এম্বুলেন্সত ৰোগীৰ সলনি পানীৰ পাইপঃ ধেমাজিত সংঘটিত আজৱ কাণ্ড

0 83

শতাব্দ প্ৰতিনিধি, ধেমাজি, ৩১ অক্টোবৰ : আপুনি নিশ্চয়কৈ জানে যে এম্বুলেন্স মানেই ৰোগী কঢ়িওৱা বাহন ৷ কিন্তু এয়া কি ? ৰোগীৰ পৰিৱৰ্তে সামগ্ৰী কঢ়িয়াই মালবাহী বাহনলৈ পৰিণত কৰা হ’ল এখন এম্বুলেন্স ৷ এই কাণ্ড ধেমাজিৰ ৷ ধেমাজি অসামৰিক চিকিৎসালয়ৰ অধীক্ষকে এম্বুলেন্সত ৰোগীৰ সলনি কঢ়িয়াবলৈ দিলে দোকানৰ সামগ্ৰী ৷ নাশ্ৰুত- নাভূত কাণ্ডৰে মাহেকে-পষেকে বাতৰিৰ শিৰোনাম দখল কৰি বিতৰ্কৰ আৱৰ্তত সোমাই থকা ধেমাজি অসামৰিক চিকিৎসালয়ৰ অধীক্ষকৰ এক কাণ্ডই ধেমাজিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ ৰোগী কঢ়িয়াবলৈ পৰ্যাপ্ত সুবিধা নথকা ধেমাজি অসামৰিক চিকিৎসালয়ৰ এখন এম্বুলেন্সে আজি নগৰৰপৰা পানীৰ পাইপ কঢ়িয়াই নিয়া ঘটনাই ৰাইজৰ চকু কপালত তুলিছে ৷ জানিব পৰা মতে ধেমাজি অসামৰিক চিকিৎসালয়ৰ এজন জেনেৰেটৰ অপাৰেটৰে অধীক্ষকৰ নিৰ্দেশত এখন এম্বুলেন্সত পানীৰ পাইপ আৰু অন্যান্য সামগ্ৰী উঠাই নি থকা অৱস্থাত আটাছুৰ ধেমাজি জিলা সমিতিৰ কেইজনমান বিষয়-ববীয়াৰ দৃষ্টিগোচৰ হয় ৷ গতি বিষম দেখি এম্বুলেন্সখন ৰখাই সোধাপোছা কৰাত এম্বুলেন্সখনৰ চালকজনে অধীক্ষকৰ নিৰ্দেশত পাইপ আৰু অন্যান্য সামগ্ৰীসমূহ নিয়াৰ কথা স্বীকাৰ কৰে ৷ ৰবীন গগৈ নামৰ চালকজনে নিজে জেনেৰেটৰ অপাৰেটৰ হিচাপে কাম কৰে যদিও চিকিৎসালয়খনৰ অধীক্ষকৰ নিৰ্দেশত এনেদৰে পূৰ্বেও বহুবাৰ এম্বুলেন্সত সামগ্ৰী সৰবৰাহ কৰাৰ কথা স্বীকাৰ কৰে ৷ তদুপৰি সামগ্ৰী কঢ়িওৱা নতুন এম্বুলেন্সখনত আজিলৈকে এজনো ৰোগী কঢ়িওৱা নাই বুলি জানিবলৈ দি কেৱল সামগ্ৰী সৰবৰাহ কৰি থকাৰ কথাহে উল্লেখ কৰে ৷ এম্বুলেন্সৰ অভাৱত ৰোগীৰ সঘন মৃত্যুৰ বাতৰি ওলাই থকাৰ সময়তে এম্বুলেন্সত ৰোগীৰ সলনি পানীৰ পাইপ কঢ়িওৱা ঘটনাই ধেমাজিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ সদৌ তাই আহোম ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক মনোজ গগৈয়ে অধীক্ষকজনৰ এনে কাণ্ডক ধিক্কাৰ দি উচিত তদন্ত কৰিবলৈ দাবী জনাইছে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More