এছিয়ান বেডমিন্টন চেম্পিয়নশ্বিপৰ ছেমিত পিভি সিন্ধু

সাত বছৰীয়া ব্যৰ্থতাৰ অৱসান

0 22

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ এপ্ৰিলঃ বেডমিন্টনৰ এছিয়ান চেম্পিয়নশ্বিপৰ অন্তিম চাৰিত উপনীত হৈছে ভাৰতীয় শ্বাটলাৰ পিভি সিন্ধু। দুবাৰৰ অলিম্পিক পদকজয়ী সিন্ধু সাত বছৰৰ পিছত এই প্রতিযোগিতাৰ ছেমিফাইনেলত উঠিছে। ২০১৫ চনৰ পৰা চেষ্টা কৰিও তেওঁ এই প্ৰতিযোগিতাত সফল হ’ব পৰা নাছিল। অৱশেষত এই চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলৰ বাধা অতিক্রম কৰি সিন্ধুৱে সৃষ্টি কৰিলে নজিৰ। প্রতিযোগিতাৰ পঞ্চম বাছনিৰ সিন্ধুৱে কোৱাৰ্টাৰ ফাইনেলত ২১-৯, ১৩-২১, ২১-১৯ গেমত হৰুৱালে চীনৰ হি বিংজিয়াওক। চীনৰ এইগৰাকী শ্বাটলাৰৰ বিৰুদ্ধে এইবাৰৰ সতে একাদিক্ৰমে তিনিখন মেচত জয় লাভ কৰিবলৈ সক্ষম হৈছে সিন্ধু। উল্লেখ্য যে, শেষবাৰ ২০১৪ চনত এই প্রতিযোগিতাৰ অন্তিম চাৰিত উপনীত হৈছিল এইগৰাকী ভাৰতীয় শ্বাটলাৰ। কোৱাৰ্টাৰ ফাইনেলত আৰম্ভণিৰে পৰাই আক্রমণাত্মক মেজাজত আছিল সিন্ধু। প্রথম গেমত এসময়ত ১১-২ ব্যৱধানত আগুৱাই গৈছিল প্রতিপক্ষতকৈ। প্ৰথমটো গেমত ভাৰতীয় বেডমিন্টন খেলুৱৈগৰাকীৰ কৌশলৰ কোনো জবাব দিব নোৱাৰিলে চীনৰ বিংজিয়াওৱে। যদিও দ্বিতীয় গেমত প্রবলভাবে মেচলৈ উভতি আহে চীনা প্রতিযোগীগৰাকী। গেমটোও জিকে তেওঁ। তৃতীয় গেমত দুয়োৰে মাজত তুমুল যুঁজ হ’লেও শেষপর্যন্ত জয়ৰ মুখ দেখে সিন্ধুৱে। এইবাৰৰ সতে বিংজিয়াওক মুঠ আঠবাৰ হৰুৱালে সিন্ধুৱে। বৰ্তমানলৈকে মুঠ ১৭বাৰ পৰস্পৰৰ বিৰুদ্ধে মুখামুখি হৈছে তেওঁলোক। চীনা শ্বাটলাৰগৰাকী মুখামুখি যুদ্ধত সিন্ধুতকৈ  ৯-৮ ব্যৱধানত আগুৱাই আছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More