এখন নতুন কিতাপ, কোনে কি কয়…

0 787

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,৭ ছেপ্টেম্বৰঃ এখন নতুন কিতাপ–“সাপ আৰু আমি”।IMG 20220906 WA0026 কিতাপখনৰ সন্দৰ্ভত প্ৰসিদ্ধ লেখিকা অনুৰাধা শৰ্মা পূজাৰীয়ে কি কৈছে পঢ়ি লও আহক। ” ডাঃ সুৰজিৎ গিৰিৰ প্রতি মোৰ এক কৌতুহল হৈছিল কিছু বছৰ আগৰে পৰাই। প্রথমে সামাজিক মাধ্যমত, বিষাক্ত সাপৰ দংশনত মৃতপ্রায় হোৱা ৰোগী এগৰাকীৰ লিখাত ডা:সুৰজিতৰ চিকিৎসাত কি দৰে আৰোগ্য হৈছিল সেই খবৰ পাইছিলো। পিছত ডা: সুৰজিৎ গিৰিৰ নিজৰ লেখাত সাপৰ দংশন, বিষধৰ সাপৰ দংশন পিছৰ সজাগতা মূলক কেবাটাও সুন্দৰ লিখা পঢ়ি মই নিজেই তেখেতৰ সৈতে যোগাযোগ কৰিছিলো, কৈছিলো সাদিন কাকতত লিখিবলৈ। সাপৰ প্রতি শৈশৱ কালৰ পৰাই অপাৰ কৌতুহল মোৰ আছিল। চাহ বাগিচাত মোৰ জন্ম। দেউতাই চাহ বাগিচাত পোৱা সাপ চিনিবলৈ বহু কিতাপ ৰাজ্যৰ বাহিৰৰ পৰা অৰ্ডাৰ কৰি আনিছিল। এখন আছিল Snakes Of India, আনখন Poisonous Snakes Of the Planet., দুয়োখন কিতাপত সাপৰ বহু আপুৰুগীয়া ৰঙীন আলোকচিত্ৰ আছিল। মই কৰবাত সাপ দেখিলেই কিতাপ কেইখন মেলি মিলাই চাওঁ, নামটো দেউতাক সোধো। দেউতাই সাপ মাৰিবলৈ নিদিছিল। মা আৰু দেউতাই মোক আচৰিত কাহিনী এটা কৈছিল। যোৰহাটৰ দকলঙীয়া চাহ বাগিচাৰ, হাতীগড় ৰেঞ্জৰ বঙলাটোত বহুদিনৰ পৰা কেকো সাপৰ বাসস্থান আছিল কাঠৰ চিলিঙত। বাগিচা পৰিচালকৰ এই বঙলাত মোৰ শৈশৱ অতিবাহিত হৈছিল। সন্ধিয়া কেকো সাপ বেৰলৈকে বগাই আহে আৰু মোৰ হেনো সিহঁতক চাই ধেমালি কৰাটো প্রিয় খেল আছিল। ডা:সুৰজিৎ গিৰি আনতকৈ পৃথক এইবাবেই যে, ডা:গিৰিয়ে, সাপ সম্পৰ্কে গভীৰ অধ্যয়ন কৰে আৰু সাপে দংশন কৰা ৰোগীক সুস্থ কৰি তোলাৰ বাবে প্ৰত্যাহ্বান গ্রহন কৰে। ইয়াৰ লগে – লগে সাধাৰণ মানুহৰ মাজত সাপ সম্পৰ্কে সজাগতা, ভয় উপশম কৰাৰ লগতে সাপৰ প্রতি মানুহৰ ঘৃণাৰ সলনি জ্ঞান দিয়াৰ চেষ্টা কৰি থাকে ডা:গিৰিয়ে। সৰ্প দংশনৰ ভুক্তভোগী ৰোগীৰ সেয়ে আত্মবিশ্বাস আজি ডা:গিৰি। আমাৰ ৰাজ্য কৃষিপ্রধান হোৱাৰ লগতে বানপানী সমস্যাৰ সৈতে সদা সংঘাত। পাহাৰ -অৰণ্য ধ্বংস হোৱাৰ বাবে চহৰ -মহানগৰীৰ মাজ মজিয়াতো সাপৰ বিচৰণ হয়। প্রতি বছৰে ৰাজ্যত সৰ্প দংশনত মৃত্যু হোৱা মানুহৰ সংখ্যা কম নহয়। বেছি ক্ষেত্রতে অজ্ঞতাৰ ফলত বেজৰ ওচৰলৈ নিয়া বা ঘৰুৱা চিকিৎসা কৰাৰ বাবে মানুহ মৃত্যুমুখত পৰে। এনে এখন ৰাজ্যত সুৰজিৎ গিৰিৰ দৰে নিষ্ঠাৱান চিকিৎসকৰ যথেষ্ট প্রয়োজন। ডা:সুৰজিৎ গিৰিৰ “সাপ আৰু আমি ” গ্ৰন্থখন সৰ্ব সাধাৰণ মানুহৰ বাবে সৰ্প জ্ঞানৰ এখন উপযোগী হাত পুথি হব বুলি মই বিশ্বাস কৰো। ডা গিৰিলৈ মোৰ অপাৰ শুভকামনা আৰু শ্রদ্ধা জনালো।IMG 20220905 WA0077 1
অহা ১৯ ছেপ্টেম্বৰত গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন হব লগা কিতাপখনৰ সন্দৰ্ভত জনপ্ৰিয় লেখিকা মনালিছা শইকীয়াই কৈছে এনেদৰে– ” ডাঃ সুৰজিত গিৰিক অতি মেধাবী আৰু প্ৰতিভাসম্পন্ন বুলি বাল্যকালৰে পৰা জানিছিলোঁ | শৈশৱ, কৈশোৰতেই দেখা সুৰজিতক বহু বছৰৰ মূৰত এদিন পুনৰ জানিলোঁ এগৰাকী সুদক্ষ চিকিৎসক তথা লেখক হিচাপে । বিশেষকৈ চিকিৎসা সম্পৰ্কীয় লেখাবোৰে মোক আকৰ্ষণ কৰিছিল | লেখাবোৰৰ গভীৰতালৈ গৈ উপলব্ধি কৰিছিলো এগৰাকী চিকিৎসক হিচাপে তেওঁ কিমান দক্ষ আৰু দায়বদ্ধ | সৰ্প দংশনৰ চিকিৎসা সম্পৰ্কে তেওঁৰ কেইবাটাও তথ্য সমৃদ্ধ লেখা পঢ়ি অভিভূত হৈছিলোঁ | বহু নজনা কথা জানিব পাৰিলো়ঁ | এই ধৰণৰ লেখাই বহুজনৰ উপকাৰ সাধিব বুলি মোৰ বিশ্বাস | নিজৰ কৰ্মৰ প্ৰতি ইমান নিষ্ঠা আৰু সততা খুব কম মানুহৰ মাজতহে দেখা পোৱা যায় |
সুৰজিতৰ এই গ্ৰন্থখনে সমাদৰ লাভ কৰিবই বুলি মোৰ দৃঢ় বিশ্বাস |
Snake man of India খ্যাত পদ্মশ্ৰী Romulus Whitaker এ কিতাপখনৰ সন্দৰ্ভত এনেদৰে কৈছে– Dr. Giri’s book is an inspiration to all rural doctors and I sincerely hope it will be translated in all the major regional languages so that his excellent example can be followed and snakebite given the kind of importance it deserves as the WHO’s Category A Neglected Tropical Disease. উল্লেখ্য় যে বিশিষ্ট ঔপন্যাসিক,  অনুৰাধা শৰ্মা পূজাৰীয়ে অহা ১৯ ছেপ্টেম্বৰত গুৱাহাটী প্ৰেছ ক্লাবত ” সাপ আৰু আমি ” শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰিব। অনুষ্ঠানত মুখ্য অতিথিৰূপে
ভাৰতীয় চিকিৎসা সংস্থাৰ ৰাজ্যিক সম্পাদিকা ডাঃ শিখা শৰ্মাই অংশগ্ৰহণ কৰিব। সভাত নিৰ্দিষ্ট বক্তাৰূপে বিশিষ্ট ঔপন্যাসিক,লেখিকা মনালিছা শইকীয়া আৰু বিশিষ্ট অতিথিৰূপে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই অংশগ্ৰহণ কৰাৰ কথা।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More