‘এয়াৰ ইণ্ডিয়া’ৰ নতুন সাজোন-কাচোন

বিশ্বমানৰ এটা বিমান সংস্থা হিচাপে গঢ়ি তোলাৰ

0 37

শতাব্দ বিশেষ প্ৰতিনিধি, ২২ এপ্ৰিলঃ যোৱা ২৭ জানুৱাৰীত টাটা গ্ৰুপে ‘এয়াৰ ইণ্ডিয়া’ক অধিগ্ৰহণ কৰাৰ পাছত বিমান সংস্থাটোক নতুনকৈ সজাই-পৰাই তোলাৰ কামত এতিয়া ব্যস্ত হৈ পৰিছে টাটা গোষ্ঠী। প্ৰতিজন ভাৰতীয়ৰ বাবে গৌৰৱৰ প্ৰতীক ‘এয়াৰ ইণ্ডিয়া’ অধিগ্ৰহণৰ পাছতেই টাটা গ্ৰুপৰ তৰফৰ পৰা কোৱা হৈছিল যে, সকলো দিশৰ পৰাই ‘এয়াৰ ইণ্ডিয়া’ক এতিয়া বিশ্বৰ সৰ্বোৎকৃষ্ট বিমান পৰিৱহণ সংস্থা হিচাপে গঢ়ি তোলা হ’ব। ‘টাটা ছনছ’ৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণে এয়াৰ ইণ্ডিয়াৰ হস্তান্তৰকৰণৰ এমাহ পাছতেই বিমান সংস্থাটোৰ সকলো বিষয়া-কৰ্মচাৰীৰ উদ্দেশ্য দিয়া এক ভাষণত উল্লেখ কৰিছিল যে, “বিশ্বৰ ভিতৰতে অত্যাধুনিক প্ৰযুক্তিকৌশলৰে সমৃদ্ধ এটা বিমান সংস্থা হিচাপে ‘এয়াৰ ইণ্ডিয়া’ক গঢ়ি তোলা হ’ব। বিমান সংস্থাটোৰ প্ৰতি আমাৰ এটা বৃহৎ সপোন আছে আৰু সেয়েহে ইয়াক বিশ্বৰ প্ৰথম শ্ৰেণীৰ এটা সৰ্বশ্ৰেষ্ঠ বিমান পৰিৱহণ সংস্থা হিচাপে গঢ়ি তুলিবই লাগিব, যিটো ইয়াৰ প্ৰাপ্য।”
এই সপোনক বাস্তৱায়িত কৰিবলৈ টাটাৰ তৰফৰ পৰা ইতিমধ্যে ভালেমান গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। আৰম্ভণিৰ প্ৰথম পদক্ষেপ হিচাপে টাটাই ‘টাটা ছনছ’ৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণক এয়াৰ ইণ্ডিয়াৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। বিমান সংস্থাটোৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে টাৰ্কিছ এয়াৰলাইঞ্চৰ অধ্যক্ষ ইলকাৰ আইচিক নিযুক্তি দিয়া হৈছিল যদিও বিষয়টো কিছু বিতৰ্কলৈ যোৱাত তেওঁ এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাত বৰ্তমান এই পদটো পূৰণ কৰা হোৱা নাই। অধ্যক্ষ আৰু অন্যান্য কাৰ্যবাহী সঞ্চালকৰ বাহিৰে এয়াৰ ইণ্ডিয়াৰ সঞ্চালক মণ্ডলীত ‘হিন্দুস্তান ইউনিলিভাৰ’ৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু পৰিচালন সঞ্চালক সঞ্জীৱ মেহতা আৰু ‘জেনেৰেল ইঞ্চুৰেন্স কৰ্প’ৰেশ্যছনচ’ৰ প্ৰাক্তন অধ্যক্ষ এলিছ বৈদ্যনক স্বতন্ত্ৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে। ইয়াৰ উপৰি পৰিচালনাৰ ক্ষেত্ৰত জ্যেষ্ঠ পদসমূহতো যথেষ্ট সালসলনি ঘটোৱা হৈছে। আৰু এইক্ষেত্ৰত টাটা গ্ৰুপৰ অন্যান্য প্ৰতিষ্ঠান সমূহত কাৰ্যনিৰ্বাহ কৰি থকা দক্ষ বিষয়াসকলে বিমান সংস্থাটোত প্ৰাধান্য লাভ কৰিছে। উদাহৰণস্বৰূপে এয়াৰ ইণ্ডিয়াৰ মুখ্য বাণিজ্যিক বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে ‘টাটা ছনছ’ৰ ভাইচ প্ৰেছিডেণ্ট নিপুন আগৰৱালাক। তেনেদৰে মুখ্য মানৱ সম্পদ বিষয়া হিচাপে নিয়োগ কৰা হৈছে ‘টাটা ষ্টীল’ৰ সুৰেশ দত ত্ৰিপাঠীক। ইতিমধ্যে এই পদ কেইটাত থকা পূৰ্বৰ এয়াৰ ইণ্ডিয়াৰ জ্যেষ্ঠ বিষয়া ক্ৰমে মীনাক্ষী মালিক আৰু অমৃতা ছাৰণক মুখ্য কাৰ্যবাহী বিষয়াৰ উপদেষ্টা হিচাপে নতুনকৈ নিযুক্তি দিয়া হৈছে। পাছপ’ৰ্ট সেৱা কেন্দ্ৰৰ সফল ৰূপায়ণত নেতৃত্ব লোৱা টাটা কনছালটেন্সীৰ ৰাজেশ ডোগ্ৰাক অভিষিক্ত কৰা হৈছে বিমান সংস্থাটোৰ গ্ৰাহক সেৱা আৰু গ্ৰাউণ্ড হেণ্ডলিংৰ মুৰব্বী পদত। ‘টাটা ডিজিটেল’ৰ সত্য ৰামস্বামীক দায়িত্ব অৰ্পণ কৰা হৈছে এ‌য়াৰ ইণ্ডিয়াৰ চীফ ডিজিটেল এণ্ড টেকন’লজী অফিচাৰ হিচাপে। ইয়াৰ পৰা এটা অনুমান কৰিব পাৰি, যোৱা প্ৰায় সাতটা দশককাল চৰকাৰী খণ্ডত থকা ‘এয়াৰ ইণ্ডিয়া’ত এতিয়াৰে পৰা টাটা গ্ৰুপে নিজস্ব কৰ্ম-সংস্কৃতিৰ প্ৰৱৰ্তন কৰাৰ প্ৰক্ৰিয়া শীৰ্ষ পৰ্যায়ৰ পৰা আৰম্ভ কৰিছে।’এয়াৰ ইন্ডিয়া’ক অধিগ্ৰহণ কৰাৰ পৰৱৰ্তী পৰ্যায়ত টাটা গ্ৰুপে প্ৰধানকৈ চাৰিটা বিষয় যেনে বিমান সেৱাৰ পৰিসৰ বৃদ্ধি কৰা, বিমান বাহনৰ আধুনিকীকৰণ, গ্ৰাহক সন্তুষ্টি, আতিথ্যৰ ক্ষেত্ৰত উৎকৰ্ষতা সাধন আৰু তথ্য-প্ৰযুক্তিৰ প্ৰয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁলোকৰ নিজৰ কৰ্ম-কৌশলৰে ভাৰতীয়ৰ আৱেগ জড়িত থকা ‘এয়াৰ ইণ্ডিয়া’ক বিশ্বমানৰ এটা বিমান সংস্থা হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিৱদ্ধ হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More