এটাও চৰকাৰী চাকৰি নথকা গাঁওখন…

গাঁৱৰ দুখ দুৰ্দশাৰ কথা চকুলো টুকি বৰ্ণনা কৰিলে ৰূপা-পমিলিহঁতে

0 27

নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ ‘গাঁৱলৈ যাওঁ বলক’ কাৰ্যসূচীঃ বঞ্চনাৰ অন্য নাম লোহিত খাবলুৰ চেঙামাৰী মৰতপুৰ কৈৱৰ্ত গাঁওঃ মৰতপুৰলৈ যাবলৈ নাই কোনো পথ, নাৱেই একমাত্ৰ ভৰষা গাঁওবাসীৰঃ উচ্ছেদ জাননী প্ৰত্যাহাৰৰ দাবী

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৯ ডিচেম্বৰঃ গাঁওখনৰ নাম চেঙামাৰী মৰতপুৰ কৈৱৰ্ত৷ এই গাঁওখন এতিয়া চৰকাৰী সকলো দিশৰ পৰাই বঞ্চিত আৰু উপেক্ষিত হৈ আহিছে৷ আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ উদ্যোগত অসম অনুসূচিত জাতি যুৱ-ছাত্ৰ সন্থাৰ সহযোগত অনুষ্ঠিত হোৱা ‘গাঁৱলৈ যাওঁ বলক’ কাৰ্যসূচী গ্ৰহণ কৰা হয় এই গাঁওখনত৷ অতি দুৰ্গম তথা বাট-পথ নোহোৱা তেলাহী উন্নয়ন খণ্ডৰ অন্তৰ্গত তথা লোহিত খাবলু গাঁও পঞ্চায়তৰ মৰতপুৰ কৈৱৰ্ত গাঁওবাসীয়ে আজি তেওঁলোকৰ বিভিন্ন দুখ-দুৰ্দশাৰ কথা সাংবাদিকৰ সন্মুখত চকুলো টুকি বৰ্ণনা কৰে৷ এটুপি বিশুদ্ধ খোৱাপানী, উপযুক্ত স্বাস্থ্য সেৱা, শিক্ষা, যাতায়াত আদিৰ পৰা কেনেদৰে দশক দশক ধৰি বঞ্চিত হৈ আহিছে সেই বিষয়ে গাঁওখনৰ অজিত দাস, বিজিত দাস আদিয়ে অতি দুখেৰে বৰ্ণনা কৰে৷WhatsApp Image 2022 12 09 at 6.06.44 PM প্ৰতিবছৰে বানে জুৰুলা কৰি অহা গাঁওখনৰ শতকৰা এশ শতাংশ লোকেই মৎস্য বিক্ৰী অথবা দিন হাজিৰা কৰি পৰিয়াল পোহপাল দি আহিছে৷ ৰঙানদী আৰু সোৱণশিৰি নদীৰ সংগমস্থলীত ১৯৬৯ চনৰ পূৰ্বৰে ৰঙানদীৰ এটা ভগ্ন পুৰণি মথাউৰিত বসবাস কৰি জিৱিকা নিৰ্বাহ কৰি অহা এইসকল লোকক এতিয়া চৰকাৰে সেই স্থানৰ পৰা উচ্ছেদ কৰিব বিচৰা কাৰ্যই গাঁওবাসীক ব্যথিত কৰি তুলিছে আৰু তেওঁলোকে শীঘ্ৰে উচ্ছেদ জাননী প্ৰত্যাহাৰৰ দাবী জনাইছে৷ উল্লেখ্য যে এশ শতাংশ ভূমি পুত্ৰই বসবাস কৰা এই গাঁওখনত চাৰিশৰো অধিক জনসংখ্যা আছে আৰু তেওঁলোকে জিৱিকা নিৰ্বাহৰ বাবে দিনে নিশাই প্ৰকৃতিৰ লগত যুঁজ দি আহিছে৷ স্বাধীনতাৰ এই ৭৫ বছৰৰ পিছতো এই গাঁওখনলৈ যাবলৈ নাই কোনো সুগম পথ৷ বাৰিষা কেৱল একমাত্ৰ নাৱেই ভৰষা হয় গাঁওবাসীৰ৷ স্বাস্থ্যৰ ক্ষেত্ৰত গাঁওবাসীয়ে যমৰ যাতনা ভোগ কৰি অহাৰ লগতে প্ৰসূতি অথবা ৰোগীক এতিয়াও সাঙীভাৰ কৰিহে কেবা কিলোমিটাৰ দূৰত্বলৈ নি গাড়ীত উঠাব পাৰে৷ গাঁওখনৰ কণ কণ ছাত্ৰ-ছাত্ৰী অথবা শিশুসকলে উপযুক্ত শিক্ষা লাভৰ পৰা বঞ্চিত হৈ আহিব লগা হৈছে৷ চৰকাৰী সুবিধাৰ নামত উক্ত গাঁওখনত কেৱল এখন প্ৰাথমিক বিদ্যালয় আছে যদিও এই বিদ্যালয়খনৰ শিক্ষা ব্যৱস্থাও তেনেই পুতৌলগা৷ নাওবৈচা শিক্ষাখণ্ডৰ অন্তৰ্গত ১নং চেঙামাৰী খাবলি মৰতপুৰ কৈৱৰ্ত প্ৰাথমিক বিদ্যালয়খন ১৯৮২ চনতে স্থাপিত হ’ল যদিও প্ৰতিবছৰে বানে গাঁওবাসীক জুৰুলা কৰি অহাৰ বাবে আৰু বছৰৰ আঠটা মাহতে এই অঞ্চলত পানী থকাৰ বাবে শৈক্ষিক পৰিৱেশ বিঘ্নিত হৈ আহিছে৷ সম্প্ৰতি চৰকাৰী অনুষ্ঠানৰ নামত