এপাৰ্টৰ উদ্যোগত শোণিতপুৰত ক্ৰেতা বিক্ৰেতা সন্মিলন

0 17

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ৩ ফেব্ৰুৱাৰীঃ কৃষিখণ্ডত সামগ্ৰিক বিকাশ আৰু ক্ৰেতা বিক্ৰেতা সকলৰ মিলনৰ অৰ্থে অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰন প্ৰকল্প চমুকৈ APART, শোণিতপুৰৰ উদ্যোগত আৰু জিলা কৃষি বিভাগৰ সহযোগত তেজপুৰ মাজগাওঁস্থিত যুটীয়া কৃষি সঞ্চালকৰ কাৰ্য্যালয় চৌহদত শুকুৰবাৰে অনুষ্ঠিত হয় এখনি ক্ৰেতা বিক্ৰেতা সন্মিলন । শোণিতপুৰ জিলাৰ উন্নয়ন আয়ুক্ত উৎপল বৰাই আনুষ্ঠানিকভাৱে মুকলি কৰা ক্ৰেতা বিক্ৰেতা সন্মিলনখনত অবিভক্ত শোণিতপুৰ জিলাৰ ২০টা কৃষক উৎপাদক কোম্পানীৰ (FPC) ৰ প্ৰতিনিধি বিক্ৰেতা হিচাপে অংশগ্ৰহণ কৰি তেখেত সকলৰ অধীনস্থ কৃষক সকলে উৎপাদন কৰা বিভিন্ন কৃষিজাত সামগ্ৰী – উন্নত জাতৰ FC 11 আলু, ধান, মাটিমাহ, মাকৈ, ঘেহু, আপেল বগৰী, ষ্ট্ৰবেৰী, জালুক, আদা, হালধী, খাটি সৰিয়হৰ তেল, গুৰ, জহা চাউল ইত্যাদি প্ৰদৰ্শন কৰে। উক্ত সন্মিলনত অসমৰ বিভিন্ন প্ৰান্তৰ বলোৰাম বাৰ্মা ৰাইছ মিলাৰ,ৰাহুল চৌধুৰীৰ ৰিলায়েন্স ৰিটেইল ,অক্ষয় পাত্ৰ ফাউণ্ডেশ্যন,NERAMAC কে ধৰি ১৫কোম্পানীৰ প্ৰতিনিধি ক্ৰেতা হিচাপে উপস্থিত থাকি কৃষি উৎপাদক কোম্পানীৰ সৈতে কৃষিজাত সামগ্ৰী ক্ৰয়ৰ বুজা বুজি চুক্তি স্বাক্ষৰিত কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি ক্ৰেতা বিক্ৰেতা সকলৰ মাজত এক মত বিনিময় সভা অনুষ্ঠিত হয়। অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰন প্ৰকল্প (APART) শোণিতপুৰৰ কৃষি বাণিজ্যিক সমন্বয়ক সৌৰভ শ্ৰীবাস্তৱে আঁত ধৰা ক্ৰেতা বিক্ৰেতাৰ মত বিনিময় সভাত উপস্থিত থাকে জিলা উন্নয়ন আয়ুক্ত উৎপল বৰা, কৃষি বিভাগৰ উত্তৰ মণ্ডলৰ যুটীয়া সঞ্চালক পবিত্ৰ শৰ্মা, NABARD ৰ DDM প্ৰিতম নাথ, সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰৰ অধক্ষ্য হৰেশ্বৰ দাস, মহকুমা কৃষি বিষয়া নৰেন চন্দ্ৰ শৰ্মা, কৃষি বিজ্ঞান কেন্দ্ৰ শোণিতপুৰৰ মুৰব্বী অংগনা শৰ্মা, বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ সহযোগী অধ্যাপককে প্ৰমুখ্যে কৃষি বিভাগৰ বিষয়া, কৰ্মচাৰীসকল ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More