ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
শতাব্দ প্ৰতিনিধি, তেজপুৰ ,৮জুন: তেজপুৰত আদালতত ৩ বন্যপ্ৰাণী চিকাৰী। চাৰিদিনৰ পূৰ্বে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা ঢেকীয়াপতীয়া বাঘ হত্যা কৰি বৰছলাৰ দুই নম্বৰ বছা শিমলুত পুতি থৈছিল। এই ঘটনাৰে জড়িত তিনি অভিযুক্ত আজিবুৰ ৰহমান, হাছমত আলি আৰু মহম্মদ এম এলক কালি বন বিভাগৰ এটা দলে মৰিগাঁৱত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে। ধৃত তিনিওকে আজি বিয়লি তেজপুৰ আদালতত হাজিৰ কৰোৱা হয়। আদালতে তিনিওকে ন্যায়িক জিন্মালৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে। বাঘ হত্যাৰে জড়িত আৰু দুজন লোক সম্প্ৰতি পলাতক অৱস্থাত আছে বুলি জানিবলৈ দিছে বন বিভাগে।
পূৰ্বৱৰ্তী লেখা