প্ৰৱল প্ৰত‍্যাহ্বানমূলক হৈ পৰিছে । ইফালে আৰক্ষীৰ কৰ্তব্যৰ গাফিলতিৰ কেইবাটাও দিশো গেৰজাইৰ পলায়নে উন্মোচিত কৰিছে ।বিশেষকৈ ঢকুৱাখনা আদালতৰ পি এছ আই পদটো দীৰ্ঘদিন ধৰি খালী হৈ থকা বুলি জানিব পৰা গৈছে ।উল্লেখ‍্য যে চলিত বৰ্ষৰ ২২ জানুৱাৰীৰ পুৱতি নিশা লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ ক’ভিড ৱাৰ্ডৰ পৰা গেৰজাইয়ে পলায়ন কৰিছিল । তাৰ তিনিটা দিনৰ পিছত ২৪ জানুৱাৰীত ঢকুৱাখনা আৰক্ষীয়ে গেৰজাইক পুনৰ কৰায়ত্ব কৰিবলৈ সক্ষম হৈছিল ।ইয়াৰ পূৰ্বে ঢকুৱাখনা থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া নিৰঞ্জন বৰুৱা আৰু ঢকুৱাখনা মহকুমাৰ মহকুমা আৰক্ষী বিষয়া সৌমাৰজ‍্যোতি ভূঞাৰ নেতৃত্বত এটা দলে ২০২১ চনৰ ২৪ ছেপ্টেম্বৰত গোপন সুত্ৰৰ পম খেদি গৈ কপৌহুৱা গাঁৱত এনকাউন্টাৰ কৰি দুধৰ্ষ অপৰাধী গেৰজাই ওৰফে ৰাজু বৰুৱাক কৰায়ত্ব কৰিছিল।ঢকুৱাখনা মহকুমাৰ বিভিন্ন ঠাইৰ লগতে, গোগামুখ ,মাজুলী আৰু শিৱসাগৰ আদিত গেৰজাই বিগত বহুদিন ধৰি হত্যা, হিংসা, অপহৰণ,ধৰ্ষণ,আৰু আৰক্ষীক আক্ৰমণকে আদি কৰি প্ৰায় ৮ টা বিভিন্ন অপৰাধজনিত গোচৰত অভিযুক্ত হৈ আছিল। ঢকুৱাখনা আৰক্ষীয়ে এনকাউন্টাৰ কৰাৰ সময়ত গেৰজাইৰ অণ্ডকোষটো ৰাবাৰ বুলেটৰ আঘাতত সম্পূৰ্ণ ৰূপে নষ্ট হোৱাত প্ৰায় দুমাহ কাল ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ ইউৰল’জি বিভাগত চিকিৎসাধীন হৈ আছিল। পৰৱৰ্তীকালত আৰোগ্য হোৱাত গেৰজাইক ন‍্যায়িক জিন্মাত লখিমপুৰ জিলা কাৰাগাৰত ৰখা হৈছিল। উল্লেখ‍্য যে বিগত ২২ জানুৱাৰীত হাতত হেণ্ডকাফসহ গেৰজাইয়ে পলায়ন কৰাৰ বিপৰীতে এইবাৰ হাতত হেণ্ডকাফ নাই । গেৰজাইৰ পুনৰ পলায়নে আৰক্ষীৰে নিদ্ৰা হৰণ কৰিছে। ইফালে সমীপৱত্তী পথাৰৰ মাজত থকা এটা টঙীঘৰৰ পৰা গেৰজাইয়ে এখন দা আৰু এডাল লাঠি লৈ যোৱা বুলি জানিব পৰা গৈছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More