এবছুৰ আদৰণিৰ বিপৰীতে বিটিআৰত শোণিতপুৰৰ গাঁৱৰ অন্তৰ্ভুক্তিকলৈ তীব্ৰ প্ৰতিবাদ চাৰিদুৱাৰ আৰু ঢেকিয়াজুলিত

২৮জানুৱাৰীত জিলা বন্ধৰ ঘোষণাঃপ্ৰতিবাদকাৰীক বুজনি দিলে বিধায়ক হাজৰিকাই

0 28

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ২৭জানুৱাৰী: শোণিতপুৰৰ চাৰিদুৱাৰৰ দুখন গাঁও বিটিআৰৰ অন্তৰ্ভুক্ত হোৱাকলৈ আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছে চাৰিদুৱাৰত৷ উল্লেখযোগ্য যে কালি দেশৰ ৭৪সংখ্যক গণতন্ত্ৰ দিৱসৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিটিআৰৰ সম্প্ৰসাৰণৰ বিষয়ে ঘোষণা কৰিছিল আৰু ইয়াৰে অংশ হিছাপে ৰাজ্যৰ ৬০খনকৈ বড়ো জনগোষ্ঠী অধ্যুষিত গাঁৱক বিটিআৰৰ অন্তৰ্ভুক্তি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ বিটিআৰৰ এই সম্প্ৰসাৰণত চাৰিদুৱাৰ ৰাজহ চক্ৰৰ দুখন গাঁও বিটিআৰত অন্তৰ্ভুক্তিক কেন্দ্ৰ কৰি কালি চাৰিদুৱাৰত বড়ো ৰাইজে হৰ্ষোল্লাস প্ৰকাশ কৰাৰ লগতে ফটকা ফুটাই তথা জনগোষ্ঠীটোৰ নৃত্য গীতৰে চৰকাৰৰ এই ঘোষণাৰ প্ৰতি আদৰণি জনায়৷ উল্লেখযোগ্য যে ২০২০ৰ ২৭জানুৱাৰীত চৰকাৰৰ স’তে হোৱা চুক্তিৰ দফা অনুসৰি দেশৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে বিটিআৰত নতুনকৈ ৬০খন গাঁও অন্তৰ্ভুক্তিৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ইপিনে কালি ঘোষিত অনুসৰি শোণিতপুৰৰ চাৰিদুৱাৰৰ দুখন গাঁও বিটিআৰত অন্তৰ্ভুক্তি হোৱাকলৈ স্হানীয় এবছুৱে ইয়াৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী,গৃহমন্ত্ৰী,ৰাজ্যৰ মুখ্যমন্ত্ৰী,বিটিআৰ প্ৰধান আৰু এবছুৰ কেন্দ্ৰীয় নেতৃত্বৰ শলাগ লোৱাৰ লগতে কয় যে,প্ৰকৃততে এবছুৰ চৰকাৰ স’তে হোৱা চুক্তি অনুসৰি ৰাজ্যৰ লগতে চাৰিদুৱাৰৰ আৰু বহুকেখন গাঁও বিটিআৰত অন্তৰ্ভুক্ত হ’ব লাগে আৰু ইয়াৰে প্ৰথমটো পদক্ষেপ অনুসৰিহে কালি ৰাজ্যৰ ৬০খন গাঁও তথা শোণিতপুৰৰ দুখন গাঁও বিটিআৰত অন্তৰ্ভুক্ত হৈছে৷পৰৱৰ্তী সময়ত বাকী গাঁও সমূহো বিটিআৰৰ অন্তৰ্ভক্তিৰ ক্ষেত্ৰত চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰা এবছুৰ স্হানীয় নেতৃত্বই লগতে কয় যে,বিটিআৰ হৈছে ৰাজ্যখনৰে এক ভিতৰুৱা বিষয় আৰু ইয়াত সকলো জাতি জনগোষ্ঠীৰ ৰাইজে শান্তিৰে বাস কৰি আহিছে৷ স্বায়ত্তশাসনৰে উন্নয়নহে বিটিআৰ ৰ লক্ষ্য আৰু ইয়াকলৈ শংকিত হোৱাৰ কাৰণ নাই বুলিও কয় এবছু নেতৃত্বই৷ইপিনে চৰকাৰৰ এনে সিদ্ধান্তৰ পাছতেই চাৰিদুৱাৰত অবড়ো ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ইয়াৰে পৰিণতিত আজি ইয়াত কে’বা সহস্ৰ অবড়ো ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷বিটিআৰৰ এনে সম্প্ৰসাৰণৰ বিৰুদ্ধে আজি চাৰিদুৱাৰৰ কেন্দ্ৰীয় খেলপথাৰত একত্ৰিত হয় সহস্ৰাধিক