ঐতিহ্যমণ্ডিত জোনাই প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস পালন

0 26

জোনাই, ২ মে’ : ঐতিহ্যমণ্ডিত জোনাই প্ৰেছ ক্লাৱৰ গৌৰৱোজ্জ্বল ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি বিয়লি ঙাচাৰচুক উকোমত গাম্ভীৰ্যপূৰ্ণ পৰিবেশত উদযাপনৰ কৰা হয়। প্ৰথমতে জোনাই প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাৰ পৰা আৰম্ভ কৰি এক গৰিমাময় মৰ্যাদা প্ৰদান কৰা জোনাই প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতি প্ৰয়াত চুছেন পাৱ, প্ৰাক্তন উপদেষ্টা প্ৰয়াত ডিৰাম কুম্বাং, প্ৰাক্তন উপদেষ্টা প্ৰয়াত ধৰণীধৰ নাথ, প্ৰাক্তন সভাপতি প্ৰয়াত টিকেন্দ্ৰ ফুকন আৰু প্ৰাক্তন উপ-সভাপতি প্ৰয়াত অপূৰ্ব পেগুৰ প্ৰতিছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনোৱা হয়। ইয়াৰ পিছত জোনাই প্ৰেছ ক্লাৱৰ সভাপতি ৰয়েল পেগুৱে সভাপতিত্বত কৰা তথা ভাৰপ্ৰাপ্ত সম্পাদক হৰেণ চাৰহই আঁত ধৰা সভাত ‘জোনাই প্ৰেছ ক্লাৱ আৰু সাংবাদিকৰ সামাজিক দায়বদ্ধতা’ শীৰ্ষক অন্তৰংগ আলাপ অনুষ্ঠিত কৰা হয়। অন্তৰংগ আলাপত জোনাই প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতি প্ৰদীপ গগৈয়ে জোনাই প্ৰেছ ক্লাৱৰ জন্ম ইতিহাসৰ কথা দাঙি ধৰাৰ লগতে পৰিবৰ্তিত সময়ত সাংবাদিকসকলৰ সামাজিক দায়বদ্ধতা বৃদ্ধি পোৱা বুলি মন্তব্য কৰে। বিশিষ্ট লেখক, শিল্পী, সদৌ অসম মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ইন্দ্ৰেশ্বৰ পেগুৱে জোনাই প্ৰেছ ক্লাৱৰ গৰিমাময় ইতিহাস উল্লেখ কৰি জোনাই প্ৰেছ ক্লাৱে সংবাদ সেৱাৰ লগতে সাহিত্য চৰ্চাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি মন্তব্য কৰে। তদুপৰি তেওঁ গণতান্ত্ৰিক দেশত সাংবাদিকৰ ভূমিকা অপৰিসীম বুলি মন্তব্য কৰে। মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক কুমাৰ দলেয়ে সংবাদ মাধ্যমৰ সমাজ পৰিবৰ্তনৰ ভূমিকা উল্লেখ কৰি সাংবাদিকসকল ব্যতিক্ৰমী আৰু অনুসন্ধিৎসু মনৰ হ’ব লাগিব বুলি মন্তব্য কৰে। জোনাই প্ৰেছ ক্লাৱৰ প্ৰাক্তন সহকাৰী সম্পাদক বিজয় দেউৰীয়ে নিজৰ বক্তব্যত জোনাই প্ৰেছ ক্লাৱে সীমান্তৱৰ্তী জোনাই অঞ্চলত উন্নয়নৰ সোপান গঢ়াৰ ক্ষেত্ৰত সদায়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি মন্তব্য কৰে। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মাই সমাজত নেতিবাচক তথা চাঞ্চল্য সৃষ্টি কৰা সস্তীয়া বাতৰিয়ে সাংবাদিকতাৰ পবিত্ৰতা তথা সামাজিক দায়বদ্ধতা হ্ৰাস কৰা বুলি মন্তব্য কৰে। টি এম পি কেৰ জোনাই জিলা সমিতি সম্পাদক মিগম দলেয়ে ৰূপালী জয়ন্তীৰ দুৱাৰ মুখত থকা জোনাই প্ৰেছ ক্লাৱে দায়বদ্ধতাৰে জোনাই অঞ্চলত সমাজ প্ৰগতিৰ বাট দেখুৱাই অহা বুলি মন্তব্য কৰে। সাংবাদিক বিজয় বৰিয়ে দুৰ্নীতি আৰু অনুসন্ধানমূলক বাতৰি হ্ৰাস পোৱা বুলি আক্ষেপ প্ৰকাশ কৰে। ইপিনে ৰয়েল পেগুৱে সভাপতিৰ আসনৰ পৰা কলমৰ ধাৰ বুলেটতকৈ চোকা বুলি উল্লেখ কৰি ‘সম্পাদকবিহীন সামাজিক সংবাদ মাধ্যমত সামাজিক দায়বদ্ধতা তুলনামূলকভাৱে কম’ বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। তদুপৰি সভাত জোনাই প্ৰেছ ক্লাৱৰ উপ-সভাপতি প্ৰফুল্ল কামান, প্ৰাক্তন সম্পাদক জীপেন দলে, অশোক পাৰিক, কৰবী দলেৰ লগতে জোনাই প্ৰেছ ক্লাৱৰ কৰ্মৰত সাংবাদিক আৰু প্ৰাক্তন সাংবাদিক সদস্যসকলৰ লগতে কেইবাগৰাকী বিশিষ্ট নাগৰিক ৰাইজে উপস্থিত থাকে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More