ককা-আইতাই খুন্দনাত তামোল খুন্দি মুঢ়াত বহি ক’লে সাধু

"সাধুকথা সজ কথা, লক্ষ্য আমাৰ জগত সভা" শীৰ্ষক অনুষ্ঠানত শিশুৰ মুখৰ সাধুৰে জীপাল হ'ল তেজপুৰ সাহিত্য সভা ভৱন

0 71

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ১৯ মাৰ্চঃ প্ৰতিকূল বতৰৰ মাজতো শতাধিক শিশুৰ মুখৰ সাধুৰ লগতে ককা – আইতা কোৱা সজ কথা আৰু সাধুৰে আজি পুৱাৰ পৰা জীপাল হৈ পৰিল তেজপুৰ সাহিত্য সভা ভৱন। ২০ মাৰ্চ অৰ্থাৎ কাইলৈ বিশ্ব সাধুকথা দিৱসৰ লগত সংগতি ৰাখি আজি তেজপুৰ সাহিত্য সভাই কুঁহি উপ সমিতিৰ সহযোগত আয়োজন কৰা “সাধুকথা সজ কথা লক্ষ্য আমাৰ জগত সভা” শীৰ্ষক অকণিৰ মুখৰ সাধু শুনা অনুষ্ঠানত বহুকেইগৰাকী আইতা আৰু ককায়েও সাধু কৈ অনন্য পৰিৱেশৰ সূচনা কৰি তুলিলে তেজপুৰ সাহিত্য সভা ভৱন ।IMG 20230319 WA0078 তেজপুৰৰ বিভিন্ন প্ৰান্তৰ শতাধিক শিশু, অভিভাৱক আৰু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত কেবাগৰাকীও আইতাই মুঢ়াত বহি খুন্দনাত তামোল খুন্দি তাহানিৰ এক পৰিৱেশৰ মাজত এগৰাকীৰ পিছত সিগৰাকী শিশুৱে কৈ যোৱা বিভিন্ন ৰসাল আৰু বিশেষ কাহিনীৰ বাৰ্তাবাহী সাধুৱে উপস্থিত বিশিষ্টজনকো আপ্লুত কৰি তোলে। উল্লেখ্য যে, তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বৰুৱাই আৰম্ভণিতে বিশ্ব সাধুকথা দিৱস আৰু তেজপুৰ সাহিত্য সভাৰ উদ্দ্যেশৰ কথা সদৰী কৰি আৰম্ভ কৰা অনুষ্ঠানটিৰ প্ৰাকমুহূৰ্তত অকণি সকলে মাংগলিক শ্লোক পৰিৱেশনৰ মাজত বন্তি প্ৰজ্বলন কৰে। আনহাতে বিশিষ্ট শিক্ষাবিদ ড° সতীশ চন্দ্ৰ ভট্টাচাৰ্য, তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতা, উপ সভাপতি নবীন চন্দ্ৰ লহকৰ, বিশিষ্ট সমাজকৰ্মী তৰুণ লহকৰ, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰধান সম্পাদিকা মনোমতী কুৰ্মী, বাণ থিয়েটাৰৰ সাধাৰণ পৰিচালক ভূপেন শৰ্মা, সমাজকৰ্মী মুকুল গোস্বামী, ভাৰত চন্দ্র শইকীয়াৰ লগতে একাংশ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এই অনুষ্ঠানতে ককা ৰূপী অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপসভাপতি তথা বিশিষ্ট অভিনেতা মৃগেন চন্দ্র বড়াই অকণিৰ সন্মুখত ৰসাল কথাৰে সাধু কৈ সমগ্ৰ অনুষ্ঠানটি ৰসময় কৰি তোলে। আশাব্যঞ্জক দিশ যে প্ৰতিকূল বতৰকো নেওচি সমবেত হোৱা অকণি সকলৰ সন্মুখত মুঢ়াত বহি আইতা, বিশিষ্ট লেখিকা মায়া শৰ্মা, প্ৰবীণ অভিনেত্ৰী তৰুলতা দাস, বিশিষ্ট অভিনেত্ৰী ডাঃ জাহানাৰা বেগম, বিশিষ্ট সমাজকৰ্মী মিনাক্ষী শৰ্মা, প্ৰবীণ কন্ঠশিল্পী কল্পনা কলিতা, তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি ৰুমা দেৱী, মণিমালা শইকীয়া আদিয়ে কুঁহি উপসমিতিৰ আহ্বায়ক নমিতা লহকৰৰ পৰিচালনাত শিশু সকলৰ সন্মুখত এনেদৰে সাধু কোৱাৰ লগতে নানা সজ কথাৰে শিশুসকলক নীতিশিক্ষা প্ৰদান কৰে। শেহতীয়াকৈ বহু চৰ্চিত “অনুৰ” চিনেমাত এগৰাকী বৃদ্ধাৰ মুখ্য চৰিত্ৰত অভিনয় কৰা বিশিষ্ট অভিনেত্ৰী ডাঃ জাহানাৰা বেগমে আজিৰ অনুষ্ঠানটিত অকণিৰ সন্মুখত এগৰাকী আইতাৰ ভূমিকাত অৱতীৰ্ণ হৈ বাহঁৰে নিৰ্মাণ কৰা মুঢ়াত বহি অকণিহঁতক সমাজৰ এগৰাকী ভাল মানুহ হ’বলৈ সৰুৰে পৰা কি কি গুণৰ অধিকাৰী হ’ব লাগিব তাক বিশদভাৱে আলোকপাত কৰি নৈতিকতা সম্পন্ন আৰু মূল্যবোধৰ গৰাকী হ’বলৈ বহু সজ কথাৰ বিষয়বস্তু থকা সাধু পঢ়াৰ অভ্যাস গঢ়ি তুলিবলৈ আহ্বান জনায়। আনহাতে তেজপুৰৰ প্ৰবীণ লেখিকা মায়া শৰ্মাই অনুষ্ঠানটিত উপস্থিত থকা অভিভাৱক সকলক উদ্দেশ্যি বিশেষ ভাৱে ভাষণ প্ৰদান কৰি শিশুসকলক মুক্ত ভাৱে খেলা ধূলাৰ মাজেৰে ডাঙৰ হ’বলৈ এৰি দিব লাগে বুলি মন্তব্য কৰি প্ৰতিটো কথাতে বাধ্য বাধকতা আৰু শিক্ষাৰ নামত অত্যধিক হেঁচা নিদিবলৈ আহ্বান জনায়। আনহাতে আজিৰ এই অনুষ্ঠানত তেজপুৰৰ “নৱপ্ৰভাত শিশু গৃহ”ৰ কেবাগৰাকীও শিশুৱে অংশগ্ৰহণ কৰি তাৰ মাজৰে এগৰাকীয়ে “আইতা” ৰ ভূমিকা পালন কৰি সাধুৰ ওপৰত এখন নাটিকা পৰিৱেশন কৰি উপস্থিত ৰাইজক মুগ্ধ কৰি তোলে। অনুষ্ঠানটিত তেজপুৰ সাহিত্য সভাৰ সম্পাদক দ্বীজেন নাথ, সহকাৰী সম্পাদক পল্লৱ ভট্টাচাৰ্য্য, কাৰ্যনিৰ্বাহক সদস্য মহেন্দ্ৰ কুমাৰ নাথ, বিশ্বজিৎ বড়োৰ জৰিয়তে সকলো অংশগ্ৰহণকাৰীকে একোখনকৈ সাধু কথা আৰু তেজপুৰ সাহিত্য সভাৰ মানপত্ৰ প্ৰদান কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More