এক কেজি আমৰ মূল্য ৩ লাখ

চোৰৰ ভয়ত টোপনি নাই কৃষকৰ

0 68

দাদুল দেৱকৃষ্ণ বৰুৱা

১০০, ২০০ কিম্বা হাজাৰ টকা কেজি নহয়। আমৰ প্রতি কেজিৰ  দাম ২ লাখ ৭০ হাজাৰ টকা। এনে দাবীয়েই কৰিছে আলিপুৰদুৱাৰৰ আম খেতিয়কে। কিন্তু এনে কি আম, যাৰ দাম প্রায় তিনি লাখ টকা? আলিপুৰদুৱাৰ চহৰৰ বাসিন্দা লোচা দেৱৰ দাবী— এক কেজি মিয়াজাকি আমৰ (Miyazaki Mango) দাম প্রায় তিনি লাখ টকা। আচলতে এইবিধ জাপানী আম। একেবাৰে বিৰল জাতৰ আম। কলকাতাৰ পৰা ২ হাজাৰ টকাকৈ চাৰিটা পুলি কিনি নিছিল তেওঁ। এই পুলি তেওঁ নিজৰ বাগানত ৰোপণ কৰে। আৰু সেই আমৰ পুলি আৰু ফল চাবলৈ একেবাৰে লাইন লাগি গৈছে তেওঁৰ ঘৰৰ ওচৰত।1654088380139

  •  চোৰৰ পৰা বচাবলৈ দিছে পহৰা
    আলিপুৰদুৱাৰ চহৰৰ পল্লিমঙ্গল ক্লাবৰ ওচৰত লোচা দেৱৰ ঘৰ। তেওঁ আলিপুৰদুৱাৰ ডিআৰএম অফিচৰ চতুর্থ শ্রেণীৰ কর্মচাৰী। এইবাৰ তেওঁৰ বাৰীৰ এই আম গছত এইবাৰ কলি পেলাইছে। এই লৈ তেওঁ খুবেই সুখী। কিন্তু এই সুখৰ মাজতে দুঃচিন্তাতো ভুগিছে তেওঁ। ৰাতি টোপনি নহা হৈছে লোচা দেৱৰ। এনে তিনি লাখটকীয়া আম পহৰা দিয়াটোৱেই তেওঁৰ বাবে এতিয়া এক বৃহৎ প্ৰত্যাহ্বান। মধ্যপ্রদেশৰ জবলপুৰৰ এক দম্পতি সংকল্প সিং পৰিহাৰ আৰু ৰাণী পৰিহাৰে এই জাতৰ দুজোপা আম গছ পহৰাৰ বাবে সশস্ত্র বাহিনী আৰু কুকুৰো ৰাখিছিল। অৱশ্যে লোচা দেৱৰ ক্ষেত্ৰত সশস্ত্র বাহিনী ৰাখিবলগীয়াৰ দৰে পৰিস্থিতি সৃষ্টি হোৱা নাই। সেইকাৰণে ৰাতি উজাগৰে থাকি আম পহৰা দিছে তেওঁ। ইয়াৰ লগতে আম গছৰ চৌপাশে আঠটা চিচি কেমেৰাও লগাইছে তেওঁ। সেই চিচি কেমেৰাৰ মাধ্যমেৰেও ৰাতিয়ে দিনে আম গছত নজৰ ৰাখিছে তেওঁ।
  •  আটাইতকৈ দামী আমবিধ
    ভাৰত হৈছে আমৰ দেশ, যাক ফলৰ ৰজা বুলিও জনা যায়। দেশৰ প্ৰধান আম খেতি কৰা ৰাজ্যসমূহ হ’ল অন্ধ্ৰপ্ৰদেশ, উত্তৰ প্ৰদেশ, কৰ্ণাটক, বিহাৰ, গুজৰাট আৰু তামিলনাডু। ২৩.৪৭ % অংশ আৰু সৰ্বোচ্চ উৎপাদনশীলতাৰে আম উৎপাদনত উত্তৰ প্ৰদেশ প্ৰথম স্থানত আছে। ভাৰতত বাইংগনপল্লী, হিমসাগৰ, দুছেহৰি, আলফনছ’, লাংডা, মালদা আদি বহু আমৰ বৃহৎ পৰিসৰত খেতি কৰা হয়। ভাৰতবৰ্ষ বিশ্বলৈ সতেজ আম ৰপ্তানি কৰা দেশবোৰৰ ভিতৰতো বিশিষ্ট দেশ। কিন্তু আপুনি জানেনে মিয়াজাকি আম, আটাইতকৈ দামী জাতৰ আম। উজ্জ্বল ৰঙা বা বেঙুনীয়া ৰঙৰ আম বা মিয়াজাকি আম জাপানৰ মিয়াজাকি চহৰত খেতি কৰা বিশ্বৰ আটাইতকৈ দামী আম। থাইলেণ্ড আৰু ফিলিপাইনছতো আজিকালি এইবিধ আম পোৱা যায়।
  •  কি এই মিয়াজাকি আম
    এইবিধ আমৰ খেতি কৰিবলৈ হ’লে উষ্ণ বতৰ আৰু দিনটোত দীঘলীয়া সময় ৰ’দ থকা এলেকাৰ প্ৰয়োজন। এই আমবোৰৰ আকৃতি আৰু উজ্জ্বল ৰঙা ৰঙৰ বাবে ইয়াক Eggs of Sunshine বুলিও কোৱা হয়। জাপানৰ মিয়াজাকিত মিয়াজাকি আমক টাইয়ো-নো-টমাগো (Taiyo-no-Tomago) নামেৰেও জনা যায়; যিটো ইয়াৰ উৎপত্তিৰ নাম। এই আমবোৰ পকিলে বেঙুনীয়া ৰঙৰ পৰা জ্বলন্ত ৰঙা হৈ পৰে আৰু আকৃতিত ডাইনোছৰৰ কণীৰ দৰে দেখা যায়। জুইৰ দৰে ৰঙা ৰঙৰ বাবে মিয়াজাকি আমক অজগৰৰ কণী বুলিও কোৱা হয়। ৰিপৰ্ট অনুসৰি এই আমবোৰত চেনিৰ পৰিমাণ ১৫% বা তাতকৈ অধিক। জাপানৰ কিউছু প্ৰদেশৰ (Kyushu province) মিয়াজাকি চহৰত প্ৰধানকৈ মিয়াজাকি আমৰ খেতি কৰা হয়। উষ্ণ বতৰ, দীৰ্ঘদিনীয়া সূৰ্যৰ পোহৰ আৰু প্ৰচুৰ বৰষুণৰ বাবে চহৰখনৰ উৎপাদনৰ বাবে অনুকূল জলবায়ু আছে।

আন্তর্জাতিক বজাৰত এই আম একেবাৰে বহুমূলীয়া। এই আমৰ একো একোটাৰ ওজন প্রায় ৩৫০ গ্রামলৈকে হয়। অপূর্ব হেনো ইয়াৰ স্বাদ। আৰু বাহিৰৰ উজ্জ্বল ৰঙা ৰং দেখি মোহিত হ’ব আপুনিও।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More