এইবাৰ বিজুলী মহোৎসৱ : তিনিচুকীয়াত ২৭, ৩০ জুলাইত ৰাজহুৱা সভা

0 22

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৪ জুলাই : ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বৰ্ষৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি অহা ২৭ আৰু ৩০ জুলাইত কেন্দ্ৰীয় শক্তি মন্ত্ৰালয় আৰু অসম চৰকাৰৰ যৌথ উদ্যোগত বিজুলী মহোৎসৱ উপলক্ষে ‘উজ্জ্বল ভাৰত উজ্জ্বল ভবিষ্যৎ’ শীর্ষক দুখনকৈ ৰাজহুৱা সভাৰ আয়োজন কৰা হৈছে । এই ৰাজহুৱা সভাৰ প্ৰথমখন ২৭ জুলাইত মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ টিপংপানীত আৰু দ্বিতীয়খন ৩০ জুলাইত শদিয়া বিধানসভা সমষ্টিৰ শংকৰ চাহ বাগিচাত অনুষ্ঠিত হ’ব । প্ৰথমবাৰলৈ আয়োজিত এই বিজুলী মহোৎসৱৰ দুয়োখন ৰাজহুৱা সভাতে স্থানীয় বিধায়কসকলৰ লগতে উপায়ুক্ত নৰসিং পৱাৰ, শক্তি বিভাগ তথা উত্তৰ-পূব বৈদ্যুতিক শক্তি নিগমৰ (নীপকো) শীর্ষ বিষয়াসকল আৰু স্থানীয় বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব । বিজুলী মহোৎসৱৰ লগত সংগতি ৰাখি জিলাখনৰ বিভিন্ন স্থানত সাংস্কৃতিক কাৰ্যসূচীৰ লগতে বাটৰ নাট, চুটি ছবি আদিও প্রদর্শন কৰা হ’ব । দুয়োখন ৰাজহুৱা সভাতে কেন্দ্ৰীয় চৰকাৰৰ সৌভাগ্য আঁচনি তথা দীনদয়াল উপাধ্যায় গ্ৰাম জ্যোতি যোজনাৰ হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময়ৰ কৰা হব ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More