ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উচ্ছেদ অভিযান আৰম্ভ

0 15

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৮মে’ঃ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দ্বিতীয় সংযোজনত আজি পুৱাৰে পৰাই আৰম্ভ হৈছে শোণিতপুৰ আৰু দৰং প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান৷ ইয়াৰে ভিতৰত শোণিতপুৰৰ বৰছলাৰ নটা চৰত চলিছে উচ্ছেদ অভিযান৷ প্ৰায় চাৰিহেজাৰ নিৰাপত্তা ৰক্ষীৰ উপস্থিতিত ৪৯৮০ টা ঘৰ উচ্ছেদ কৰা হ’ব এই অভিযানত৷ উল্লেখযোগ্য যে,শোণিতপুৰ প্ৰশাসনে উচ্ছেদ অভিযানৰ বাবে শিঙৰীত বৃহৎ নিয়ন্ত্ৰণ কক্ষ আৰু শিৱিৰ স্হাপন কৰি শিঙৰীৰ পৰাই উচ্ছেদৰ সম্পূৰ্ণ দিশ নিয়ন্ত্ৰণ কৰিছে৷ শোণিতপুৰ আৰু দৰঙৰ বৃহৎ নিৰাপত্তাৰক্ষীৰ লোক সকল আজি পুৱাই নাৱেৰে ৰাওনা হয় চৰ অঞ্চল সমূহলৈ৷ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দ্বিতীয় সংযোজন এলেকাৰ চৰ অঞ্চল সমূহৰ ভিতৰত আজি প্ৰথম দিনা উচ্ছেদ চলে শোণিতপুৰৰ ঠেংভঙা চৰ, চৰ্দাৰ চৰ, বিশখুটি চৰ,পানচু চৰ, টেঙাগুৰী চৰত৷ ইয়াত ৩১৮৭জন বেদখলকাৰীৰ বিপৰীতে ৫১২টা ঘৰ আছে৷ দ্বিতীয় দিনা ২৯মে মুছলিম চৰ ,চাদ্দুটিলা চৰ, শিঙৰী চৰ, চিতলমাৰী চৰত চলিব উচ্ছেদ৷ ইয়াত ১৮৯৩ জন মানুহৰ বিপৰীতে ২৮৫টা ঘৰত৷ ইপিনে শোণিতপুৰৰ বৰছলাত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দ্বিতীয় সংযোজন এলেকাত চলি থকা উচ্ছেদ অভিযানৰ তদাৰক কৰিবলৈ ইয়াত আজি উপস্থিত হয়হি ৰাজ্যৰ মুখ্য বন সংৰক্ষক এম কে যাদৱ, প্ৰধান মুখ্য বন্যপ্ৰাণী সংৰক্ষক সন্দীপ কুমাৰ আৰু শোণিতপুৰৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰ৷ উল্লেখযোগ্য যে,উচ্ছেদ স্হলীলৈ কালিৰে পৰা সংবাদকৰ্মীক যোৱাৰ ক্ষেত্ৰত বাধা থকা বুলি বন বিভাগ তথা প্ৰশাসনৰ পৰা কোৱা হৈছিল যদিও পাছত আজি পুৱা একাংশ সংবাদকৰ্মীক উচ্ছেদস্হলীলৈ যোৱাৰ অনুমতি দিয়া হয়৷ উল্লেখযোগ্য যে,কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মাজত বনৰীয়া জীৱজন্তুৰ নিৰাপদ আৰু বাধাহীন অহাযোৱাৰ সুবিধাৰ বাবে এই বেদখল উচ্ছেদ কৰা হৈছে যাতে দুয়োখন ৰাষ্ট্ৰীয় উদ্যানৰ জীৱজন্তুৰ বাবে এক কৰিডৰৰ সৃষ্টি হয়৷ ইপিনে,এই উচ্ছেদৰ সময়ত বহু সংখ্যক পৰিয়ালে নিজেই বাসগৃহ ভাঙি ইয়াত থকা সা সম্পত্তি সমূহলৈ নিৰাপদ স্হানলৈ আঁতৰি যায়৷ উল্লেখযোগ্য যে আজি পুৱা প্ৰথমে বিশখুটি চৰত উচ্ছেদ অভিযান আৰম্ভ হোৱাৰ লগে লগে উচ্ছেদিত লোক সকলৰ একাংশ আঁতৰি যোৱাৰ বিপৰীতে কোলাৰ কেঁচুৱা আৰু ঘৰৰ সা সামগ্ৰী লৈ একাংশই ভাঙি যোৱা ঘৰখনলৈ অসহায় ভাবে চাই ৰয়৷ ইতিমধ্যে এই অঞ্চলসমূহত শ শ বিঘা ভূমিত মাকৈৰ খেতিৰ লগতে কলকে ধৰি বিভিন্ন খেতি কৰা পৰিয়ালৰ বহুতেই পানীৰ মটৰো স্হাপন কৰিছিল৷ উল্লেখযোগ্য যে,গৰু ম’হকে ধৰি বিভিন্ন খেতিৰে বনাঞ্চলৰ ভূমিত বাস কৰা এইসকল লোকৰ বহুসংখ্যক নগাঁও আৰু মৰিগাঁও জিলাৰ পৰা আহি ইয়াত বাস কৰিছিল৷ তদুপৰি ইয়াৰ একাংশই ছাত্ৰছাত্ৰীয়ে বৰ্তমানেও নগাঁৱৰ ঢিঙত পঢ়ি থকা বুলি সদৰী কৰে৷ উচ্চেদিত সকলক পুনৰ সংস্থাপন কৰা হ’ব বুলি চৰকাৰী ভাবে কোৱা হৈছে যদিও বৰ্তমানলৈকে উচ্ছেদিত সকল ক’লৈ যাব সেই কথা নিশ্চিত নোহোৱাত তেওঁলোকৰ মাজত চৰম অনিশ্চয়তাই বিৰাজ কৰিছে৷ এনে অৱস্থাত বহু সংখ্যক উচ্ছেদিতই নদীৰ পাৰত বা আন চৰত আশ্ৰয় ল’বলগীয়া হ’ব বুলি প্ৰকাশ কৰাৰ বিপৰীতে আন একাংশই কয় যে,তেওঁলোকে এই চৰ সমূহত ৪০বছৰ ধৰি বসবাস কৰি আছে আৰু তেওঁলোক বৰছলা বিধান সভা সমষ্টিৰে ভোটাৰ৷ এনে স্হলত উচ্ছেদৰ পাছত তেওঁলোকে বসবাস কৰিবলৈ আন কতো ভূমি নাই বুলি উল্লেখ কৰি তেওঁলোকৰ সংস্হাপনৰ বাবে চৰকাৰে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলিও কয়৷ উল্লেখযোগ্য যে,শোণিতপুৰৰ হ’লেও এইসকল চৰ চাপৰিৰ লোকৰ অধিকাংশই নগাঁৱৰ লগতে অধিক সম্পৰ্ক ৰক্ষা কৰি চলে আৰু চাইকেলৰে নগাঁৱলৈ যাতায়াত কৰে৷উল্লেখ্য যে চাৰিদিন ধৰি চলিব লগীয়া অভিযানত মুঠ ২১ হেজাৰ বিঘা মাটি বেদখল মুক্ত কৰা হ’ব৷ ইয়াৰে ভিতৰত ১১হেজাৰ ভূমি শোণিতপুৰৰ আৰু ১০হেজাৰ বিঘা দৰঙৰ৷ ৮৯বৰ্গ কিলোমিটাৰৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনৰ দ্বিতীয় সংযোজনত আৰম্ভ হোৱা এই উচ্ছেদ অভিযানৰ প্ৰথম দিনটো শান্তিপূৰ্ণ ভাবেই অতিবাহিত হয় বুলি প্ৰশাসনে প্ৰকাশ কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More