‘এ শ্বৰ্ট এণ্ড ইনকমপ্লিট হিষ্টৰী অৱ চিনেমা ইন অসম’ শীৰ্ষক তথ্যচিত্ৰখন প্ৰদৰ্শন

তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ শিক্ষাৰ্থীৰ পদক্ষেপ

0 29

শতাব্দ প্ৰতিনিধি,তেজপুৰ,১২আগষ্ট: তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত তথা গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ সহযোগত কালি অসমীয়া বিভাগত তথ্যচিত্ৰ প্ৰদৰ্শনীৰ এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। তথ্যচিত্ৰ প্ৰদৰ্শনী অনুষ্ঠানটোত তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ শিক্ষাৰ্থীৰ দ্বাৰা নিৰ্মিত ‘এ শ্বৰ্ট এণ্ড ইনকমপ্লিট হিষ্টৰী অৱ চিনেমা ইন অসম’ শীৰ্ষক তথ্যচিত্ৰখন প্ৰদৰ্শন কৰা হয়। তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ প্ৰযোজনাত ৫৪ মিনিট দৈৰ্ঘ্যৰ তথ্যচিত্ৰখন নিৰ্মাণ কৰি উলিয়াইছে বিভাগৰ সদ্যপ্ৰাক্তন শিক্ষাৰ্থী অনুভূতি দত্ত, কল্পজ্যোতি ভূঞা, শুভম গোস্বামী আৰু ভায়লিনা লাহনে। অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° সুব্ৰতজ্যোতি নেওগে আঁতধৰা অনুষ্ঠানটোত গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ অধ্যাপক অভিজিত বৰা, সাংস্কৃতিক অধ্যয়ন বিভাগৰ সহকাৰী অধ্যাপিকা ড° মন্দাকিনী বৰুৱাকে প্ৰমুখ্য কৰি অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড° জুৰী দত্ত, জ্যোতিস্মান দাস, সুশান্ত ৰাজখোৱা আদি উপস্থিত থাকে।দেশৰ চলচ্চিত্ৰৰ ইতিহাসত প্ৰথম সবাক চলচ্চিত্ৰ নিৰ্মাণ হোৱাৰ মাত্ৰ চাৰি বছৰ পিছতে যাত্ৰা আৰম্ভ কৰা অসমৰ গৌৰৱময় চলচ্চিত্ৰ উদ্যোগৰ ৮৭ বছৰীয়া বৈচিত্ৰ্যময় তথা সোণালী যাত্ৰাৰ তথ্যপূৰ্ণ ইতিহাস সামৰি নিৰ্মাণ কৰা হৈছে এই বিশেষ তথ্যচিত্ৰখন। ৰাজ্যৰ বহুকেইজন প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা, অভিনেতা, চলচ্চিত্ৰ সমালোচকৰ সাক্ষাৎকাৰ আৰু ভাষ্যক সংৰক্ষিত ভিডিঅ’ ফুটেজৰ স’তে একত্ৰিত কৰি তথ্যচিত্ৰখনে পোনপ্ৰথমবাৰৰ বাবে ৰাজ্যত চলচ্চিত্ৰৰ সামূহিক যাত্ৰা, ইতিহাস তথা উত্তৰাধিকাৰ, প্ৰত্যহ্বান আৰু ইয়াৰ ভৱিষ্যতৰ ওপৰত গুৰুত্ব দিবলৈ চেষ্টা কৰিছে। সংৰক্ষণৰ মূল্য থকা উক্ত তথ্যচিত্ৰখনত ড° হীৰেন গোঁহাই, অপূৰ্ব শৰ্মা, জাহ্নু বৰুৱা, নিপন গোস্বামী, মলয়া গোস্বামী, প্ৰাঞ্জল শইকীয়া, সান্ত্বনা বৰদলৈ, উৎপল দত্ত, উৎপল বৰপূজাৰী, মনোজ বৰপূজাৰী, যতীন বৰা, হিমাংশু প্ৰসাদ দাস, ৰীমা দাস, কেনী বসুমতাৰী, মানস ৰবীন, ববী শৰ্মা বৰুৱা, ববিতা শৰ্মা, বিতোপন বৰবৰা, সূৰজ দুৱৰা আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিৰ সাক্ষাৎকাৰ অন্তৰ্ভুক্ত কৰা হৈছে। অনুষ্ঠানটোৰ আৰম্ভণিতে শুভেচ্ছামূলক বক্তব্য ৰাখি তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ অধ্যাপক অভিজিত বৰাই ছাত্ৰ-ছাত্ৰীৰ এনে প্ৰচেষ্টাৰ শলাগ লয়। তেওঁ লগতে কয় যে এনেধৰণৰ ভাল তথ্যচিত্ৰ বা চলচ্চিত্ৰৰ প্ৰদৰ্শনী খুউবেই প্ৰয়োজনীয় আৰু প্ৰাসংগিক। গণসংযোগ আৰু সাংবাদিকতা বিভাগে ভৱিষ্যতেও অসমীয়া বিভাগৰ স’তে এনেধৰণৰ অনুষ্ঠান আয়োজন কৰিবলৈ পালে নথৈ আনন্দিত হ’ব বুলিও তেওঁ মন্তব্য কৰে। তথ্যচিত্ৰ প্ৰদৰ্শনীৰ শেষত তথ্যচিত্ৰখন নিৰ্মাণত জড়িত থকা শিক্ষাৰ্থীসকলৰ স’তে অনুষ্ঠানটোত উপস্থিত থকা অসমীয়া বিভাগৰ শিক্ষাৰ্থীসকলৰ লগতে দৰ্শকসকলৰ এক মত-বিনিময় অনুষ্ঠানো অনুষ্ঠিত হয়। তথ্যচিত্ৰখন নিৰ্মাণত জড়িত শুভম গোস্বামীয়ে দলৰ হৈ তথ্যচিত্ৰখন নিৰ্মাণত আগবঢ়োৱা সহায় সহযোগিতাৰ বাবে অসম চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমক বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰে। অনুষ্ঠানৰ শেষত তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক তথা ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্ৰ সমালোচক ড° সুব্ৰতজ্যোতি নেওগে তথ্যচিত্ৰখনৰ উচ্চ প্ৰশংসা তথা উজ্বল ভৱিষ্যত কামনা কৰি ছাত্ৰ-ছাত্ৰীৰ এনে উচ্চ মানদণ্ডৰ প্ৰচেষ্টাৰ শলাগ লয়। ড° নেওগে অনুষ্ঠানটোত শলাগৰ শৰাই আগবঢ়াই তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগে ভৱিষ্যতেও এনেধৰণৰ অনুষ্ঠান আয়োজন কৰি থাকিব বুলি প্ৰতিশ্ৰুতি দিয়ে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More