এন ফ্ৰেংকৰ ডায়েৰীৰ ৭৫ বছৰঃ গুগলত এক সুন্দৰ ডুডল

0 13

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ জুন : আজি ২৫ জুনত গুগলে হ’ল’কাষ্টৰ বলি হোৱা এন ফ্ৰেংকৰ ‘দ্য ডায়েৰী অৱ এ ইয়ং গাৰ্ল’ৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে এক সুন্দৰ ডুডল শ্লাইডশ্ব’ৰে উদযাপন কৰিছে। ডুডলটোত তেওঁৰ ডায়েৰীৰ প্ৰকৃত কিছু অংশ সন্নিবিষ্ট কৰা হৈছে, য’ত তেওঁ আৰু তেওঁৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালে দুবছৰতকৈও অধিক সময় লুকাই থকাৰ সময়ত কি অভিজ্ঞতা লাভ কৰিছিল সেই বিষয়ে বৰ্ণনা কৰা হৈছে। গুগলৰ মতে, ইহুদী ডাচ-জাৰ্মান এনে মাত্ৰ ১৩-১৫ বছৰৰ ভিতৰতে ডায়েৰীখন লিখিছিল। ইয়াত হ’ল’কাষ্ট আৰু যুদ্ধৰ পৰিঘটনাৰ বিষয়ে তেওঁৰ ব্যক্তিগত বিৱৰণ আছে, যিটো আজিলৈকে আটাইতকৈ মৰ্মান্তিক আৰু বহুলভাৱে পঢ়া বিৱৰণীসমূহৰ ভিতৰত অন্যতম হৈয়েই আছে। আধুনিক ইতিহাসৰ অন্যতম অপৰিহাৰ্য গ্ৰন্থ হিচাপে বহুলভাৱে গণ্য কৰা তেওঁৰ ডায়েৰীখন প্ৰকাশ পোৱা আজি ৭৫ বছৰ সম্পূৰ্ণ হ’ল। গুগল ডুডলটোৰ ডিজাইন কৰিছে কলা পৰিচালক থোকা মায়েৰে। ডুডলটোৰ কাম কৰাৰ ক্ষেত্ৰত তেওঁৰ চিন্তাধাৰাৰ বিষয়ে সোধাত তেওঁ কয়— “এইটো কিমান ডাঙৰ কাম হ’ব পাৰে সেয়া তৎক্ষণাত স্পষ্ট হৈ পৰিল আৰু মই এক বিশাল দায়িত্ববোধ অনুভৱ কৰিলোঁ।” উল্লেখ্য যে, ১৯২৯ চনৰ ১২ জুনত জাৰ্মানীৰ ফ্ৰেংকফৰ্টত অট’ আৰু এডিথ ফ্ৰেংকৰ ঘৰত জন্মগ্ৰহণ কৰিছিল এন ফ্ৰেংকে। ক্ৰমবৰ্ধমান নাজী দলটোৰ হাতত লাখ লাখ সংখ্যালঘুৱে সন্মুখীন হোৱা ক্ৰমাৎ বৃদ্ধি পোৱা বৈষম্য আৰু হিংসাৰ পৰা হাত সাৰিবলৈ তেওঁৰ পৰিয়ালটো অতি সোনকালেই নেদাৰলেণ্ডৰ আমষ্টাৰডামলৈ গুচি যায়। দ্বিতীয় বিশ্বযুদ্ধৰ জুই জ্বলি উঠিছিল তেতিয়া, যেতিয়া এনৰ মাত্ৰ ১০ বছৰ বয়স হৈছিল। ১৯৪২ চনৰ বসন্ত কালত এনৰ পৰিয়াল নিৰ্যাতনৰ পৰা হাত সাৰিবলৈ দেউতাকৰ কাৰ্যালয় ভৱনৰ এটা গোপন এনেক্সত লুকাই আছিল। ১৯৪৪ চনৰ ৪ আগষ্টত নাজী বাহিনীয়ে ফ্ৰেংক পৰিয়ালক গ্ৰেপ্তাৰ কৰি ডিটেনচন চেণ্টাৰলৈ লৈ যায়। তেতিয়া এন ফ্ৰেংকৰ বয়স আছিল মাত্ৰ ১৫ বছৰ যেতিয়া তেওঁ জীয়াই থাকিবলৈ বাধ্য কৰা অমানৱীয় পৰিস্থিতিৰ সন্মুখীন হৈছিল। গুগলৰ মতে, তেতিয়াৰ পৰাই ‘ডায়েৰী অৱ এন ফ্ৰেংক’ এতিয়ালৈকে প্ৰকাশিত আটাইতকৈ বেছি পঢ়া অকল্পনীয় গ্ৰন্থসমূহৰ ভিতৰত অন্যতম হৈ পৰিছে। ৮০টাতকৈয়ো অধিক ভাষালৈ অনুবাদ কৰা ফ্ৰেংকৰ স্মৃতিগ্ৰন্থখন আজিৰ শ্ৰেণীকোঠাত এটা প্ৰধান বস্তু। গ্ৰন্থখন শিশুৰ প্ৰজন্মক হ’ল’কাষ্ট আৰু বৈষম্য আৰু অত্যাচাৰৰ ভয়ংকৰ বিপদৰ বিষয়ে জ্ঞান দিয়াৰ আহিলা হিচাপে ব্যৱহাৰ কৰা হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More