কটন বিশ্ববিদ্যালয়ত আলোচনা সত্ৰ সম্পন্ন

লিপিৰ বৈজ্ঞানিক অধ্যয়ন আমাৰ স্বাভিমানৰ বিষয় : ড° কুলধৰ শইকীয়া

0 188

গুৱাহাটী, ২৭ জানুৱাৰী : লিপিৰ বৈজ্ঞানিক অধ্যয়ন আমাৰ স্বাভিমানৰ বিষয় ৷ প্ৰাচীন শিলালিপি, তাম্ৰলিপি, মূৰ্তি, সাঁচিপাত, আদিৰ ভিত্তিত কেনেদৰে অসমীয়া লিপি ক্ৰম বিৱৰ্তনৰ মূৰকত আজিৰ আকৃতি লৈছে সেই সন্দৰ্ভত বিশ্লেষণৰ বৰ প্ৰয়োজন হৈ পৰিছে ৷ আজি অসম সাহিত্য সভাৰ উদ্যোগত কটন বিশ্ববিদ্যালয়ৰ সহযোগত আয়োজিত এক অনুষ্ঠানত সভাপতিৰ আসনৰ পৰা সভাৰ সভাপতি ড° কুলধৰ শইকীয়াই এইদৰে কয় ৷ ভাষণ প্ৰসংগত ড° শইকীয়াই কয় -বিভিন্ন স্থানত আবিস্কৃত মহাস্থানগড়, উমাচললিপি, আদিৰ দ্বাৰা এই কথা প্ৰতিপন্ন হয় যে অসমীয়া ভাৰতৰ অন্যতম প্ৰাচীন লিপি ৷ দীক্ষিতা পাঠকে আঁত ধৰা আজিৰ অনুষ্ঠানটো আজি উদ্বোধন কৰে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° প্ৰমোদ ডেকাই ৷ আজিৰ অনুষ্ঠানত ড° অমৰজ্যোতি চৌধুৰীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ৷ অনুষ্ঠানত ত্ৰিদীপ ভাগৱতী, ঋতুৰাজ আদিৰ লগতে কেবাগৰাকী লিপি বিশেষজ্ঞই ভাষণ আগ বঢ়ায় ৷ আজিৰ অনুষ্ঠানতে অশোক শৰ্মাই পৰিচালনা কৰা ’অসমীয়া লিপিৰ ক্ৰমবিকাশ’ শীৰ্ষক তথ্যচিত্ৰ এখন মুকলি কৰা হয় ৷ এই তথ্য চিত্ৰই ইউনিকোডত অসমীয়া লিপিৰ স্বতন্ত্ৰ স্থানত প্ৰতিষ্ঠা কৰাত সহায়ক হ’ব বুলি আশা কৰা হৈছে৷ অসম সাহিত্য সভাই প্ৰথম বাৰৰ বাবে অসমীয়া লিপিৰ প্ৰাচীনতা সম্পৰ্কত এক সম্যক ধাৰণা দিবলৈ সক্ষম হৈছে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More