‘এক চুটকি’ ধূলিৰ মূল্য ৩ কোটি ৮৩ লাখ !

ক'ত কেনেকৈ নিলাম হ'ল জানো আহক

0 59

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ এপ্ৰিল : “এক চুটকি সিন্দূৰ কী কিমত তুম ক্যা জান’ ৰমেশ বাবু; ঈশ্বৰ কা আশীৰ্বাদ হ’তা হ্যে এক চুটকি সিন্দূৰ, সুহাগন কে চাৰ কা তাজ…”। মনত আছে নিশ্চয় ‘ঔম শান্তি ঔম’ কথাছবিত দীপিকা পাডুকনৰ মুখৰ এই বিখ্যাত সংলাপটো ! ‘এক চুটকি সিন্দূৰ কী কিমত’ কিমান সেয়া নাজানিলেও ‘এক চুটকি’ ধূলিৰ দাম শেহতীয়াকৈ ৩ কোটি ৮৩ লাখ টকাতকৈয়ো ওপৰলৈ উঠিল। আচৰিত হৈছে নিশ্চয়! কিন্তু আচৰিত হ’লেও এয়াই সত্য। ৫ লাখ ৪ হাজাৰ ৩৭৫ মার্কিন ডলাৰত বিক্ৰী হৈছে এই ধূলি। ভাৰতীয় মুদ্রাৰ হিচাপত পৰিমাণটো ৩ কোটি ৮৩ লাখ টকাৰো বেছি ! ঠিকেই পঢ়িছে। যোৱা ১৩ এপ্ৰিলত এক নিলামত কোটি কোটি টকাৰ বিনিময়ত বিক্রী হৈ গ’ল ‘এক চুটকি’ ধূলি! কিন্তু এই ধূলিও কোনো গাঁৱলীয়া বাটৰ ধূলি নহয়; নহয় ধূলিৰ ধুমুহাত উৰি অহা ধূলি। বাস্তৱিকতে এই ধূলি এই পৃথিৱীৰেই নহয় ! এই ধূলি হ’ল চন্দ্ৰপৃষ্ঠৰ ধূলি ! ফৰ্বচত প্ৰকাশিত খবৰ অনুসৰি, এই নিলাম প্ৰক্ৰিয়া আয়োজন কৰা হৈছিল ১৩ এপ্ৰিল বুধবাৰে। তাতেই নাছাৰ সংগ্রহত থকা চন্দ্ৰৰ ধূলিৰ নমুনা বিক্রীৰ বাবে উঠে। এই ধূলি অনা হৈছিল নীল আৰ্মষ্ট্ৰঙৰ (Neil Armstrong) আমোলত। এপল’-১১ অভিযানৰ (Apollo 11 Mission) সদস্য নীল আৰ্মষ্ট্ৰঙে প্রথমবাৰৰ বাবে পৃথিৱীৰ প্রতিনিধি হিচাবে চন্দ্ৰৰ মাটিত ভৰি দিছিল। তেতিয়াই চন্দ্ৰ পৃষ্ঠৰ পৰা এই ধূলিৰ নমুনা সংগ্রহ কৰা হৈছিল আৰু অভিযাত্ৰীসকলে সেয়া পৃথিৱীলৈ লৈ আহিছিল। ইমান দিনে সেই ধূলিৰ নমুনা ৰখা হৈছিল মার্কিন মহাকাশ গবেষণা সংস্থা NASAৰ জিম্মাত। আপোনাৰ বা মোৰ বাবে চন্দ্ৰৰ এই ধূলিৰ মূল্য মহাকাশসম হ’লেও উদ্যোক্তাসকল কিন্তু এই দাম পাই মুঠেও সুখী নহয়! তেওঁলোকৰ আশা আছিল, আৰু বেছি দামত বিক্ৰী হ’ব এই ধূলি। তেওঁলোকে ভাবিছিল যে, নিলামত চন্দ্ৰৰ ধূলিৰ দাম উঠিব ৮ লাখৰ পৰা ১২ লাখ মার্কিন ডলাৰ। কিন্তু বাস্তৱত তাতকৈ বহু আগেয়েই থমকিছিল ক্রেতাসকল। অগত্যা ‘লোকচান’ মানিয়েই ধূলি বিক্রী কৰিবলৈ বাধ্য হয় সংশ্লিষ্ট কর্তৃপক্ষ ! ১৯৬৯ চনত চন্দ্ৰৰ পৃষ্ঠদেশত ভৰি থোৱাৰ পিছতে নির্দেশ মাফিক মাটিৰ নমুনা সংগ্রহৰ কাম আৰম্ভ কৰে নীল আৰ্মষ্ট্ৰঙে। সেই সময়ত মহাকাশচাৰীৰ কথা-বতৰাত শুনা গৈছিল যে, চন্দ্ৰৰ পৰা তেওঁলোকে মাটি হিচাবে যি নমুনা সংগ্রহ কৰিছে, সেয়া আচলতে মাটিৰ দৰেহে। বালিৰ দৰে গঢ়ৰ। সেই মাটি ইমানেই মিহি যে সেয়া পাউডাৰৰ দৰে বুলিও উল্লেখ কৰিছিল দুই নভচৰে। চন্দ্ৰৰ মাটিৰ নমুনা সংগ্রহ কৰাৰ পিছত সেইখিনি এটা নির্দিষ্ট বেগত ভৰাই ছীল কৰি দিছিল নীল আৰ্মষ্ট্ৰঙে। বিশেষজ্ঞসকলৰ মতে, চন্দ্ৰ পৃষ্ঠত কোনো বতাহ নাই। কিন্তু তাত সৌৰবায়ু নিয়মিত ৰূপত পৰে। যাৰ ফলত এক বিশেষ ধৰণৰ বৈদ্যুতিক শক্তিক্ষেত্র সৃষ্টি হয়। যাৰ প্রভাৱত চন্দ্রপৃষ্ঠত থকা পদার্থবোৰ মিহি বালিকণাৰ দৰেই মসৃণ হৈ যায়। কেৱল সেয়াই নয়। সেই একেটা কাৰণতে এই মাটি, ধূলি বা বালি আশপাশৰ সমস্ত পদাৰ্থৰ লগত লাগি যায়। যি মহাকাশচাৰীয়ে চন্দ্ৰৰ পিঠিত অৱতৰণ কৰিছিল, তেওঁলোকৰ পোছাকতো এই ধূলি লাগিছিল !

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More