এজন ব্যতিক্ৰমী বেংক বিষয়া ‘প্ৰাঞ্জল গগৈ’

0 245

মুক্তাৰ আলী

অসমৰ থলুৱা উদ্যোগ, কুটিৰ শিল্প, কৃষিখণ্ডৰ উন্নয়নৰ বাবে শিক্ষিত যুৱ সমাজক অনুপ্ৰেৰণা যোগাই এখন সমৃদ্ধিশালী অসম গঢ়াৰ মানসিকতাৰে অহৰহ প্ৰচেষ্টা অব্যাহত ৰখা এজন ব্যক্তি প্ৰাঞ্জল গগৈ।পেছাত বেংক বিষয়া । বৰ্তমান নাৰায়ণপুৰ অসম গ্ৰামীণ বিকাশ বেংকৰ শাখা পৰিচালক হিচাপে কৰ্মৰত। বেংকৰ দায়িত্বৰ উপৰি অসমৰ থলুৱা কৃষক, ঔদ্যোগিক ব্যক্তিসকলৰ মাজত কৰ্মসংস্কৃতিৰ সজাগতা সৃষ্টি কৰি অহা এজন ব্যতিক্ৰমী ব্যক্তি। তেখেতৰ মতে অসমৰ প্ৰতিজন শিক্ষিত যুৱকেই চাকৰিৰ পিছে পিছে দৌৰি ফুৰাতকৈ কৃষি কৰ্মৰ সমান্তৰালকৈ আন আন ক্ষুদ্ৰ অথবা উৎপাদনমুখী কৰ্মত আত্মনিয়োগ কৰি প্ৰতিষ্ঠা লাভ কৰি বৰ্ধিত নিবনুৱা সমস্যাক নিয়ন্ত্ৰণলৈ আনিব পাৰে। মধ্য অসমৰ কৃষক সমাজৰ আহোপুৰুষাৰ্থ প্ৰচেষ্টাৰ ফলত সম্প্ৰতি অসমৰ উৎপাদিত কৃষিজাত সামগ্ৰী আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ ৰপ্তানি কৰি অধিক লাভাৱান্বিত হোৱা দেখা গৈছে। তেওঁ কয়- অসমীয়া ল’ৰাই অসমৰ সাৰুৱা ভূমিত উৎপাদন কৰি বিদেশৰ বজাৰলৈ ৰপ্তানি কৰিব পৰাকৈ প্ৰস্তুত হ’ব লাগে। ইয়াৰ বাবে আনুসঙ্গিক ধাৰণা, তত্বাৱধান,আৰু কৰ্মোদ্যমী যুৱকৰ প্ৰশিক্ষণ তথা মূলধন যোগানৰ বাবে কৃষি বিভাগ আৰু বেংকে ব্যৱস্থা গ্ৰহণ কৰি আহিছে, যিবোৰৰ বিষয়ে জানিবলৈ বা বুজিবলৈ আগবাঢ়ি আহিব লাগে নিজকে বেকাৰ বা নিবনুৱা বুলি উপলব্ধি কৰা প্ৰতিগৰাকী শিক্ষিত যুৱক যুৱতী। চাকৰি কালত বিষয়াগৰাকীয়ে যি ঠাইলৈকে গৈছে সকলো ঠাইতে নিজাববীয়াকৈ এই পদক্ষেপ হাতত লৈ বহু যুৱক-যুৱতীক প্ৰতিষ্ঠিত কৰিবলৈ প্ৰচেষ্টা চলাই আহিছে আৰু সফলো হৈছে। শেহতীয়াকৈ অসম চৰকাৰৰ বিভিন্ন আঁচনিৰ উদ্দেশ্য আৰু ইয়াৰ সঠিক ব্যৱহাৰৰ বিষয়ে তেখেতে নিজা প্ৰচেষ্টাৰে গাঁৱে ভূয়ে যুৱকসকলক সংগঠিত কৰি সেইবোৰৰ বিষয়ে বিতং তথ্য প্ৰদান কৰি কৰ্মৰ প্ৰতি উদ্গনি যোগায় আহিছে প্ৰচাৰৰ পৰা বিৰত থাকি।
আজিৰ পৰা কিছুদিন আগলৈকে বেংক কৰ্তৃপক্ষই থলুৱা যুৱকক প্ৰতাৰণা কৰা বুলি প্ৰচাৰিত গুজবৰ বিপৰীতে তেখেতে ইয়াৰ কাৰণ ব্যাখ্যা কৰি অসমীয়া যুৱকক কৰি দেখুওৱা আৰু ঘূৰাই দেখুৱাওৱা’ৰ মানসিকতা পোষণ কৰি আগবাঢ়ি যাবলৈ উপদেশ দিয়ে। তেখেতৰ মতে বহু এনে কৃষক আছে যি পাৰিবাৰিক সমস্যা সমাধানৰ বাবে ব্যৱসায় বা কৃষিৰ নাম লৈ ঋণ গ্ৰহণ কৰে । সমস্যা সমাধানৰ পিছত ঋণ ঘূৰাই নিদি বেংকক প্ৰতাৰণা কৰে বাবেই বহুক্ষেত্ৰত পিছৰসকলে সঁচা অৰ্থত কাম কৰাৰ মানসিকতাৰে ঋণ বিচাৰিলেও বিমুখ হ’ব লগা হয়।তেঁওৰ মতে সমাজৰ সচেতন চামে আগ্ৰহী যুৱক যুৱতী সকলক সংগঠিত কৰি কৰ্মৰ ধাৰণা দিয়াৰ সমান্তৰালকৈ মূলধন বেংকৰ জৰিয়তে যোগান ধৰি সেইবোৰ ঘূৰাই দিয়াত উদ্যোগ ললে কোনো জন অসমীয়া যুৱকেই মূলধনহীনতাৰ বাবে নিবনুৱা হৈ থাকিব লগা নহয়।আজি এই প্ৰতিবেদকৰ লগত হোৱা সাক্ষাতকাৰত এই কথা প্ৰকাশ কৰে বিষয়াগৰাকীয়ে।তেওঁ কয় অসমৰ বতাহ পানী খাই জীয়াই থকা প্ৰতিজন অসমীয়াই নিজৰ দেশৰ উন্নয়নৰ বাবে কাম কৰিব লাগিব। উন্নয়নৰ মাধ্যমেৰেই প্ৰকাশ কৰিব লাগিব জাতি অথবা দেশ প্ৰেম। সামগ্ৰিক উন্নয়নৰ ধাৰণাই সকলোকে সমভাৱে আগবঢ়াই নিয়াত সহায় কৰিব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More