এতিয়াৰে পৰা ভাৰতত চিকিৎসকৰ পেছাদাৰী আচৰণ নিৰীক্ষণ কৰা হ’ব

খচৰাৰ ওপৰত ২২ জুনৰ ভিতৰত আপুনিও দিব পাৰিব পৰামৰ্শ

0 43

শতাব্দ বিশেষ প্ৰতিনিধি, ২৬ মে’ : এতিয়াৰে পৰা ভাৰতবৰ্ষত চিকিৎসকসকলে ৰোগীক চিকিৎসা সেৱা প্ৰদান কৰোঁতে কিছুমান নিৰ্দিষ্ট পেছাদাৰী আচৰণ-বিধি মানি চলিব লাগিব। ইয়াৰ বাবে The Ethics & Medical Registration Boardএ ২৩ মে’ তাৰিখে নেশ্যনেল মেডিকেল কমিছন পঞ্জীয়নভুক্ত চিকিৎসক (পেছাদাৰী আচৰণ) নিয়মাৱলী, ২০২২ৰ খচৰা প্ৰস্তুত কৰি প্ৰকাশ কৰিছে। ব’ৰ্ডে এই নিয়মাৱলীৰ খচৰাৰ ওপৰত সংশ্লিষ্ট সকলো পক্ষৰে পৰাই মতামত আহ্বান কৰিছে। মতামত লিখিত আকাৰত জমা দিয়াৰ অন্তিম তাৰিখ নিৰ্ধাৰণ কৰা হৈছে ২২ জুন। উল্লেখযোগ্য যে, নেশ্যনেল মেডিকেল কমিছন হৈছে, ভাৰতবৰ্ষৰ চিকিৎসা বিজ্ঞান সম্পৰ্কীয় শিক্ষা আৰু চিকিৎসা সেৱা নিয়ন্ত্ৰণ কৰা একমাত্ৰ শীৰ্ষ সংস্থা। খচৰাখনত উল্লেখ থকা মতে ২০১৯ চনৰ নেশ্যনেল মেডিকেল কমিছন বিধিৰ অধীনত যিসকল চিকিৎসকে আধুনিক চিকিৎসা বা এল’পেথীৰ অধ্যয়ন কৰি ৰাষ্ট্ৰীয় বা ৰাজ্যিক পৰ্যায়ত পঞ্জীয়ন কৰিব তেওঁলোকে নামৰ আগত পূৰ্বৰ Dr.ৰ সলনি এতিয়াৰে পৰা Med Dr. লিখিব লাগিব। যিসকল চিকিৎসকে বিদেশৰ শিক্ষানুষ্ঠানৰ পৰা শিক্ষা গ্ৰহণ কৰি ভাৰতত সেৱা প্ৰদান কৰিবৰ বাবে নেশ্যনেল মেডিকেল কমিছনে পৰিচালনা কৰা Foreign Medical Graduate Examination ত উত্তীৰ্ণ হৈ ৰাষ্ট্ৰীয় বা ৰাজ্যিক পৰ্যায়ত পঞ্জীয়ন কৰিব তেওঁলোকে নেশ্যনেল মেডিকেল কমিছনে নিৰ্ধাৰিত কৰি দিয়া নিয়মাৱলী সমূহ পালন কৰিব লাগিব। ইয়াৰ উপৰি চিকিৎসকে বিশেষ এটা বিভাগৰ ৰোগীক চিকিৎসা কৰিব নোৱাৰিব যদিহে তেওঁ নেশ্যনেল মেডিকেল কমিছনৰ স্বীকৃতিপ্ৰাপ্ত আধুনিক চিকিৎসা বিজ্ঞানৰ সেই বিশেষ পাঠ্যক্ৰমটোৰ অধীনত শিক্ষা বা প্ৰশিক্ষণ সম্পূৰ্ণ কৰা নাই। আৰু এই বিষয়ে চিকিৎসক গৰাকীয়ে ৰোগী আৰু জনসাধাৰণক অৱগত কৰাব লাগিব। প্ৰস্তাৱিত বিধিখনত চিকিৎসকসকলৰ পেছাদাৰী উৎকৰ্ষ সাধনৰ বাবে পূৰ্বতে থকা Continuous Medical Education(CME) ৰ সলনি এতিয়া Continuous Professional Development(CPD) নামৰ এটা ব্যৱস্থা প্ৰৱৰ্তনৰ দিহা কৰা হৈছে আৰু ইয়াৰ ভিত্তিত প্ৰতিগৰাকী চিকিৎসককে গ্ৰেড প্ৰদান কৰা হ’ব। ইয়াৰ উপৰিও বিধিখনৰ খচৰাত চিকিৎসক সকলৰ পঞ্জীয়নৰ পৰা পেছাদাৰী দায়িত্ব, তেওঁৰ ৰোগী বা আন স্বাস্থ্য কৰ্মীসকলৰ প্ৰতি দায়ৱদ্ধতা, নিদান পত্ৰত ব্ৰেণ্ডৰ সলনি জেনেৰিক ঔষধৰ নাম, আত্মপ্ৰচাৰ আৰু বিজ্ঞাপন, চিকিৎসা সম্পৰ্কীয় প্ৰতিৱেদন আৰু পেছাদাৰী ক্ষেত্ৰত অসৎ আচৰণ ইত্যাদি ভালেমান বিষয় সন্নিৱিষ্ট কৰা হৈছে। ইতিমধ্যে বিশদ আলোচনাৰ বাবে খচৰাখন ৰাজহুৱা কৰা হৈছে আৰু ব’ৰ্ডৰ সদস্য ড° যোগিন্দৰ মালিকে চিকিৎসক, ৰোগী, বিশেষজ্ঞ, বিভিন্ন সংগঠন, সংস্থা সকলোকে বিধিখনৰ খচৰাৰ সন্দৰ্ভত নিজস্ব মতামত আগবঢ়াবলৈ আহ্বান জনাইছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More