গাঁওখনত থকা এই একমাত্ৰ প্ৰাথমিক বিদ্যালয়খনত জয়ন্ত হাজৰিকা, কেশৱ দাস আৰু অকণ গায়ন নামৰ শিক্ষক কেইজনে বহু কষ্টৰে বিদ্যালয়খনত শিক্ষাদান কৰি আহিলেও গাঁওবাসীয়ে আশা কৰা ধৰণে সুফল লাভ কৰা নাই৷ পৰিতাপৰ কথা যে এই গাঁওখনৰ পৰা এই পৰ্যন্ত দুজন লোকেহে বি এ পাছ কৰাৰ লগতে ৬জনেহে মেট্ৰিক পাছ কৰিবলৈ সক্ষম হৈছে৷ WhatsApp Image 2022 12 09 at 6.06.57 PMএটাও চৰকাৰী চাকৰি নথকা গাঁওবাসীয়ে নিজৰ লৰা-ছোৱালীক উচ্চ শিক্ষিত কৰাৰ বাবে অভাৱনীয় সমস্যাত ভুগি আহিছে৷ বাৰিষা ৪-৫ কিলোমিটাৰ দূৰত্ব নাৱেৰে অতিক্ৰম কৰি নিজৰ সন্তানক শিক্ষা দিব লগা হয়৷ যাৰবাবে নিজৰ গাঁওখনৰ বিদ্যালয়খনৰ পৰা পঞ্চম শ্ৰেণী উত্তীৰ্ণ হৈ তেওঁলোকে আধাতে শিক্ষা শেষ কৰিব লগা হয়৷ গাঁওখনৰ জীয়ৰী ৰূপা দাস, পমিলি দাস আদিয়ে আজি কান্দি কান্দি কয় যে তেওঁলোকৰ সন্তানসকলক ষষ্ঠ শ্ৰেণীৰ পৰা পঢ়োৱাত ব্যৰ্থ হৈ আহিছে৷ কিয়নো গাঁওখনলৈ অহা যোৱা কৰিবলৈ কোনো বাট পথ নথকাৰ বাবে বাৰিষা ৰঙানদী আৰু সোৱণশিৰিৰ পানীয়ে সমগ্ৰ গাঁওখন বুৰাই ৰখাত তেওঁলোকে লৰা-ছোৱালীক ৬-৭ কিলোমিটাৰ আঁতৰত থকা বিদ্যালয়লৈ পথাব নোৱাৰে৷ একে সমস্যাৰ সৃষ্টি হয় গাঁওখনত থকা একমাত্ৰ প্ৰাথমিক বিদ্যালয়খনতো৷ চৌদিশে পানীৰে উপচি পৰাত এই গাঁওখনৰ বিদ্যালয়খনলৈ শিক্ষক-শিক্ষয়িত্ৰীসকল আহিব নোৱৰা হয় ফলত ছাত্ৰ-ছাত্ৰীসকল শিক্ষাৰ পৰা বঞ্চিত হৈ পৰে৷ শেহতীয়াকৈ চৰকাৰে এই গাঁওবাসীক উচ্ছেদৰ জাননী দিয়াত পমিলি দাসে কয় ‘চৰকাৰে বন্দুকেৰে আমাৰ সকলোকে একেলগে গুলীয়াই মাৰি পেলাওক৷’ আমাৰ মৃত্যু হলেও এই স্থান এৰি নাযাও৷ আনহাতে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ সম্পাদক কৰুণাকৃষ্ণ নাথে আঁতধৰা আজিৰ কাৰ্যসূচীত অসম অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি নিপেন দাসে কয় চৰকাৰে এই লোকসকলক পুনৰ সংস্থাপন নিদিয়া পৰ্যন্ত সন্থাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি যাব৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, বিধায়ক মানৱ ডেকা এবাৰ এই স্থানলৈ আহি এই লোকসকলৰ মনৰ কথা বুজ লওক বুলিও তেওঁ আহ্বান জনায়৷ আজিৰ অনুষ্ঠানত অৰুণজ্যোতি দাস, অজিত দাস, অচ্যুৎ দাস, বিজিত দাস আদিয়ে তেওঁলোকৰ মনৰ ক্ষোভ উজাৰি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে৷ উল্লেখ্য যে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ গাঁৱলৈ যাওঁ বলক কাৰ্যসূচীত প্ৰেছ ক্লাবৰ প্ৰায় ১৫জন সদস্যৰ লগতে অসম অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থাৰ নেতৃবৃন্দ নৃপেন দাস, মুন দাস, যুগল দাস, অৰুণজ্যোতি দাস, সত্যব্ৰত দাস, প্ৰণৱ দাস, বিজয় দাস, পাপু দাস, দিপক বাছফৰ আদি ভালেকেইজন নেতা উপস্থিতি থকাৰ লগতে সমগ্ৰ গাঁওবাসী উপস্থিত থাকি তেওঁলোকৰ বিভিন্ন সমস্যাৰাজি দাঙি ধৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More