অবড়ো ৰাইজ। তদুপৰি, আক্ৰাছু,টিএমপিকে আদি সংগঠনৰ লগতে ক্ষুদ্ধ ৰাইজে বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰাৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও সোচ্চাৰ হৈ পৰে। হিমন্ত বিশ্ব শৰ্মা লেই লেই চেই চেই ধ্বনিৰ লগতে পুত্তলিকা সাজি বিৰোধিতা কৰা প্ৰতিবাদকাৰী সকলে আজি বিভিন্ন অঞ্চলৰ পৰা সমদল কৰি আহি কেন্দ্ৰীয় খেলপথাৰখনত উপস্থিত হৈ বিটিআৰ নালাগে বুলি ধ্বনি দিয়ে৷ প্ৰতিবাদকাৰী টিএমপিকেৰ স্হানীয় নেতৃত্বই কয় যে চটাই পৰ্যন্ত মুঠ ১৭খন বনগাঁও বিটিআৰত অন্তৰ্ভুক্ত কৰিবলৈ বিচৰা কাৰ্যক গৰিহণা দিয়াৰ লগতে তথা বৰ্তমান মিচিং স্বায়ত্তপৰিষদৰ অন্তৰ্গত মিচিং জনবসতিপূৰ্ণ গাঁও বিটিআৰত অন্তৰ্ভুক্ত কৰিবলৈ ওলোৱা কাৰ্যক কোনোপধ্যেই মানি লোৱা নহ’ব৷প্ৰতিবাদকাৰী সকলে এইসন্দৰ্ভত এখন স্মাৰকপত্ৰও চৰকাৰলৈ প্ৰেৰণ কৰে৷ইপিনে প্ৰতিবাদস্হলীত উপস্থিত হৈ চতিয়া বিধানসভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই প্ৰতিবাদকাৰী সকলক কয় যে প্ৰতিটো জাতি জনগোষ্ঠী নিজা অধিকাৰ লাভৰে জীয়াই থাকিব লাগে আৰু কাৰো অধিকাৰ খৰ্ব হ’ব নালাগে৷প্ৰতিবাদকাৰী সকলক শান্তি সম্প্ৰীতি অটুত ৰাখি প্ৰতিবাদৰ সময়ত সচেতন হ’বলৈ আহ্বান জনাই কয় যে,বহু সময়ত প্ৰতিবাদকাৰীৰ মাজত দুস্কৃতিকাৰীও সোমাই থাকে আৰু এইসকলে পৰিস্থিতি উত্তপ্ত কৰি তোলাৰ চেষ্টা চলাব পাৰে৷বিধায়কজনে বিটিআৰ ত দুখন গাঁৱৰ অন্তৰ্ভুক্তি সন্দৰ্ভত আলোচনা কৰাৰ বিষয়েও প্ৰকাশ কৰি কয় যে,চাৰিদুৱাৰৰ এৰালিলগা আৰু নমাইল লামৰ গাঁও দুখনৰ বাহিৰে আন কোনো গাঁও বিটিআৰৰ অন্তৰ্ভুক্তি হোৱা নাই৷বিধায়ক হাজৰিকাই সকলো পক্ষকে সংযমী হোৱাৰ বাবে আহ্বান জনাই৷ইপিনে বিটিআৰত শোণিতপুৰৰ গাঁও অন্তৰ্ভুক্তিক কেন্দ্ৰ কৰি ঢেকিয়াজুলিতো আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত কৰে আদিবাসী ছাত্ৰ সন্হাই৷ ঢেকিয়াজুলি ৰাজহচক্ৰৰ অন্তৰ্গত চেনীমাৰী গাওঁ পঞ্চায়ত এলেকাৰ ডিব্ৰুদৰং হাটখলাত আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতি আৰু ঢেকিয়াজুলি আঞ্চলিক সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ আজি সংগঠনটোৱে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা,তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লব লোচন দাস আৰু ৭১ নম্বৰ ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংঘালৰ প্ৰতিমূৰ্তি দাহ কৰি আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ইপিনে বিটিআৰৰ এই সম্প্ৰসাৰণৰ বিৰোধিতা কৰি সংগঠনটোৱে ২৮ জানুৱাৰীত ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধ ঘোষণা কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More