এভাৰেষ্ট বেছ কেম্প পালেগৈ মুম্বাইৰ কিশোৰী

১০ বছৰীয়া ৰিদম মমানিয়াই গঢ়িলে অভিলেখ

0 49

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ মে’ : এভাৰেষ্টলৈ আৰু মাত্ৰ কেইখোজমান। ১০ বছৰীয়া এগৰাকী কনমানিয়ে সম্ভৱ কৰি তুলিলে এই কাৰ্য। ইমান কম বয়সতে ইয়াৰ পূৰ্বে কোনো ভাৰতীয় উপনীত হ’ব পৰা নাছিল এভাৰেষ্ট বেছ কেম্পত। সেই কাণ্ডই ঘটালে মুম্বাইৰ কিশোৰী ৰিদম মামানিয়াই। কোনো প্রশিক্ষক নাই, সেই অর্থত কোনো প্রস্তুতিও নাই।1653387246807 কেইমাহমান মাত্ৰ নিয়মিত দৌৰিছিল ৰিদম। তাৰ ফলতেই বাঢ়িছে শ্বাস লোৱাৰ ক্ষমতা, পেশীৰ শক্তি। আৰু সেই কাৰণেই ৫৩৬৪ মিটাৰ উচ্চতাতো কোনো অসুবিধা হোৱা নাই তেওঁৰ। চলিত মাহত নেপালত এভাৰেষ্ট বেছ কেম্পত উপনীত হোৱাৰ এই ৰেকর্ড কৰিছে পঞ্চম শ্রেণীৰ ছাত্রী ৰিদমে। এই অভিযানত তেওঁৰ লগত আছিল পিতৃ-মাতৃ হৰচল আৰু উর্মি।

সংবাদ মাধ্যমকে ৰিদমৰ মাকে জনোৱা মতে, নিয়মিত স্কেটিং কৰাৰ ফলত ৰিদমৰ ভৰিৰ পেশী বেছ শক্তিশালী। সেই কাৰণেই ১১ দিনৰ ট্রেকিংঙত তাইৰ বিশেষ অসুবিধা হোৱা নাছিল। আনকি বেছ কেম্পৰ পৰা উভতাৰ সময়ত হেলিকপ্টাৰেৰে উভতাৰ প্রস্তাৱ দিয়া হৈছিল যদিও সেয়া প্ৰত্যাখ্যান কৰিছিল। নিজৰ সমস্ত আৱর্জনাও লগত লৈ আহিছিল কাঠমাণ্ডুপর্যন্ত। ৰিদমে নিজেও জনাইছে যে, এই বেচ কেম্প ট্রেকত তেওঁৰ কোনো অসুবিধাই হোৱা নাই। বৰং তেওঁ খুব উপভোগ কৰিছে গোটেই পথটো। যিটো এজেন্সিয়ে তেওঁলোকক বেছ কেম্পপর্যন্ত লৈ গৈছিল, তেওঁলোকৰ তৰফৰ পৰা সংবাদ মাধ্যমক জনোৱামতে, সকলো দেশৰ সকলো অভিযাত্রীৰ ৰেকর্ড তেওঁলোকৰ ওচৰত নাই। কিন্তু ৰিদম যে ভাৰতীয়সকলৰ ভিতৰত সর্বকনিষ্ঠ সেয়া ক’ব পৰা যায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More